গুৱাহাটী,14 জুলাই : শুকুৰবাৰে মহাত্মা গান্ধী আন্তঃৰাষ্ট্ৰীয় হিন্দী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰে এক বুজাবুজি চুক্তি সম্পন্ন হয় ৷ শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত এই বুজাবুজি চুক্তি স্বাক্ষৰ কৰে । এই চুক্তিৰ জৰিয়তে মহাত্মা গান্ধী আন্তঃৰাষ্ট্ৰীয় হিন্দী বিশ্ববিদ্যালয় (MGAHV)ৰ এটা চৌহদ অসমত স্থাপন কৰিব ৷
![Assam Education Department Signs MoU](https://etvbharatimages.akamaized.net/etvbharat/prod-images/14-07-2023/18998906_ghy.jpg)
বৰ্তমান অসম টেক্সটাইল ইনষ্টিটিউটৰ চৌহদৰ পৰাই অস্থায়ীভাৱে শিক্ষানুষ্ঠানখনে কাম-কাজ পৰিচালনা কৰিব ৷ য’ত উচ্চ শিক্ষা প্ৰদানৰ ক্ষেত্ৰত হিন্দী আৰু অন্যান্য ভাৰতীয় ভাষাৰ প্ৰচাৰ-প্ৰসাৰ আৰু গৱেষণাৰ সু-ব্যৱস্থাৰ প্ৰয়াস কৰিব । অনুষ্ঠানত মহাত্মা গান্ধী আন্তঃৰাষ্ট্ৰীয় হিন্দী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰজনীশ কুমাৰ শুক্লা, শিক্ষা মন্ত্ৰী ড৹ ৰণোজ পেগু, শিক্ষা বিভাগৰ উপদেষ্টা ড৹ ননীগোপাল মহন্ত, উচ্চ শিক্ষা বিভাগৰ সচিব নাৰায়ন কোঁৱৰ, কাৰিকৰী শিক্ষা বিভাগৰ সঞ্চালক ধ্ৰৱজ্যোতি বৰা উপস্থিত থাকে।
![Assam Education Department Signs MoU](https://etvbharatimages.akamaized.net/etvbharat/prod-images/14-07-2023/18998906_guwahati-3.jpg)
অনুষ্ঠানত মহাত্মা গান্ধী আন্তঃৰাষ্ট্ৰীয় হিন্দী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰজনীশ কুমাৰ শুক্লাই কয় ‘‘MGAHVৰ অসম চৌহদে ৰাজ্যখনত অসমীয়া মাধ্যমত এটা গণ সংযোগৰ পাঠ্যক্ৰম আৰম্ভ কৰিব । ইয়াৰ লগতে বিশ্ববিদ্যালয়খনৰ ভাষা প্ৰযুক্তি বিভাগে অসমীয়াৰ লগতে বিভিন্ন ভাৰতীয় ভাষাত কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰৰ ক্ষেত্ৰতো আগ ভাগ ল’ব ।’’
অনুষ্ঠানৰ পিচতে একেটা স্থানতে উচ্চ শিক্ষা বিভাগৰ দ্বাৰা আয়োজিত প্ৰধান মন্ত্ৰী উচ্চতৰ শিক্ষা অভিযান (PM-USHA)ৰ অধীনত পুঁজিৰ প্ৰস্তাৱৰ প্ৰস্তুতিৰ বাবে সজাগতা সভাত অনুষ্ঠিত হয় ৷ সেই সভাত উপস্থিত ৰাজ্যখনৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক, মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু প্ৰবক্তা সকলক উদ্দেশ্যে কেতবোৰ দিশ অনুকিয়াই দিয়ে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ তেওঁ কয় ‘‘নাকৰ মূল্যায়নত অসমৰ যি সমূহ মহাবিদ্যালয় পিচপৰি আছে সেই শিক্ষানুষ্ঠান সমূহে তেওঁলোকৰ ঋণাত্মক দিশ সমূহৰ ওপৰত কাম কৰিব লাগিব। প্ৰতিখন মহাবিদ্যালয়ে ৩,০০০ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ সংখ্যা আগত ৰাখি ভৱিষ্যতৰ বাবে আগবাঢ়িব লাগিব।’’
লগতে পঢ়ক:PM Awas Yojana: প্রধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৰাজ্যৰ তিনি লক্ষাধিক লোকৰ গৃহ প্ৰৱেশ