গুৱাহাটী, ৮ ফ্ৰেব্ৰুৱাৰী: ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানে বিশেষভাৱে সম্বৰ্ধনা জনালে ছয়গৰাকী যুৱকক ৷ দুধৰ্ষ ডকাইতৰ বিৰুদ্ধে যুঁজ যি সাহসিকতাৰ পৰিচয় দিছিল যুৱককেইজনে ৷ যুৱককেইজনৰ ঘৰ নলবাৰী জিলাৰ মুকালমুৱাত (Assam DGP Felicitates Youth)৷
অতি সাহসিকতাৰে এটা পাঁচজনীয়া দুধর্ষ ডকাইতৰ দলৰ এজনক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নলবাৰীৰ মুকালমুৱাৰ ছগৰাকী যুৱকক বুধবাৰে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে (DGP GP Singh) সম্বৰ্ধনা জনায় ৷ সম্বৰ্ধনাৰ লগতে যুৱক কেইজনক নগদ ধনেৰেও পুৰস্কৃত কৰে ৷ আৰক্ষী সঞ্চালক প্ৰধানে সম্বৰ্ধনা জনোৱা য়ুৱককেইজন হ’ল ৰাতুল মেধি, পার্থ প্ৰতিম বর্মন, হিমাংশু বর্মন, পংকজ মেধি, চিন্টু বৰ্মন আৰু পংকজ বর্মন ৷
যুৱককেইজনক সম্বৰ্ধনা জ্ঞাপন কৰি আৰক্ষী সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে তেওঁলোকৰ এনে সামাজিক দ্বায়বদ্ধতা আৰু সাহসিক কাৰ্যৰ ভূয়সী প্ৰশংসা কৰি ভৱিষ্যতেও তেওঁলোকক সমাজৰ স্বাৰ্থত কাম কৰি যোৱাৰ বাবে আহ্বান জনায় ৷ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে অপৰাধজনিত কাৰ্যকলাপ প্ৰতিহত কৰাত ৰাইজৰ সহযোগিতা অপৰিহাৰ্য বুলিও মন্তব্য কৰে ।
উল্লেখ্য যে যোৱা ৩১ জানুৱাৰীৰ নিশা প্ৰায় ৯ বজাত পাঁচজনীয়া এটা ডকাইতৰ দলে মুকালমুৱাৰ কপলাবৰীৰ আমিৰ আলী নামৰ লোকজনক পিষ্টল দেখুৱাই ভাবুকি দিয়ে আৰু মাৰধৰ কৰি তেওঁৰ গেলামালৰ দোকানৰ পৰা এঘাৰ লাখ টকা ডকাইতি কৰি ক্ষীপ্ৰতাৰে এখন মাৰুতি ইক' ভেন বাহনেৰে সেই স্থানৰ পৰা উধাও হয় (Robbery at Mukalmua)। কিন্তু কিছুদূৰ যোৱাৰ পিছত 1 নং বতলা গাঁৱত বাহনখনৰ যান্ত্ৰিক বিজুতি ঘটাত ডকাইতৰ দলটোৱে বাহনখন ৰাখিবলৈ বাধ্য হয় ৷
সেই সময়তে এজন স্থানীয় যুৱকে বাহনখন প্ৰত্যক্ষ কৰি আৰোহীকেইজনক ডকাইত বুলি সন্দেহ হোৱাত তেওঁ লগৰ আন পাঁচজন যুৱকক খবৰ দিয়ে আৰু আটাইকেইজন যুৱক বাহনখনৰ ওচৰলৈ যোৱাত পাঁচজনীয়া ডকাইতৰ দলটোৱে বাহনখন এৰি পলাই যায় । যুৱককেইজনেও ডকাইতৰ দলটোক পিছে পিছে খেদি তাৰে জয়দেৱ মহন্ত নামৰ দুধর্ষ ডকাইতটোক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ।
আন চাৰিটা ডকাইত আন্ধাৰৰ সুযোগ লৈ পলাই যায় । খবৰটো লাভ কৰি সেই স্থানত লগে লগে মুকালমুৱা আৰক্ষীও উপস্থিত হয় । মুকালমুৱা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত P.S.42/23U/S 395/325/307/365 IPC R/W 25 (1-A) Arms Act নম্বৰত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে । ডকাইতৰ এই দলটোৱে বিভিন্ন ঠাইত এনে ডকাইতি কাণ্ড সংঘটিত কৰি আহিছে ।
লগতে পঢ়ক: Rakibul Hussain As Actor: ৰাজনীতি এৰি হাতত ছুৰী লৈ অভিনেতাৰ ৰূপত ৰকিবুল হুছেইন