ETV Bharat / state

ৰাজ্যৰ ১০ শতাংশ লোকেহে লাভ কৰিছে ক'ভিডৰ দুয়োপালি ভেকচিন

author img

By

Published : Aug 26, 2021, 1:46 PM IST

ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অসমত 18 আগষ্টৰ পৰা লকডাউন কিছু পৰিমাণে শিথিল কৰা হৈছে ৷ ব্যক্তিগত যান বাহনৰ যাতায়তৰ ক্ষেত্ৰত বিভিন্ন জিলাসমূহৰ মাজত থকা নিষেধাজ্ঞা ইতিমধ্যে বাতিল কৰিছে চৰকাৰে ৷ কিন্তু গুৱাহাটী মহানগৰীত এতিয়াও নিয়ন্ত্ৰিত হোৱা নাই সংক্ৰমণ । মহানগৰীত এতিয়াও আক্ৰান্তৰ হাৰ এতিয়াও শতাধিক হৈ আছে ।

assam covid vaccine update
ৰাজ্যৰ ১০ শতাংশ লোকেহে লাভ কৰিছে ক'ভিডৰ দুয়োপালি ভেকচিন

গুৱাহাটী,২৬ আগষ্ট : ৰাজ্যজুৰি ভেকচিন প্ৰদানৰ বাবে চৰকাৰে ব্যাপক কাৰ্যসূচী গ্ৰহণ কৰিছে যদিও এতিয়ালৈকে ১০ শতাংশ লোকেহে ক'ভিডৰ দুয়োপালি ভেকচিন লাভ কৰিছে । বৰ্তমানলৈ ৰাজ্যৰ ১,৬২,৩৩,৭৪৫ গৰাকী লোকে ভেকচিন লাভ কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰে ১,৩৩,৫৫,২৩১ গৰাকী লোকে প্ৰথম পালি আৰু ২৮,৭৮,৫১৪ গৰাকী লোকে দ্বিতীয় পালি ভেকচিন লাভ কৰিছে । আনহাতে বিগত ২৪ ঘণ্টাত ৰাজ্যৰ ১,৫৩,২৮৫ গৰাকী লোকক ভেকচিন প্ৰদান কৰা হৈছে । ইয়াৰে মাত্ৰ ৩১,৩৮৫ গৰাকী লোকে দ্বিতীয় পালি ভেকচিন গ্ৰহণ কৰিছে ।

গুৱাহাটী মহানগৰীত ক'ভিড পৰিস্থিতি উন্নত নোহোৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে ৰাজধানী চহৰখনৰ সকলো লোককে ভেকচিন প্ৰদানৰ বাবে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে । ভোটাৰ তালিকাৰ ভিত্তিত কৰি প্ৰশাসনে ঘৰে ঘৰে গৈ ভেকচিন নোলোৱা লোকৰ তালিকা প্ৰস্তুত কৰি ভেকচিন দিয়াৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে । ৩১ আগষ্টৰ ভিতৰত গুৱাহাটীৰ সকলো লোককে ভেকচিন প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ।

উল্লেখ যে ৰাজ্যৰ ক'ভিড পৰিস্থিতি ক্ৰমাৎ উন্নত হৈছে যদিও গুৱাহাটী মহানগৰীত সংক্ৰমণ এতিয়াও নিয়ন্ত্ৰণ হোৱা নাই । বিগত কিছুদিন ধৰি ৰজ্যত আক্ৰান্তৰ হাৰ এক শতাংশৰ তলত আছে । বিগত ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ ৬৮৯ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে । এই সময়চোৱাত ৯০,৫৪৭ গৰাকী লোকৰ ক'ভিড পৰীক্ষা কৰা হৈছিল । সেই হিচাপত আক্ৰান্তৰ হাৰ ০.৭৬ শতাংশ । ৰাজ্যত আন জিলাত দৈনিক আক্ৰান্তৰ সংখ্যা 100ৰ তলত আছে যদি কামৰূপ মহানগৰ জিলাত আক্ৰান্তৰ হাৰ এতিয়াও শতাধিক হৈ আছে । যাৰবাবে এতিয়াও জিলাখনৰ অন্য জিলালৈ যাতায়তৰ ক্ষেত্ৰত নিষেধাজ্ঞা অব্যাহত আছে ।

বিগত ২৪ ঘণ্টাত কামৰূপ মহানগৰ জিলাত ১২২ গৰাকী লোক ক'ভিডত নতুনকৈ আক্ৰান্ত হয় । আনহাতে এই সময়ছোৱাত ৰাজ্যখনৰ সাতগৰাকী লোকে ক'ভিডত প্ৰাণ হেৰুৱায় । ইয়াৰে দুগৰাকী কামৰূপ মহানগৰ জিলাৰ । এই সময়চোৱাত ৬৮১ গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰিছে । আৰোগ্য লাভৰ হাৰ ৯৭.৬৮ শতাংশ । বৰ্তমান ৰাজ্যত সক্ৰিয় হৈ আছে ৬,৬৫৯ গৰাকী ক'ভিড ৰোগী । আনহাতে এতিয়ালৈকে ক'ভিডত প্ৰাণ হেৰুৱাইছে ৰাজ্যৰ ৫,৬০৭ গৰাকী লোকে ।

বিগত দহ দিনত কামৰূপ মহানগৰ জিলাত ১,২৯৬ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে । অন্য জিলাত এই সংখ্যা চাৰিশৰ তলত । ইফালে শেহতীয়াকৈ ক'ভিডৰ তৃতীয় ঢৌকলৈ ৰাজ্যজুৰি আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে । বিশেষকৈ ভেকচিনৰ পৰা আঁতৰত থকা শিশুসকলৰ সুৰক্ষাকলৈ সকলো চিন্তিত হৈ পৰিছে । চৰকাৰী তথ্য মতে ক'ভিডৰ দুটা লহৰত ৰাজ্যৰ ৬৫ হাজাৰ শিশু আক্ৰান্ত হৈছিল । তৃতীয় লহৰত বহু সংখ্যক শিশু আক্ৰান্ত হোৱাৰ আশংকা কৰা হৈছে । যাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰ বিশেষভাৱে সাজু হৈছে । ৰাজ্যৰ প্ৰতিখন চিকিৎসা মহাবিদ্যালয় হাস্পতালক সাজু কৰি তোলা হৈছে । তদুপৰি প্ৰতিখন জিলাত শিশুৰ বাবে বিশেষ আই চি ইউ বিচনাৰ ব্যৱস্থা কৰা হৈছে ।

লগতে পঢ়ক : COVID-19 : দেশত নতুনকৈ আক্ৰান্ত হ’ল কিমান ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.