গুৱাহাটী, ১০ ডিচেম্বৰ : অসম আৰক্ষীৰ চিআইডি বিভাগৰ উদ্যোগত আৰু এন চি বিৰ সহযোগত শুকুৰবাৰৰে পৰা উলুবাৰীস্থিত অসম আৰক্ষীৰ মূখ্য কাৰ্যালয়ত দুদিনীয় কাৰ্যসূচীৰে Digital forensics Dark Net and crypto currencies বিষয়ৰ ওপৰত প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈছে । এই প্ৰশিক্ষণ শিবিৰৰ উদ্বোধনী অনুষ্ঠানত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত(DGP Bhaskar Jyoti Mahanta) উপস্থিত থাকি তেখেতৰ ভাষণত কয় যে, ম্যানমাৰে নিজকে অৰ্থনৈতিক ভাৱে শক্তিশালী কৰিবলৈ ড্ৰাগছ প্ৰস্তুত কৰি থকালৈকে ড্ৰাগছৰ বেহা চলিয়ে থাকিব ।
তেখেতে কলে, ইয়াক ইমান সহজে শেষ কৰিব পৰা নাযায় । দেশৰ বিভিন্ন প্ৰান্তলৈ ড্ৰাগছ সৰবৰাহৰ ট্ৰাঞ্জিত পইণ্ট হৈছে গুৱাহাটী(Assam DGP terms Guwahti as transit point of drugs) । ম্যানমাৰ, লাউছ আৰু থাইলেণ্ড হৈছে ড্ৰাগছৰ গোল্ডেন ট্ৰায়েংগল । এই কেইখন দেশৰ সীমান্তৰে উত্তৰ পূৰ্বাঞ্চললৈ সৰবৰাহ হয় ড্ৰাগছ । সেই ট্ৰায়েংগল এতিয়া ডেথ ট্ৰায়েংগলত পৰিণত হৈছে । এই দেশৰ পৰা অহা উপিয়ামৰ পৰা ড্ৰাগছলৈ, দেশৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ হয় অসমৰ মাজেৰে ।
আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে জানিবলৈ দিয়ে, ম্যানমাৰ পৰা মিজোৰাম হৈ অসমলৈ আহে ড্ৰাগছ(Drugs comes to Assam from Myanmar through Mizoram) । আনহাতে সৰবৰাহকাৰীয়ে ডিমাপুৰত মজুত কৰি ৰাখে বৃহৎ পৰিমাণৰ ড্ৰাগছ । অসম চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে ইতিমধ্যে গঠন কৰিছে এটা শক্তিশালী দল(Assam has formed an anti drug team) ।
তেখেতে জনায় যে, মুখ্যমন্ত্ৰীয়ে ড্ৰাগছ বিৰোধী অভিযানৰ বাবে ইতিমধ্যে সম্পূৰ্ণ অধিকাৰ দিছে আৰক্ষীক । হেৰইন সৰবৰাহৰ সৈতে জড়িত অসম ৰাইফলছৰ দুজনক গ্ৰেপ্তাৰ কৰা হৈছে । আনহাতে বৰছিং বে’ৰ দৰে হোম গাৰ্ডে উৎকোচ নলৈ বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিছে । আমি সকলো এই ড্ৰাগছৰ সমস্যা সমাধানৰ বাবে কাম কৰি আছো বুলি মন্তব্য কৰি তেখেতে কয়, উত্তৰ পূৰ্বাঞ্চল এতিয়া ভয়াবহভাবে আগবাঢ়িছে ড্ৰাগছ সৰবৰাহ, ক্ৰীপ্ট কাৰেন্সিৰ ক্ষেত্ৰত ।
ইপিনে সাধাৰণ লোকৰ পৰা আৰক্ষীয়ে বিভিন্ন সময় ড্ৰাগছ সন্দৰ্ভত বহু অভিযোগ লাভ কৰি আহিছে বুলিও জানিবলৈ দিয়ে মহন্তই । তাৰ প্ৰতি লক্ষ্য ৰাখি শুকুৰবাৰৰ অনুষ্ঠানত Drugs free Assam শীৰ্ষক এটা মোবাইল এপ মুকলি কৰাৰ লগতে হেণ্ড বুক নামৰ গ্ৰন্থখন উন্মোচন কৰা হয় । এই অনুষ্ঠানত উপস্থিত থাকি এন চি বিৰ মহানিৰ্দেশক এচ এন প্ৰসাদে (NCB Director general SN Prashad) কয় যে, বিশ্বৰ ৮৫ % হেৰইন আফগানিস্তানত উৎপাদন হয় । দেশখনৰ মুঠ জনসংখ্যাৰ ১০% লোক ড্ৰাগছৰ ওপৰত নিৰ্ভৰশীল বুলিও মন্তব্য কৰে তেওঁ ।
লগতে পঢ়ক : BSF anti-drug campaign in Tripura: এটা দিনতে জব্দ প্ৰায় ১৭ লাখ টকাৰ নিচাজাতীয় সামগ্ৰী