ETV Bharat / state

Basistha Dev Sarma health is deteriorating: বুঢ়া সত্ৰীয়াগৰাকীৰ স্বাস্থ্য সম্প্ৰতি জটিল হৈ আছে : মুখ্যমন্ত্ৰী

author img

By

Published : Oct 20, 2022, 9:33 PM IST

বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়াগৰাকীৰ স্বাস্থ্য সম্প্ৰতি জটিল হৈ আছে ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকে যথাসম্ভৱ সকলো উন্নত চিকিৎসা সেৱা আগবঢ়াই আছে (Assam CM visits GMCH to take stoke of Satradhikar Basistha Dev Sarma) ৷ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ স্বাস্থ্যৰ অৱস্থা বুজ লোৱাৰ অন্তত সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

বুঢ়া সত্ৰীয়াগৰাকীৰ স্বাস্থ্য সম্প্ৰতি জটিল হৈ আছে : মুখ্যমন্ত্ৰী

গুৱাহাটী, 20 অক্টোবৰ : ক্ৰমাৎ স্বাস্থ্যৰ অৱনতি ঘটিছে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ (Steadily Sick Satradhikar Basistha Dev Sarma)৷ 11 অক্টোবৰৰ পৰাই GMCH ত চিকিৎসাধীন হৈ আছে বুঢ়াসত্ৰীয়াগৰাকী ৷ যাক লৈ চিন্তিত হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী ৷

সেয়ে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ গৈ বুজ লয় বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া তথা শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰাপক বশিষ্ঠ দেৱ শৰ্মাৰ স্বাস্থ্যৰ অৱস্থা (Assam CM visits GMCH to take stoke of Satradhikar Basistha Dev Sarma) ৷

ইয়াৰ পিছত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তলাপত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে, বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়াগৰাকীৰ স্বাস্থ্য সম্প্ৰতি জটিল হৈ আছে যদিও গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকে যথাসম্ভৱ সকলো উন্নত চিকিৎসা সেৱা আগবঢ়াই আছে ।

এই সময়ছোৱাত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সৈতে নিয়মিত যোগাযোগ ৰক্ষা কৰি বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ স্বাস্থ্যৰ বুজ লৈ আছে বুলিও সদৰী কৰি মুখ্যমন্ত্ৰীয়ে সত্ৰীয়া সংস্কৃতিৰ সাধকগৰাকীৰ আশু আৰোগ্য কামনা কৰে । বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ স্বাস্থ্যৰ বুজ লোৱাৰ সময়ত মুখ্যমন্ত্ৰীৰ সৈতে শিক্ষামন্ত্ৰী ডাঃ ৰাণোজ পেণ্ড আৰু সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটাও উপস্থিত থাকে ।

উল্লেখ্য যে, শাৰীৰিক অসুস্থতাৰ বাবে বিগত 10 অক্টোবৰৰ পৰাই বৰপেটা মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়াগৰাকীক (Satradhikar Basistha Dev Sarma admitted in BMCH) ৷ তাৰ পাছত উন্নত চিকিৎসাৰ বাবে ১১ অক্টোবৰত বুঢ়াসত্ৰীয়াগৰাকীক GMCH লৈ প্ৰেৰণ কৰা হয় (Satradhikar Basistha Dev Sarma admitted in GMCH) ৷

বৰ্তমানেও GMCH এ চিকিৎসাধীন হৈ আছে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়াগৰাকী (Satradhikar Basistha Dev Sarma) ৷ দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত বিভিন্ন ৰোগত আক্ৰান্ত বুঢ়াসত্ৰীয়াগৰাকীক নিয়মীয়াভাৱে চিকিৎসা সেৱা প্ৰদান কৰি থকা হৈছে (Sick Satradhikar Basistha Dev Sarma) ৷ বুঢ়াসত্ৰীয়াগৰাকীৰ আশু আৰোগ্যৰ বাবে বৰপেটা সত্ৰবাসীৰ লগতে ৰাজ্যখনৰ বিভিন্ন দল সংগঠনেও নেদেখাজনৰ শ্ৰীচৰণত আঠু লৈছে ৷

লগতে পঢ়ক : Basistha Dev Sarma health is deteriorating: ক্ৰমাৎ অসুস্থ হৈ পৰিছে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.