ETV Bharat / state

এল আই চিৰ এজেন্ট হিচাপে কৰ্মৰত ১১ গৰাকী শিক্ষকক চিনাক্ত

author img

By

Published : Jun 21, 2022, 10:43 PM IST

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই কঠোৰ হৈছে শিক্ষা বিভাগ । চিনাক্ত কৰা হৈছে এল আই চিৰ এজেন্ট হিচাপে কৰ্মৰত ১১ গৰাকী শিক্ষকক (Teacher engaged as LIC agent) ৷

Teacher engaged as LIC agent
এল আই চিৰ এজেন্ট হিচাপে কৰ্মৰত ১১ গৰাকী শিক্ষকক চিনাক্ত

গুৱাহাটী, ২১ জুন: সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত চৰকাৰী বিদ্যালয়ৰ অৱস্থা অতি শোচনীয় আছিল । যাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে বিষয়টোক সহজভাৱে লোৱা নাছিল চৰকাৰে । আনকি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাও এইক্ষেত্ৰত সৰৱ হোৱা পৰিলক্ষিত হৈছিল ।

বিশেষকৈ শিক্ষকতাৰ লগতে এল আই চি এজেণ্ট নাইবা আন বৃত্তিত জড়িত হৈ থকা শিক্ষকসকলক কঠোৰ সতৰ্কবাণী শুনোৱা হৈছিল (Teacher engaged as LIC agent)। ইতিমধ্যে শিক্ষা বিভাগে তেনে শিক্ষকৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে । শিক্ষকতাৰ লগতে এল আই চিৰ এজেণ্ট হিচাপে কাম কৰা শিক্ষকৰ বিৰুদ্ধে এইবাৰ কঠোৰ হৈছে শিক্ষা বিভাগ । শিক্ষকৰ চাকৰি কৰিও নিজৰ বা পৰিয়ালৰ সদস্যৰ নামত এজেণ্ট হৈ এল আই চিৰ পলিচী বিক্ৰী কৰি ফুৰা শিক্ষক-কর্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ ৰাজ্য চৰকাৰে ইতিমধ্যেই জাননী জাৰি কৰিছে ।

এই জাননী জাৰি কৰাৰ কেইদিনমান পাছতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বীমাৰ পলিচী বিক্ৰী কৰি ফুৰা শিক্ষকক লক্ষ্য কৰি কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল । ইয়াৰ পাছতেই এতিয়া পৰ্যায়ক্ৰমে শিক্ষা বিভাগ তথা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে শিক্ষকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।

উল্লেখ্য যে প্ৰাৰম্ভিক পৰ্যায়ত এল আই চিৰ এজেন্ট হিচাপে কৰ্মৰত ১১ গৰাকী শিক্ষকক চিনাক্ত কৰা হৈছে (Insurance Agents Among School Teachers)। সেই ১১গৰাকী শিক্ষকলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে মাধ্যমিক শিক্ষা সঞ্চালকৰ কাৰ্যালয়ে । কৰ্তব্যত গাফিলতিৰ অভিযোগত ১১ শিক্ষকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি চলাইছে শিক্ষা বিভাগে । ইয়াৰে দুগৰাকী শিক্ষক কামৰূপ জিলাৰ আৰু ৯ গৰাকী শিক্ষক বাক্সাৰ (List of teachers engaged with LIC)৷

দুখন জিলাৰ বিদ্যালয় পৰিদৰ্শকৰ জৰিয়তে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা হৈছে । আটাইকেইগৰাকী শিক্ষকৰে প্ৰাৰম্ভিক শুনানি সম্পন্ন হৈছে । শিক্ষা বিভাগৰ শুনানিত লিখিতভাৱে ক্ষমা ভিক্ষা ১১ গৰাকী শিক্ষকৰ । ক্ষমা পত্ৰকো অভিযোগৰ তথ্য-প্ৰমাণ হিচাপে গণ্য কৰিছে শিক্ষা বিভাগে ।

লগতে পঢ়ক: দিল্লীৰ উপ-মুখ্যমন্ত্ৰী চিছ’ডিয়াৰ বিৰুদ্ধে ৰিণিকী ভূঞা শৰ্মাৰ 100 কোটিৰ মানহানি গোচৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.