ETV Bharat / state

Weather Warning: ১২ জুলাইলৈ ৰাজ্যত অব্যাহত থাকিব বৰষুণৰ প্ৰকোপ

বতৰ বিজ্ঞান কেন্দ্ৰৰ ভৱিষ্যদ্বাণী ৷ ১২ জুলাইলৈ সমগ্ৰ ৰাজ্যতে বৰষুণৰ প্ৰকোপ অব্যাহত থাকিব ৷ ১২ জুলাইলৈকে ৰাজ্যজুৰি ‘য়েল্ল”( yellow ) এলাৰ্ট ঘোষণা ৷ দিচাং নৈৰ জলস্তৰে বিপদসীমা অতিক্ৰম কৰি আছে ৷

Weather Warning
১২ জুলাইলৈ ৰাজ্যত অব্যাহত থাকিব বৰষুণৰ প্ৰকোপ
author img

By

Published : Jul 10, 2023, 8:32 PM IST

নিউজ ডেস্ক,10 জুলাই: বতৰ বিজ্ঞান কেন্দ্ৰৰ ভৱিষ্যদ্বাণী ৷ আগন্তুক ১২ জুলাইলৈ সমগ্ৰ ৰাজ্যতে বৰষুণৰ প্ৰকোপ অব্যাহত থাকিব ৷ ঠায়ে ঠায়ে ধাৰাষাৰ বৰষুণ, বিজুলী ঢেৰেকনী হোৱাৰ সম্ভাৱনা আছে বুলি সদৰী কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ৷ ইতিমধ্যে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত হোৱা বৰষুণৰ ফলত পুনৰ নৈ উপনৈসমূহৰ জলস্তৰ বৃদ্ধি পাইছে ৷ ফলত পুনৰ ন ন অঞ্চল বানত প্লাৱিত হৈছে । বিশেষকৈ দিচাং নৈৰ জলস্তৰে বিপদসীমা অতিক্ৰম কৰি আছে । তেজপুৰ আৰু নিমাতী ঘাটত ব্ৰহ্মপুত্ৰ বিপদসীমাৰ ওপৰেৰে ‌বৈ আছে ।‌ তিনিখন জিলাৰ শতাধিক গাঁৱৰ প্রায় ৬৫ হেজাৰ লোক সম্প্ৰতি বানৰ কবলত আছে ।

বিশেষকৈ বিশ্বনাথ, ধেমাজি আৰু লখিমপুৰত বান পৰিস্থিতিয়ে পুনৰ জটিল ৰূপ ধাৰণ কৰিছে। কেন্দ্রীয় জল আয়োগে শেহতীয়াকৈ প্ৰকাশ কৰা তথ্য অনুসৰি শিৱসাগৰৰ নঙলামূৰাঘাটত দিচাং নৈ বিপদসীমাৰ ০.৪ মিটাৰ ওপৰেৰে বৈ আছে । তদুপৰি তেজপুৰত ব্ৰহ্মপুত্ৰ ০.৪৭ মিটাৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে । গুৱাহাটীৰ বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সোমবাৰৰ পৰা অসমত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণৰ কবলত পৰিব বুলি বতৰৰ পূৰ্বানুমান কৰি ‘অ’ৰেঞ্জ এলাৰ্ট’ জাৰি কৰিছে ।

আনহাতে ১২ জুলাইলৈকে ৰাজ্যজুৰি ‘য়েল্ল”(yellow ) এলাৰ্ট ঘোষণা কৰা হৈছে। বংগোপ সাগৰৰ পৰা বায়ুমণ্ডলৰ নিম্নস্তৰত শক্তিশালী দক্ষিণাভিমুখ, দক্ষিণ-পশ্চিমাভিমুখ বতাহ বলি থকাৰ ফলত পাঁচ দিনলৈ উত্তৰ-পূব ভাৰতলৈ জলীয় বাষ্পৰ অনুপ্ৰৱেশ ঘটি থাকিব । ইয়াৰ প্ৰভাৱত ৰাজ্যৰ বিস্তীর্ণ অঞ্চলত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ অহাৰ সম্ভাৱনা আছে । আগন্তুক ২৪ ঘণ্টাত অসমৰ প্ৰায় সকলো ঠাইতে বিজুলী-ঢেৰেকেনিসহ পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ লগতে ঠায়ে ঠায়ে বজ্রপাতসহ প্রবল বৰষুণ অহাৰ সম্ভাৱনা আছে ।

বিগত ২৪ ঘণ্টাত উত্তৰ অসম আৰু উজনি অসমৰ কেইবাটাও স্থানত প্রবল বৃষ্টিপাত হয় । লখিমপুৰত ১৪০ মিঃমিঃ, নাজিৰাত ১১০ মিঃমিঃ, মাজুলীত ৯০ মিঃমিঃ, চিলাপথাৰত ৯০ মিঃমিঃ, উত্তৰ লখিমপুৰত ৮০ মিঃমিঃ আৰু গহপুৰত ৭০ মিঃমিঃ বৰষুণ হয়। অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জনোৱা মতে, বিশ্বনাথ, ধেমাজি আৰু লখিমপুৰসহ তিনিখন জিলাৰ ১২৪ খন গাঁও সম্প্রতি বানৰ কবলত। বানত প্ৰভাৱিত হৈছে ৬৫ হেজাৰ ৭৭০ লোক। বিশেষকৈ ধেমাজি আৰু লখিমপুৰত পুনৰ বান পৰিস্থিতি গুৰুতৰ হৈ পৰিছে। ধেমাজিৰ ৩৩খন গাঁৱৰ প্ৰায় ১২ হেজাৰ আৰু লখিমপুৰৰ ৩৬খন গাঁৱৰ প্ৰায় চাৰে সাত হেজাৰ লোক সম্প্রতি বানৰ ফলত প্ৰভাৱিত হৈছে। লখিমপুৰৰ কদমত এটা আশ্রয় শিবিৰত ১৫জন বন্যার্তই আশ্রয় ল’বলগীয়া হৈছে।

লগতে পঢ়ক:Weather Warning: ধেমাজি, লখিমপুৰ, বিশ্বনাথ জিলাত আজি ‘অ’ৰেঞ্জ এলাৰ্ট’ জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.