ETV Bharat / state

Assam Flood Update: মৃত্যু হোৱা লোকৰ সংখ্যা 3 জনলৈ বৃদ্ধি, বিপদসীমাৰ ওপৰেদি বৈছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ - Affected Across 19 Districts

ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি ৷ শনিবাৰে বানত মৃত্যু হয় এজন লোকৰ ৷ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে উল্লেখ কৰা অনুসৰি নিহত লোকজন নলবাৰীৰ ৷ ইফালে মানস, পগলাদিয়া, পুথিমাৰী নৈৰ জলস্তৰ কিছু হ্ৰাস পাইছে যদিও এতিয়াও বিপদসীমাৰ ওপৰেদি বৈছে ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ ৷

Assam Flood Report
ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি
author img

By

Published : Jun 25, 2023, 9:38 AM IST

বছৰৰ প্ৰথমটো বানত ৰাজ্যত 3 গৰাকী লোকৰ মৃত্যু

নিউজ ডেস্ক, 25 জুন : বিগত কিছুদিন ধৰি ৰাজ্যত হৈ থকা মুষলধাৰ বৰষুণৰ ফলত বানে লৈছে সংহাৰী ৰূপ ৷ বানৰ কৱলত পৰি এতিয়া দিশহাৰা হৈছে বন্যাৰ্ত ৷ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে দৈনিক বান প্ৰতিবেদনত নিশ্চিত কৰা তথ্য অনুসৰি শনিবাৰে ৰাজ্যখনত পুনৰ বানত এজন লোকৰ মৃত্যু হয় ৷ ইয়াৰ লগতে অসমত বানত মৃত্যু হোৱা লোকৰ সংখ্যা 3 জনলৈ বৃদ্ধি পাইছে ৷

এই প্ৰতিবেদন মতে, ৰাজ্যখনত শেহতীয়াকৈ বানত 407771 জন লোক প্ৰভাৱাম্বিত হৈছে ৷ ইয়াৰে ভিতৰত 187114 জন পুৰুষ, 167538 গৰাকী মহিলা আৰু 53119 টা শিশু বুলি জানিব পৰা গৈছে । অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ বিভাগে শনিবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, এই বানত ৰাজ্যখনৰ 15 খন জিলাৰ 42 টা ৰাজহ চক্ৰৰ 1118 খন গাঁও প্ৰভাৱিত হৈছে ।

Assam Flood Report
ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি

আনকি বানৰ ফলত 8469.56 হেক্টৰ কৃষিভূমি নষ্ট হৈছে ৷ সম্প্ৰতি বানৰ কৱলত থকা জিলা কেইখন হ’ল - বজালী, বাক্সা, বৰপেটা, চিৰাং, দৰং, ধুবুৰী, ডিব্ৰুগড়, গোৱালপাৰা, গোলাঘাট, যোৰহাট, কামৰূপ, লখিমপুৰ, নগাঁও, নলবাৰী আৰু তামুলপুৰ জিলা ৷

ইফালে বানাক্ৰান্ত লোকৰ সাহাৰ্যাৰ্থে চৰকাৰে মুঠ 220 টা সাহায্য শিবিৰ আৰু সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰা হৈছে ৷ ইয়াৰ ভিতৰত 101 টা সাহায্য শিবিৰ আৰু 119 টা হৈছে সাহায্য বিতৰণ কেন্দ্ৰ । শিবিৰসমূহত বৰ্তমান 81352 জন লোকে আশ্ৰয় গ্ৰহণ কৰি আছে ৷ ইয়াৰে ভিতৰত পুৰুষৰ সংখ্যা 35673 জন, মহিলা 41283 গৰাকী আৰু 4318 টা শিশু বুলি তথ্য লাভ কৰা হৈছে ৷

আনকি শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি বান সাহায্য শিবিৰত থকা গৰ্ভৱতী মহিলাৰ সংখ্যা 49 গৰাকী আৰু বিশেষভাৱে সক্ষম লোক আছে মুঠ 29 গৰাকী ৷

লগতে পঢ়ক : Flood Situation in Assam: বানৰ কৱলত প্ৰায় ৪.৮৯ লাখ লোক, মৃত্যুৰ সংখ্যা ২ জনলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.