ETV Bharat / state

ৰাজ্যত নতুনকৈ ১,৬৫১ গৰাকী লোকৰ দেহত পোৱা গৈছে ক’ভিড - covid positivity rate of assam

বিগত ২৪ ঘণ্টাত অসমত নতুনকৈ কৰ'ণাৰ কৱলত পৰিছে ১,৬৫১ গৰাকী লোক। কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ৭৪২ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈছে । অসমত কৰ'ণা আক্ৰ‍ন্তৰ হাৰ ২.৪৬ শতাংশলৈ বৃদ্ধি পাইছে ।

অসমত ক্ৰমাৎ উৰ্দ্ধমুখী হৈছে কৰ'ণা আক্ৰান্তৰ হাৰ

author img

By

Published : Apr 21, 2021, 1:30 PM IST

গুৱাহাটী, ২১ এপ্ৰিল : অসমত ক'ভিডৰ দ্বিতীয় ঢৌৱে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । ৰাজ্যখনত দিনক দিনে বৃদ্ধি পাইছে ক'ভিড আক্ৰ‍ান্তৰ সংখ্যা । বিগত ২৪ ঘণ্টাত ৰাজ্যখনত কৰ'ণা আক্ৰান্তৰ হাৰ ২.৪৬ শতাংশলৈ বৃদ্ধি পালে । মঙলবাৰৰ দিনটোত ৰাজ্যখনত নতুনকৈ ১,৬৫১ গৰাকী লোকৰ দেহত ধৰা পৰে কৰ'ণা ভাইৰাছৰ উপস্থিতি । আনহাতে মঙলবাৰৰ দিনটোতে কৰ'ণাৰ ফলত তিনিগৰাকী লোকৰ মৃত্যু হয় ।

ইয়াৰে দুগৰাকী কামৰূপ মহানগৰ জিলাৰ আৰু এগৰাকী কাছাৰ জিলাৰ । বৰ্তমানলৈ ৰাজ্যখনত কৰ'ণা আক্ৰান্তৰ সংখ্যা ২ লাখ ২৭ হাজাৰ ৪৭৩ টা লৈ বৃদ্ধি পাইছে । অসমত এই পৰ্যন্ত কৰ'ণাৰ বাবে ১,১৪৫ গৰাকী লোকৰ মৃত্যু হৈছে । ৰাজ্যখনত কৰ'ণাত মৃত্যু হোৱাৰ হাৰ ০.৫০ শতাংশ । আনহাতে ৰাজ্যখনত ইতিমধ্যে ২ লাখ ১৭ হাজাৰ ২৯৬ গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰিছে । ৰাজ্যখনত বৰ্তমান সক্ৰিয় ক'ভিড ৰোগীৰ সংখ্যা ৭,৬৮৫ গৰাকীলৈ বৃদ্ধি পাইছে । ইয়াৰে গৰিষ্ঠ সংখ্যকেই হোম কোৱাৰেণ্টাইনত আছে ।

অসমত ক্ৰমাৎ উৰ্দ্ধমুখী হৈছে কৰ'ণা আক্ৰান্তৰ হাৰ
অসমত ক্ৰমাৎ উৰ্দ্ধমুখী হৈছে কৰ'ণা আক্ৰান্তৰ হাৰ

বিগত ২৪ ঘণ্টাত কৰ'ণাত আক্ৰান্ত হোৱা ১,৬৫১ গৰাকী লোকৰ ভিতৰত কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ৭৪২ গৰাকী লোকৰ দেহত কৰ'ণাৰ উপস্থিতি ধৰা পৰিছে । ইয়াৰ বিপৰীতে ডিব্ৰুগড় জিলাত ৯ গৰাকী, কামৰূপ গ্ৰাম্যত ৯০ গৰাকী আৰু শোণিতপুৰত ৮২ গৰাকী লোক নতুনকৈ কৰ'ণাত আক্ৰান্ত হৈছে।

প্ৰাপ্ত তথ্য মতে মঙলবাৰৰ দিনটোত ৰাজ্যখনত মুঠ ৬৭,১৫১ গৰাকী লোকৰ কৰ'ণা পৰীক্ষা কৰা হৈছে । ইয়াৰ ভিতৰত ১,৬৫১ গৰাকীৰ দেহত কৰ'ণাৰ উপস্থিতি ধৰা পৰে । সেই হিচাপত কৰ'ণা আক্ৰান্তৰ হাৰ হৈছে ২.৪৬ শতাংশ । এতিয়ালৈকে অসমত মুঠ ৭৯ লাখ ৬৩ হাজাৰ ৪২১ গৰাকী লোকৰ কৰ'ণা পৰীক্ষা কৰা হৈছে ।

ইফালে ৰাজ্যত অব্যাহত আছে প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া । এতিয়ালৈকে ৰাজ্যৰ ১৭ লাখ ৫২ হাজাৰ ৬০৩ গৰাকী লোকক ক'ভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে । ইয়াৰে ১৪ লাখ ৩ হাজাৰ ২৯৩ গৰাকীক প্ৰতিষেধকৰ প্ৰথম পালি আৰু ৩ লাখ ৪৯ হাজাৰ ৩১০ গৰাকীক দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে ।

উল্লেখ্য যে বিগত দহ দিনত অৰ্থাৎ ১১ এপ্ৰিলৰ পৰা ২০ এপ্ৰিললৈ কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ৩,২৬৭ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈছে। ইয়াৰ বিপৰীতে ক্ৰমে ডিব্ৰুগড়ত ৫১৫ গৰাকী, কামৰূপ গ্ৰাম্য জিলাত ৫০৭ গৰাকী, শোণিতপুৰত ৩০৯ গৰাকী, নগাঁৱত ৩০০ গৰাকী, তিনিচুকীয়াত ২৪৫ গৰাকী, যোৰহাটত ২২১ গৰাকী, বৰপেটাত ১৮৭ গৰাকী, কাছাৰত ১৮৩ গৰাকী আৰু কাৰ্বি আংলঙত ১৭৪ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈছে । আনহাতে মাজুলীত এজন লোকৰ দেহত কৰ'ণাৰ উপস্থিতি বিগত দহ দিনত পোৱা গৈছে ।

গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যত কৰ'ণাই ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে। দৈনিক সহস্ৰাধিক লোক কৰ'ণাৰ কৱলত পৰিছে। ইতিমধ্যে কৰ'ণাৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে নতুন গাইডলাইন জাৰি কৰিছে।

লগতে পঢ়ক:অপহৃত ৰিতুল শইকীয়াৰ অপহৰণ সন্দৰ্ভত কি ক’লে আত্মীয়ই ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.