গুৱাহাটী, ২ ডিচেম্বৰ : ৰাজ্যৰ ভিন্ন প্ৰান্তত বিভিন্ন দল-সংগঠনৰ নেতৃত্বত পালন কৰা হ'ল অসম দিৱস । প্ৰতিটো জাতি-জনগোষ্ঠীক একত্ৰিত কৰি বৰ অসমক গঢ় দিওঁতা চাওলুং চ্যুকাফাক বুধবাৰে ৰাজ্যজুৰি বিভিন্নজনে স্মৰণ কৰে । বিগত ৩৫ বছৰৰ দৰে এইবেলিও চ্যুকাফা ভৱন নিৰ্মাণ সমিতিয়ে মহানগৰীৰ জয়ানগৰস্থিত চ্যুকাফা ভৱনত ক’ভিড প্ৰট'কলৰ মানি অনুষ্টুপীয়াকৈ পালন কৰে অসম দিৱস । দিনজোৰা কাৰ্যসূচীৰে চ্যুকাফা ভৱন নিৰ্মাণ সমিতিয়ে পালন কৰা অসম দিৱসৰ কাৰ্যসূচী অনুসৰি সমিতিৰ সভাপতি ৰাজীৱ পানীফুকনে পতাকা উত্তোলন কৰে । সদৌ আহোম সভাৰ সভাপতি উমা কোঁৱৰে মৈদাম তৰ্পন কৰাৰ লগতে বুঢ়াগোঁহাই বংশাৱলীৰ সভাপতি সুন্দৰ বুঢ়াগোহাঁইয়ে চ্যুকাফাৰ প্ৰতিমূৰ্তিত মাল্যৰ্পন কৰাৰ পাছতে এখনি আলোচনা চক্ৰ অনুষ্ঠিত হয় ।
![assam divas celebrate at guwahati](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9741451_334_9741451_1606926468437.png)
আলোচনা চক্ৰত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি জাগীৰোড মহাবিদ্যালয়ৰ প্ৰবক্তা খগেন গগৈয়ে চাওলুং চুকাফাৰ বিষয়ে আলোপাত কৰে । তেওঁ কয় যে, চীনৰ য়ুনান প্ৰদেশৰ মাওলুং ৰাজ্যৰ টাই আহোম ফৈদৰ ৰাজকোঁৱৰ চাওলুং চ্যুকাফাই ১২১৫ চনত আঠজন ডাঙৰীয়া আৰু বিষয়া, ৯০০০ জন পুৰুষ-তিৰোতা-ল’ৰা-ছোৱালী, দুটা হাতী আৰু ৩০০টা ঘোঁৰা লগত লৈ ব্ৰহ্মপুত্ৰ উপত্যাকালৈ যাত্ৰা কৰে আৰু প্ৰায় ১৩ বছৰ পাটকাইৰ আশে-পাশে অনাই-বনাই থকাৰ পাছত ১২২৮ চনত সৌমাৰ খণ্ডত প্ৰৱেশ কৰে । যুদ্ধ-বিগ্ৰহ এৰাই চলি অতি বিচক্ষণতাৰে চ্যুকাফাই ব্ৰহ্মপুত্ৰ দুয়োপাৰে থকা সৰু সৰু জনগোষ্ঠীয় ৰাজ্যসমূহৰ একত্ৰিত কৰি ‘‘অসম’’ আৰু ‘‘অসমীয়া জাতি’’ গঢ়ি তুলিছিল ।
![assam divas celebrate at guwahati](https://etvbharatimages.akamaized.net/etvbharat/prod-images/asimdibasghy_02122020174620_0212f_1606911380_998.jpg)
সকলোৰে মাজত মিত্ৰতা বজাই ৰাখিবলৈ নিজৰ ভাষা টাই আৰু নিজৰ তাও ধৰ্ম ত্যাগ কৰি সকলো জনগোষ্ঠীৰ সৈতে মিলি এক নতুন ভাষা সৃষ্টিত অৰিহনা যোগাইছিল চ্যুকাফাই । তেখেতৰে মহৎ আদৰ্শ গ্ৰহণ কৰি আহোমসকলে ছশ বছৰ শাসন কৰিছিল । চ্যুকাফাই অসমত বুৰঞ্জী চৰ্চাৰ পৰম্পৰাও আৰম্ভ কৰিছিল বুলি তেওঁ উল্লেখ কৰে । আলোচনা চক্ৰত নিৰ্দিষ্ট বক্তা হিচাপে আসন অলংকৃত কৰা খগেন গগৈৰ উপৰিও বিশিষ্ট সাহিত্যিক ৰাজু আহমেদ আৰু মিছিং জনগোষ্ঠীৰ সংগঠক অনিৰুদ্ধ টায়েও বক্তব্য দাঙি ধৰে ।
![assam divas celebrate at guwahati](https://etvbharatimages.akamaized.net/etvbharat/prod-images/asimdibasghy_02122020174620_0212f_1606911380_648.jpg)
উল্লেখ্য যে, সমগ্ৰ অসমবাসীয়ে ১৯৮৭ চনৰ পৰা ‘‘অসম দিৱস’’ হিচাপে পালন কৰি আহিছে । ১২২৮ চনৰ ২ ডিচেম্বৰত চাওলুং চ্যুকাফাই পাটকাই পৰ্বত পাৰ হৈ সৌমাৰ খণ্ডত ভৰি থোৱা ঐতিহাসিক দিনটোক চিৰস্মৰণীয় কৰি ৰখাৰ মানসেৰে ছৈখোৱা অঞ্চলৰ ভীমকান্ত বুঢ়াগোহাঁইয়ে ১৯৭২ চনত আৰম্ভ কৰা এক প্ৰচেষ্টাৰ ফলত এই দিৱসৰ আৰম্ভণি ঘটে । ১৯৮৭ চনৰ ২ ডিচেম্বৰত চৰকাৰী পৃষ্ঠপোষকতাত জজ খেল পথাৰত চ্যুকাফা দিৱস আয়োজন কৰা হয় আৰু তাতেই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই চ্যুকাফা দিৱসক ‘‘‘অসম দিৱস’’’ হিচাপে চৰকাৰী স্বীকৃতি প্ৰদান কৰে ।
লগতে পঢ়ক : ফিল'বাৰীত ৰাস মহোৎসৱত মঞ্চস্থ কংস বধ নাট