ETV Bharat / state

ধৰ্মীয় মেৰু বিভাজনৰ ৰাজনীতিয়ে সহায় কৰিব নেকি বিজেপিক ?

author img

By

Published : Apr 30, 2021, 9:18 PM IST

Updated : Apr 30, 2021, 10:19 PM IST

ৰাজ্যত বিধানসভাৰ নিৰ্বাচনৰ ভোট গণনা আৰু ফলাফল ঘোষণাক লৈ মাজত মাত্ৰ এটা দিন । বৃহস্পতিবাৰে ঘোষিত সাতটাকৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম আৰু গৱেষণা সংস্থাৰ সমীক্ষাৰ ফলাফল যদি সঁচা প্ৰমাণিত হয়, তেতিয়া হ'লে বুজিব লাগিব ‌যে এইবাৰৰ নিৰ্বাচনত ধৰ্মীয় মেৰু বিভাজনৰ ৰাজনীতিয়ে কাৰক হিচাপে কাম কৰিছে ।‌

assam-election-exitpoll-polarization
ধৰ্মীয় মেৰু বিভাজনৰ ৰাজনীতিয়ে সহায় কৰিব নেকি বিজেপিক ?

গুৱাহাটী, ৩০ এপ্ৰিল: ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ ভোট গণনা আৰু ফলাফল ঘোষণাক লৈ মাজত মাত্ৰ এটা দিন । বহু উৎকন্ঠাৰে এই ফলাফলৰ বাবে ৰাজ্যবাসীয়ে অপেক্ষা কৰি থকাৰ সময়তে বৃহস্পতিবাৰে সাতটাকৈ সংস্থাই নিৰ্বাচনী সমীক্ষাৰ ফলাফল ঘোষণা কৰিলে । নিৰ্বাচনী সমীক্ষা ঘোষণা কৰা সংবাদ সংস্থা সমূহৰ ভিতৰত প্ৰধান কেইটা‌ হল ইণ্ডিয়া টুডে, এস্কিছ, ৰিপাব্লিক-চিএনএস্ক, টুডেজ চানক, ইণ্ডিয়া নিউজ-জন কী বাত, টাইমছ নাও-চি ভোটাৰ আৰু এবিপি-চি ভোটাৰ। এই আটাইকেইটা সংস্থাৰ সমীক্ষাত বিজেপি নেতৃত্বাধীন মিত্ৰশক্তিৰ চৰকাৰ গঠিত হোৱাৰ ইংগিত প্ৰদান কৰিছে ।

আনহাতে,‌ এই সংস্থা সমূহেই কিন্তু কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটক বহু পিছ পেলাই‌ থোৱা‌ নাই ।‌ বিশেষকৈ এই বি পি - চি ভোটাৰৰ সমীক্ষাত বিজেপি মিত্ৰশক্তিক ৫৮ পৰা ৭১ খন আসন দিয়া হৈছে যদিও কংগ্ৰেছ কো ৫৩ পৰা ৬৬ খন দিয়া হৈছে । অৰ্থাৎ দুয়ো পক্ষই সমানে সমানে আগবাঢ়ি আছে । একেদৰে টুডেজ চানকৰ সমীক্ষাত বিজেপিক ৭৯ পৰ্যন্ত আসন দিছে যদিও কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটকো দিছে ৬৫ খন আসন । আনকি ইণ্ডিয়া নিউজৰ সমীক্ষাত কোৱা হৈছে যে, কংগ্ৰেছ মহাজোঁটে ৫৫ খন পৰ্যন্ত আসন পোৱাৰ সম্ভাৱনা আছে । কেৱল এয়ে নহয় কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটে পূৰ্বতকৈ অধিক পৰিমাণৰ ভোট লাভৰ সম্ভাৱনা আছে ।‌

উল্লেখ্য যে, ২০১৬ চনৰ নিৰ্বাচনত বিজেপিয়ে ২৯.৫১ শতাংশ ভোট লাভ কৰিছিল আনহাতে কংগ্ৰেছ আৰু এইআইইউডিএফৰ ভোট আছিল ক্ৰমে ৩০.৯৬ শতাংশ আৰু ১৩.০৫ শতাংশ । অৰ্থাৎ কংগ্ৰেছ আৰু এআইইউডিএফৰ মুঠ ভোট আছিল ৪৪.০১ শতাংশ ।‌ চৰকাৰ গঠন কৰিলেও বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ মুঠ ভোট আছিল ৩৭.৬৫ শতাংশ ।

সমীক্ষা মতে এইবাৰ যদি দুয়োটা পক্ষৰ আসনৰ ক্ষেত্ৰত ব্যৱধান কম হয় আৰু তৃতীয় পক্ষলৈ আসন নাযায় তেতিয়া হ'লে বুজিব লাগিব যে, ৰাজনৈতিক দল সমূহে আশা কৰা ধৰণেই ধৰ্মীয় চেতনাৰ ভিত্তিত ভোটাৰে ভোটদান কৰিছে ।‌ এই সমীক্ষা সমুহ যদি সঁচা হয় তেতিয়া হ'লে বুজিব লাগিব যে, উজনি আৰু উত্তৰ অসমৰ মুঠ ৪০ খন আসনৰ নব্বৈ শতাংশ আসনেই বিজেপিৰ হাতলৈ যাব । আনহাতে তৃতীয় পৰ্যায়ৰ ৩৯ খন আসনৰ নব্বৈ শতাংশ আসনেই যাব কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটলৈ । অৰ্থাৎ ধৰ্মীয় চেতনাৰ দ্বাৰাই পৰিচালিত হৈছে এইবাৰৰ ভোটাৰ ।

সমীক্ষাই কাৰ্যত এই কথাও আঙুলিয়াই দিছে যে, এই নিৰ্বাচনত মহাজোঁটৰ অংশীদাৰ হিচাপে কংগ্ৰেছত কৈ ৰাজনৈতিক ভাবে অধিক লাভান্বিত হ'ব বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফ ।

লগতে পঢ়ক: ১ মে'ত অসমৰ ১৮ বছৰ উৰ্ধৰ লোকে নাপাব প্ৰতিষেধক

Last Updated : Apr 30, 2021, 10:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.