গুৱাহাটী, 5 ছেপ্টেম্বৰ: শিলসাঁকোত অব্যাহত চৰকাৰৰ উচ্ছেদ অভিযান । চতুৰ্থ দিনাও শিলসাঁকোত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান । সোমবাৰে শিলসাঁকোৰ পাথৰ কুঁৱেৰী মেগজিনৰ শংকৰ নগৰত চলালে উচ্ছেদ । শিলসাঁকোত চলা চৰকাৰৰ এই উচ্ছেদক বিৰোধিতা কৰে বিভিন্ন দল-সংগঠনৰ লগতে বিৰোধী ৰাজনৈতিক দলে ।
![Silsako Beel eviction](https://etvbharatimages.akamaized.net/etvbharat/prod-images/05-09-2023/shilsaku_04092023223432_0409f_1693847072_336.jpg)
সোমবাৰে উচ্ছেদস্থলীত উপস্থিত হয় "জাগ্ৰত প্রহৰী অসম"ৰ এক সজাঁতী দল । উচ্ছেদত ক্ষতিগ্ৰস্ত লোকৰ দুখৰ সমভাগী হোৱাৰ লগতে ভুক্তভোগীৰ পৰিস্থিতিৰ বুজ লয় দলটোৱে ।
জাগ্ৰত প্ৰহৰী, অসমৰ সভাপতি তথা অসম প্ৰদেশ কংগ্ৰেছৰ জেষ্ঠ মুখপাত্ৰ ৰমেন চন্দ্ৰ বৰঠাকুৰে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘‘বাৰিষাৰ পূৰ্বে জিঞ্জাৰ হোটেল উচ্ছেদ কৰিম বুলি যি মন্তব্য কৰিছে সেয়া অসমৰ জনসাধাৰণে বিশ্বাস কৰা নাই ।’’ লগতে অসমৰ খিলঞ্জীয়া লোকসকলক ক’ত সংস্থাপিত কৰিব বুলিও প্ৰশ্ন উত্থাপন কৰে বৰঠাকুৰে ।
![Silsako Beel eviction](https://etvbharatimages.akamaized.net/etvbharat/prod-images/05-09-2023/shilsaku_04092023223432_0409f_1693847072_462.jpg)
ৰমেন চন্দ্ৰ বৰঠাকুৰৰ সৈতে উচ্ছেদস্থলীত উপস্থিত থাকে জাগ্ৰত প্ৰহৰীৰ সম্পাদক মিৰ্জা বৰা , JDU ৰ সভাপতি পৰেশ নাথ, অসম প্ৰদেশ কৃষক কংগ্ৰেছৰ অধ্যক্ষ হৰি প্ৰসাদ শইকীয়াৰ লগতে জাগ্ৰত প্ৰহৰীৰ বহু কেইগৰাকী সদস্য ।
উল্লেখ্য যে, উচ্ছেদিত জনতাৰ অৰ্ধ উলংগ প্ৰতিবাদেও বন্ধ কৰিব পৰা নাই প্ৰশাসনৰ উচ্ছেদ অভিযান । শিলসাঁকোৰ চাৰিওফালে এতিয়া গৃহহাৰাৰ হৃদয় ভঙা কান্দোন । চকুৰ সন্মুখতে মৰমৰ ঘৰখনত পৰিছে চৰকাৰৰ বুলড’জাৰ । নিমিষতে তাচপাতৰ দৰে খহি পৰিছে আপোন ঘৰখন ।
![Silsako Beel eviction](https://etvbharatimages.akamaized.net/etvbharat/prod-images/05-09-2023/shilsaku_04092023223432_0409f_1693847072_716.jpg)
চৰকাৰৰ এই অমানবীয় উচ্ছেদ অভিযানক মানব অধিকাৰ খৰ্ব কৰাৰ অভিযোগ তুলিছে বিভিন্ন দল-সংগঠনে । বিভিন্ন দল সংগঠনৰ লগতে শিলসাঁকোৰ জনতাৰ প্ৰতিবাদকো নেওচি এতিয়া প্ৰশাসনে চলাই গৈছে উচ্ছেদ অভিযান ।
লগতে পঢ়ক: Deprived teachers: চৰকাৰৰ বঞ্চনা; দিন-হাজিৰা কৰি সংসাৰ পোহপাল দিছে ৰাজ্যৰ একাংশ শিক্ষকে