ETV Bharat / state

American society of hematologyৰ সমাৱেশত অসমৰ চিকিৎসক ডাঃ পবিত্ৰ গগৈ - চিকিৎসক ডাঃ পবিত্ৰ গগৈ

আমেৰিকাৰ জৰ্জিয়াৰ আটলাণ্টাত অনুষ্ঠিত ৬৩ সংখ্যক আমেৰিকান ছ'চাইটী অৱ হেমাট’লজীৰ বাৰ্ষিক সমাৱেশত সমল ব্যক্তি হিচাপে ডাঃ পবিত্র গগৈয়ে অংশ গ্রহণ কৰিছে(Assam doctor to attend international conference as resource person)। সমাৱেশত বিশেষকৈ লিউকেমিয়া, লিম্ফোমা তথা মাল্টিপ'ল মাইলোমা আৰু হিমগ্ল'বিন সম্পৰ্কীয় ৰক্তৰ বিভিন্ন ৰোগ সন্দৰ্ভত ডাঃ পবিত্র গগৈয়ে দাঙি ধৰে নিজৰ প্ৰেজেণ্টেচন ।

assam-doctor-to-attend-american-society-of-hematology-conference
American society of hematologyৰ সমাৱেশত অসমৰ চিকিৎসক ডাঃ পবিত্ৰ গগৈ
author img

By

Published : Dec 12, 2021, 10:09 PM IST

গুৱাহাটী, ১২ ডিচেম্বৰ : আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ৰক্ত ৰােগ বিশেষজ্ঞ অধ্যাপক ডাঃ পৱিত্ৰ গগৈয়ে আমেৰিকাত অনুষ্ঠিত বিশেষ সমাৱেশত সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰিছে । আমেৰিকান ছ'চাইটী অৱ হেমাট’লজী (American society of hematology )ৰ তৰফৰ পৰা বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিশেষজ্ঞ চিকিৎসকৰ লগতে অসমৰ ডাঃ পবিত্ৰ গগৈ (Doctor Pabitra Gogoi)ক এই সমাৱেশৰ বাবে আমন্ত্রণ জনোৱা হৈছিল ।

শনিবাৰৰ পৰা তিনিদিনিয়াকৈ আমেৰিকাৰ জৰ্জিয়াৰ আটলাণ্টাত অনুষ্ঠিত ৬৩ সংখ্যক আমেৰিকান ছ'চাইটী অৱ হেমাট’লজীৰ বাৰ্ষিক সমাৱেশত সমল ব্যক্তি হিচাপে ডাঃ পবিত্র গগৈয়ে অংশগ্রহণ কৰিছে(Assam doctor to attend American society of hematology conference ) । সমাৱেশত বিশেষকৈ লিউকেমিয়া, লিম্ফোমা তথা মাল্টিপ'ল মাইলোমা আৰু হিমগ্ল'বিন সম্পৰ্কীয় ৰক্তৰ বিভিন্ন ৰোগ সন্দৰ্ভত ডাঃ পবিত্র গগৈয়ে নিজৰ প্ৰেজেণ্টেচন দাঙি ধৰে ।

সমাৱেশত ডাঃ গগৈয়ে ৰক্তৰ বিভিন্ন ৰোগ সন্দৰ্ভত নিজৰ অভিজ্ঞতা ব্যক্ত কৰাৰ লগতে এই ক্ষেত্ৰত থকা প্ৰত্যাহ্বানসমূহৰ বিষয়ে উল্লেখ কৰে ।

উল্লেখ্য যে, আমেৰিকান ছ'চাইটী অৱ হেমাট’লজীৰ আন্তঃৰাষ্ট্ৰীয় সদস্য হিচাপে দেশক প্ৰতিনিধিত্ব কৰি তেওঁ এই সমাৱেশত অংশ গ্ৰহণ কৰিছে । ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় চিকিৎসা সেৱা সম্পৰ্কীয় বহু অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ক্লিনিকেল হেমাট’লজী বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ডাঃ পবিত্ৰ গগৈয়ে দেশ-বিদেশৰ বহু সভা তথা সন্মিলনত অংশ লৈছে ।

লগতে পঢ়ক : Anti CAA movement : স্থিতি সলনি কৰা শিল্পীক মেৰুদণ্ডহীন আখ্যা জুবিনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.