ETV Bharat / state

ৰাজ্যত বানত মৃতকৰ সংখ্যা 24 জনলৈ বৃদ্ধি

কাজিৰঙা আৰু ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বিস্তৃৰ্ণ অঞ্চল বৰ্তমানো জলমগ্ন হৈ আছে ৷ ৰাষ্ট্ৰীয় উদ্যান দুখনৰ বন্য প্ৰাণীয়ে নিৰাপদ স্থানৰ সন্ধানত যাত্ৰা কৰিছে ওখ স্থানলৈ ৷

ASSAM FLOOD OVERALL
ৰাজ্যত বানত মৃতকৰ সংখ্যা 24 জনলৈ বৃদ্ধি
author img

By

Published : Jun 30, 2020, 1:28 PM IST

নিউজ ডেস্ক, 30 জুন : ৰাজ্যত মঙলবাৰৰ পুৱা পৰ্যন্ত বানত মৃত্যু হৈছে 24 জন লোকৰ ৷ আনহাতে ক্ষতিগ্ৰস্ত হৈছে 23 খন জিলাৰ 72 টা ৰাজহ চক্ৰৰ 2,400 খন গাঁৱৰ 12,02,773 জন লোক ৷ বৰ্তমানলৈ অসমত বানৰ কৱলত পৰিছে ধেমাজি,লখিমপুৰ,বিশ্বনাথ,নলবাৰী,বৰপেটা,নগাঁও,চিৰাং,গোলাঘাট, যোৰহাট,মাজুলী,শিৱসাগৰ,ডিব্ৰুগড়ৰ,তিনিচুকীয়া,কোকৰাঝাৰ,গোৱালপাৰা, কামৰূপ,কামৰূপ গ্ৰাম্য,দৰং,বঙাইগাঁও,দক্ষিণ শালমাৰা,ধুবুৰী,মৰিগাঁও,পশ্চিম কাৰ্বি আংলং জিলাৰ বিস্তৃৰ্ণ অঞ্চল ৷ ৰাজ্যিক দুৰ্যোগ প্ৰশমণ বিভাগে প্ৰকাশ কৰে এই তথ্য ৷ কাজিৰঙা আৰু ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বিস্তৃৰ্ণ অঞ্চল বৰ্তমানো জলমগ্ন হৈ আছে ৷ ৰাষ্ট্ৰীয় উদ্যান দুখনৰ বন্য প্ৰাণীয়ে নিৰাপদ স্থানৰ সন্ধানত যাত্ৰা কৰিছে ওখ স্থানলৈ ৷ বহু স্থানত ঘাইপথৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথটো আশ্ৰয় লৈছে বন্য প্ৰাণীয়ে ৷

ৰাজ্যত বানত মৃতকৰ সংখ্যা 24 জনলৈ বৃদ্ধি

ৰাজ্যত বৰ্তমানো বৃদ্ধি পাই আছে নদীৰ জলস্তৰ ৷ যোৰহাটৰ নিমাতিঘাট, তেজপুৰ, গুৱাহাটী, গোৱালপাৰা, ধুবুৰীত ব্ৰহ্মপুত্ৰ নদী, ডিব্ৰুগড়ৰ চেনীমাৰী বুঢ়ীদিহিং, গোলাঘাটৰ নুমলীগড়ত ধনশিৰি, শোণিতপুৰত জীয়া ভৰলী, নগাঁও কামপুৰত কপিলী, কামৰূপত পুথিমাৰী, নলবাৰীত পগলাদিয়া আৰু বৰপেটাত বেঁকী নৈ জলস্তৰ বিপদসীমাৰ ওপৰেদি বৈছে বুলি প্ৰকাশ কৰে ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে ৷ আনহাতে ডিব্ৰুগড় জিলাৰো মূল চহৰৰ 22 টা ৱাৰ্ড বৰ্তমান বানৰ কৱলত পৰিছে ৷

আনহাতে সোমবাৰে বলিয়া বানে দৰং জিলাত প্ৰায় 26 টা মথাউৰি উটুৱাই নিয়ে ৷ ইয়াৰ ফলত নদীৰ বাঢ়নী পানীয়ে জলমগ্ন কৰে কেইবাখনো গাঁও ৷ ধুবুৰীত 9 টা, বৰপেটাত 4 টা, বঙাইগাঁৱত 9টা আৰু মাজুলীত 3 টা ঘাইপথ বৰ্তমান বানত বুৰ গৈছে ৷ যাৰ বাবে জিলাকেইখনত বিভিন্ন স্থানৰ মাজত যোগাযোগ ব্যৱস্থা বিচিন্ন হৈ পৰিছে ৷

ASSAM FLOOD OVERALL
ৰাজ্যত বানত মৃতকৰ সংখ্যা 24 জনলৈ বৃদ্ধি

বানত আশ্ৰয়হীন হোৱা লোকক সাহাৰ্য প্ৰদানৰ কাৰণে প্ৰশাসনে বৰ্তমানলৈ 144 টা সাহাৰ্য শিবিৰ স্থাপন কৰিছে আৰু পুৱা পৰ্যন্ত প্ৰায় 29,452 জনে এই শিবিৰত আশ্ৰয় লৈছে ৷ একেদৰে ৰাজ্যত প্ৰায় 28 খন জিলাৰ 90 টা ৰাজহ চক্ৰৰ 1,24,097.12 হেক্টৰ কৃষিভূমি বানৰ কৱলত পৰিছে ৷ প্ৰশাসনে ক্ষতিগ্ৰস্ত লোকৰ সাহাৰ্যৰ্থে 270 টা সাহাৰ্য শিবিৰ স্থাপন কৰিছে ৷ উল্লেখ্য যে, 22 মে'ত ৰাজ্যত আহিছিল প্ৰথমটো বান ৷

লগতে পঢ়ক : কোৱাৰেন্টাইন চেন্টাৰলৈ যোৱা যুৱকক মাৰপিটৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.