গুৱাহাটী, ১৯ জুনঃ ২১ জুন তাৰিখে গুৱাহাটী সৰুসজাই খেলপথাৰত যোগ দিৱসৰ লগতে সোণাৰাম খেলপথাৰত অনুষ্ঠিত হ'ব মহা অম্বুবাচীৰ শুভাৰম্ভণি অনুষ্ঠান ।
অম্বুবাচী মেলাৰ উপলক্ষে উপায়ুক্ত বিশ্বজিৎ পেগুুৱে পাণবজাৰস্থিত জিলা উপাযুক্তৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত এক সংবাদমেলৰ আয়োজন কৰে । সংবাদ মেলত প্ৰথমে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এক লাইভ সম্প্ৰচাৰ দেখুওৱাৰ ব্যৱস্থা কৰা হৈছে বুলি মন্তব্য কৰে । আনহাতে, অম্বুবাচী উপলক্ষে সকলো প্ৰস্তুতি সম্পূৰ্ণ হোৱা বুলি জনাই জিলা উপাযুক্ত বিশ্বজিৎ পেগুৱে । এইবাৰ অম্বুবাচী মেলাত চাৰিটা স্থানত ছয়টাকৈ ভক্তৰ শিবিৰ স্থাপন কৰিছে প্ৰশাসনে । প্ৰতিটো শিবিৰতে ৪০হাজাৰ ভক্ত থকাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে ।
আনহাতে,চাৰিদিনৰ বাবে অম্বুবাচী মেলাৰ বাবে যানবাহনৰ ক্ষেত্ৰত কিছু নিৰ্দেশনা জাৰি কৰিছে যানবাহন আৰক্ষীয়ে । অম্বুবাচীৰ সময়চোৱাত ভৰলুমুখৰ পৰা মালিগাঁওলৈ NO PARKING ZONE ঘোষণা কৰিছে । তাৰোপৰি সামগ্ৰী কঢ়িওৱা বাহনো জালুকবাৰীৰ পৰা ভৰলুমুখ পথলৈ নিষিদ্ধ কৰাৰ লগতে ASTC বাছ জালুকবাৰীৰ পৰা ISBTৰে চলাচল কৰাৰ নিৰ্দেশ দিছে যানবাহন শাখাৰ DCP প্ৰশান্ত শইকীয়াই ।
লগতে আন এটা বাতৰি - অম্বুবাচী উপলক্ষ্যে উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ বিশেষ ব্যৱস্থা