ETV Bharat / state

গুৱাহাটী উচ্চ ন্য়ায়ালয়ৰ ৰায় মানিবলৈ সন্মত জি পি সিং; এছ পি ৰাজেন সিঙৰ কাণ্ডৰ বাবে খুজিলে ক্ষমা

Assam DGP GP Singh: এগৰাকী অধিবক্তাক হেণ্ডকাফ লগোৱাৰ বাবেই মানহানি গোচৰৰ সন্মুখীন হৈছে অসম আৰক্ষী ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে 5 লাখ টকাৰ ক্ষতিপূৰণ প্ৰদানৰ বাবে নিৰ্দেশ দিছে অসম আৰক্ষীক ৷ লগতে ডিজিপি আৰু আৰক্ষী বিভাগলৈ সকীয়নি উচ্চ ন্যায়ালয়ৰ...

author img

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 4:52 PM IST

Gauhati High Court Order
Assam DGP GP Singh
গুৱাহাটী উচ্চ ন্য়ায়ালয়ৰ ৰায় মানিবলৈ সন্মত জি পি সিং

গুৱাহাটী, ২২ ডিচেম্বৰ: ‘‘গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশনা আমি পালন কৰিম ৷’’ এই মন্তব্য অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙৰ । বৃহস্পতিবাৰে উচ্চ ন্যায়ালয়ে দিয়া সকীয়নিৰ পিচতে শুকুৰবাৰে জিপি সিঙে সংবাদ মাধ্যমৰ আগত কয়, ‘‘আমাৰ হাতলৈ অৰ্ডাৰ কপিটো আহি পোৱা নাই ৷ পালে সমগ্ৰ বিষয়টো অধ্যয়ন কৰিম । ন্যায়লয়ৰ নিৰ্দেশনা পালন কৰিম ।’’

উল্লেখ্য যে, ২০১৬ চনত গুৱাহাটীৰ পানবজাৰত গাড়ী পাৰ্কিং কৰাক কেন্দ্ৰ কৰি এজন গৃহৰক্ষী বাহিনীৰ জোৱানৰ সৈতে কাজিয়া হৈছিল অধিবক্তাৰ । সেই কাজিয়াক কেন্দ্ৰ কৰি ৰুজু হোৱা গোচৰত অধিবক্তাজনক গ্ৰেপ্তাৰ কৰি পানবজাৰ থানাৰ আৰক্ষীয়ে হেণ্ডকাফ লগাইছিল । উক্ত কাজিয়াৰ গোচৰত অধিবক্তাজন দোষমুক্ত হৈছিল যদিও পৰৱৰ্তী সময়ত তেওঁক হেণ্ডকাফ লগোৱা ঘটনা সন্দৰ্ভত ন্যায়ালয়ত মানহানিৰ গোচৰ ৰুজু কৰে ।

২০২১ চনত ন্যায়ালয়ত কৰা লেখ আবেদনৰ ভিত্তিত WP (C) 2783/2021 নম্বৰত গোচৰ ৰুজু হয় । সেই লেখ আবেদনৰ গোচৰৰ ভিত্তিত ন্যায়ালয়ে গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে । হেণ্ডকাফ লগাই আৰক্ষীয়ে অধিবক্তাজনৰ মানহানি কৰা সন্দৰ্ভত ন্যায়ালয়ে ৰায় প্ৰদান কৰি আৰক্ষীক ৫ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ দিয়ে । অসম আৰক্ষীয়ে দুমাহৰ ভিতৰত অধিবক্তাজনক এই ক্ষতিপূৰণ দিব লাগিব ।

আৰক্ষীক ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ দিয়াৰ উপৰি ন্যায়ালয়ে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক আৰক্ষীৰ এনে কাৰ্যৰ বাবে সকীয়নি প্ৰদান কৰিছিল । ইয়াৰ পূৰ্বেও কেইবাবাৰো অসম আৰক্ষী বিভিন্ন কাৰণত ন্যায়ালয়ৰ ৰোষৰ সন্মুখীন হ'বলগীয়া হৈছিল ।

ইফালে বৃহস্পতিবাৰে নিশাও এক অনাকাংক্ষিত ঘটনা সংঘটিত হয় গোলাঘাটত ৷ জিলাখনৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ বিৰুদ্ধে কাজিৰঙাৰ বনকৰ্মীক ফোনযোগে ধমক দিয়াৰ লগতে নিশা থানালৈ মাতি আনি হাৰাশাস্তি কৰাৰ অভিযোগ উঠিছে ৷

জানিবপৰা মতে গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে শুকুৰবাৰে হাতী চাফাৰীৰ বাবে পাঁচটা ছিট বিচাৰিছিল কাজিৰঙাৰ বন বিভাগৰ বিষয়া তৰুণ গগৈক ৷ কিন্তু সকলো ছিট বুক হৈ যোৱাৰ বাবে বন বিষয়াগৰাকীয়ে শুকুৰবাৰৰ পৰিৱৰ্তে শনিবাৰে হাতী চাফাৰীৰ বাবে ছিট উপলব্ধ হৈ আছে বুলি ৰাজেন সিঙক জনায় ৷ বিচৰা মতে হাতী চাফাৰীৰ বাবে ছিট দিব নোৱাৰা হেতুকে বন বিষয়া তৰুণ গগৈক অপব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ বিৰুদ্ধে ৷

আনকি মাজনিশা শোৱাপাটীৰ পৰা উঠাই আনি আৰক্ষী অধীক্ষকগৰাকীয়ে শাৰীৰিক, মানসিক নিৰ্যাতন চলোৱাৰ কথাও সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে বন বিষয়া তৰুণ গগৈয়ে ৷ লগতে ভুক্তভোগী বন বিষয়াগৰাকীয়ে আৰক্ষী অধীক্ষক ৰাজেন সিঙে ক্ষমতাৰ অপব্যৱহাৰ কৰা বুলিও উল্লেখ কৰে ৷ ইয়াৰ পিচতেই ঘটনাটোক লৈ তীব্ৰ বিতৰ্ক হয় ৷

অৱশেষত আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙে গৃহবিভাগৰো মুৰব্বী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত ক্ষমা বিচাৰি ভৱিষ্যতে এনেকাণ্ড সংঘটিত নহয় বুলি প্ৰতিশ্ৰুতি দিয়ে ৷ লগতে গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙকো সকীয়নি প্ৰদান কৰে ৷

  • If you have any grievance or complaint, please write on dgpassam.publicgrievance@gmail.com and dgp-publicgrievance@assampolice.gov.in or WhatsApp at 6026903490

    — GP Singh (@gpsinghips) April 16, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে পঢ়ক: গোলাঘাটৰ আৰক্ষী অধীক্ষকৰ গুণ্ডাগিৰি; শোৱাপাটীৰ পৰা উঠাই নি বন বিষয়াক নিৰ্যাতনৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.