ETV Bharat / state

বান সমস্যা সমাধানক লৈ একত্ৰিত যুৱ সমাজৰ পৰিকল্পনা

author img

By

Published : Oct 16, 2020, 5:12 PM IST

ছয় বছৰৰ ভিতৰত উপনদী সমূহ খন্দোৱাৰ কাম ক্ষীপ্ৰতাৰে কৰাৰ বাবে ৰাজহ,বন,কৃষি,জলসম্পদ আৰু মীন বিভাগক একত্ৰিত কৰি এজন দক্ষ মন্ত্ৰীৰ হাতত দায়িত্ব ন্যস্ত কৰিব লাগিব ৰাজ্য চৰকাৰে ৷

assam  flood control plan all assam akotirito satra parishad
ৰাজ্যৰ বান সমস্যা সমাধানকলৈ একত্ৰিত যুৱ সমাজৰ পৰিকল্পনা প্ৰস্তুত

গুৱাহাটী,16অক্টোবৰঃ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বানপানী সমস্যাক লৈ সদৌ অসম একত্ৰিত যুৱ সমাজৰ সংবাদমেল ৷ অসমৰ বান সমস্যা সমাধানৰ বাবে সংবামেলযোগে একত্ৰিত যুৱ সমাজৰ চৰকাৰলৈ আহ্বান৷ “ চৰকাৰে উপনদী সমূহ খন্দোৱাৰ বাবে দুবছৰৰ ভিতৰত জৰীপ আৰু বৃহৎ আঁচনি প্ৰস্তুত কৰিব লাগিব ৷ ছয় বছৰৰ ভিতৰত উপনদী সমূহ খন্দোৱাৰ কাম ক্ষীপ্ৰতাৰে কৰাৰ বাবে ৰাজহ,বন,কৃষি,জলসম্পদ আৰু মীন বিভাগক একত্ৰিত কৰি এজন দক্ষ মন্ত্ৰীৰ হাতত দায়িত্ব ন্যস্ত কৰিব লাগিব ৷ ইয়াৰ উপৰিও উপনদীসমূহৰ পৰা খান্দি পেলোৱা মাটি অংশ দুয়োপাৰে পেলাই তাত সংশ্লিষ্ট বিভাগসমূহে নিজস্ব আঁচনি ৰূপায়ণৰ ব্যৱস্থা হাতত ল’ব লাগিব ৷ এনে কৰিলে অসমৰ লাখ লাখ নিবনুৱাই কৰ্মসংস্থাপন লাভ কৰাৰ লগতে প্ৰতি বছৰে অসমে ভুগি অহা বান সমস্যাও লাঘৱ হ’ব ৷”

উল্লেখযোগ্য যে,শুকুৰবাৰে গুৱাহাটী প্ৰেছক্লাৱত আয়োজন কৰা সংবাদমেলযোগে একত্ৰিত যুৱ সমাজৰ আহ্বান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ- “ পুৰণি চিন্তা পৰিহাৰ কৰি নতুন চিন্তাৰে এখোজ আগুৱাই গৈ দেশৰ দহখন ৰাজ্যৰ ভিতৰত অসমক শীৰ্ষ স্থানত অধিষ্ঠিত কৰিবলৈ বান সমস্যাটো সমাধান কৰাৰ বাবে উপনদী সমূহ খন্দোৱাৰ বৃহৎ আঁচনি ৰূপায়ণ কৰি ৰাজ্যখনক এখন অৰ্থনৈতিকভাৱে শক্তিশালী ৰাজ্য হিচাপে বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰক ৷”

লগতে পঢ়কঃ কৰিমগঞ্জত বোৱাৰীৰ ৰহস্যজনক মৃত্যুক লৈ চাঞ্চল্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.