ETV Bharat / state

Assam Flood Report: ৰাজ্যৰ পাঁচখন জিলাত বান পৰিস্থিতিৰ অৱনতি; 34 হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত - শিৱসাগৰ

ৰাজ্যত পুনৰ বান পৰিস্থিতিৰ অৱনতি ঘটিছে ৷ 24 ঘণ্টাত ৰাজ্যৰ পাঁচখন জিলাৰ বিভিন্ন গাঁও বানৰ কৱলত ৷ বিশ্বনাথ, ধেমাজি, যোৰহাট, লখিমপুৰ আৰু শিৱসাগৰ বান পৰিস্থিতি উন্নত হোৱা নাই ৷

Assam Flood Report
পাঁচখন জিলাত বানৰ পৰিস্থিতি অৱনতি
author img

By

Published : Jul 9, 2023, 8:39 PM IST

Updated : Jul 9, 2023, 9:24 PM IST

নিউজ ডেস্ক, 9 জুলাই: অসমৰ কেইবাটাও স্থানত বৰষুণৰ মাত্ৰা বৃদ্ধি পোৱাৰ ফলত পুনৰ বান পৰিস্থিতিৰ অৱনতি ঘটিছে ৷ ৰাজ্যৰ কেইবাখনো জিলা বানৰ কৱলৰ পৰা মুক্ত হৈছিল যদিও পুনৰ সেই জিলাসমূহ বানৰ কবলত পৰা পৰিলক্ষিত হৈছে ৷ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে দেওবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি বিগত 24 ঘণ্টাত ৰাজ্যৰ পাঁচখন জিলাৰ বিভিন্ন গাঁও বানৰ কৱলত আছে ৷

বিশ্বনাথ, ধেমাজি, যোৰহাট, লখিমপুৰ আৰু শিৱসাগৰ জিলাৰ বিভিন্ন অঞ্চল এতিয়াও বানত ডুব গৈ আছে ৷ এই পাঁচখন জিলাৰ মুঠ 13 টা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত 111 খন গাঁও বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে ৷ দুদিন ধৰি বৰষুণৰ বাবে ৰাজ্যৰ কেইবাটাও স্থানত এতিয়া বান পৰিস্থিতি অধিক অৱনতি ঘটিছে ৷

তথ্য অনুসৰি বিগত 24 ঘণ্টাত বিশ্বনাথ, যোৰহাট, লখিমপুৰ আৰু শিৱসাগৰ জিলাত মুঠ 17 টা সাহায্য শিবিৰ বৰ্তমানেও সক্ৰিয় হৈ আছে ৷ আনহাতে বানৰ ফলত বিগত 24 ঘণ্টাত 18,268 টা বিভিন্ন পশুধন ক্ষতিগ্ৰস্ত হৈছে ৷ উল্লেখ্য যে বৰ্তমান দিচাং নদী আৰু ব্ৰহ্মপুত্ৰ বিপদ সীমাৰ ওপৰেৰে হৈ আছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধাৰাষাৰ বৰষুণৰ বাবে পুনৰ অচলাৱস্থা হৈ পৰিছে ৷

Assam Flood Report
পাঁচখন জিলাত বানৰ পৰিস্থিতি অৱনতি

ইফালে বিশ্বনাথ, ধেমাজি, যোৰহাট, লখিমপুৰ আৰু শিৱসাগৰ জিলাত মুঠ 34,933 গৰাকী লোক বানৰ ফলত প্ৰভাৱিত হৈছে ৷ ইয়াৰ ভিতৰত আছে 16,586 গৰাকী পুৰুষ, 13,551 গৰাকী মহিলা আৰু 4,796 গৰাকী শিশু ৷ ইয়াৰ লগতে এই পাঁচখন জিলাত 1068.40 হেক্টৰ বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে ৷

কেইদিনমান বতৰ ফৰকাল হোৱাত ৰাজ্যখনত বান পৰিস্থিতি উন্নত হৈছিল ৷ কিন্তু ঠায়ে ঠায়ে দুদিন ধৰি হোৱা বৰষুণৰ ফলত পুনৰ ফেনে ফুটুকাৰে বৃদ্ধি পাইছে নদীসমূহৰ জলস্তৰ ৷

লগতে পঢ়ক: Heavy Rainfall in North India : উত্তৰ ভাৰতত তীব্ৰ বৰষুণত নিহত ১৪; হিমাচল সৰ্বাধিক ক্ষতিগ্ৰস্ত

Last Updated : Jul 9, 2023, 9:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.