ETV Bharat / state

CM review meeting: ২৫ হাজাৰ কোটিৰ প্ৰকল্পৰ কাম ২০২৬ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্রীৰ - মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

অসম পথ গৱেষণা আৰু কাৰিকৰী প্ৰতিষ্ঠানত লোক নিৰ্মাণ(পথ) বিভাগৰ বিষয়াৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক । গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ২,৬০৮ কোটি টকা ব্যয়সাপেক্ষ নিৰ্মাণ হ'বলগীয়া প্ৰস্তাৱিত দলং সন্দৰ্ভত বিস্তৃত আলোচনা(Guwahati-North Guwahati bridge) । ৪,০০০ কোটি টকা ব্যয়ৰে ১,১০০খন কাঠৰ দলং পকী কৰা হ'ব ।

Assam CM Review meeting With Government officials
২৫ হাজাৰ কোটি টকাৰ বিভিন্ন প্ৰকল্পৰ কাম ২০২৬ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্রীৰ
author img

By

Published : Dec 1, 2022, 8:17 PM IST

গুৱাহাটী, ১ ডিচেম্বৰ: গুৱাহাটীৰ ফটাশিল আমবাৰীস্থিত অসম পথ গৱেষণা আৰু কাৰিকৰী প্ৰতিষ্ঠানত বৃহস্পতিবাৰে লোকনিৰ্মাণ (পথ) বিভাগৰ বিষয়াৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা(Assam CM Himanta Biswa Sarma) । বৈঠকত লোক নিৰ্মাণ বিভাগৰ কেইবাটাও বৃহৎ প্ৰকল্পৰ অগ্ৰগতি সন্দৰ্ভত বিশদভাৱে পৰ্যালোচনা কৰা হয় । বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয় যে কেন্দ্ৰীয় চৰকাৰৰ ২৫ হাজাৰ কোটি টকাৰ অনুদানেৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰি থকা হৈছে । কেন্দ্ৰৰ আৱণ্টিত ধনেৰে ডিমা হাচাওৰ পথ নিৰ্মাণ, কাঠৰ পৰিবৰ্তে দলং পকীকৰণ প্ৰকল্পৰ কাম হাতত লোৱা হৈছে ।

২৫ হাজাৰ কোটি টকাৰ বিভিন্ন প্ৰকল্পৰ কাম ২০২৬ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্রীৰ

কেন্দ্ৰীয় চৰকাৰৰ অৰ্থসাহায্য আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা চলি থকা বিভিন্ন আঁচনি কেনেকৈ নিৰ্দ্দিষ্ট সময়ৰ ভিতৰত কৰিব পৰা যায় তাৰ আজিৰ বৈঠকত পৰ্যালোচনা কৰা হয় । আনহাতে ঠিকাদাৰৰ প্ৰসংগত বিধায়ক মৃণাল শইকীয়াই উত্থাপন কৰা অভিযোগ সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রীয়ে কয় যে মূল কথাটো হ'ল যে ৰাইজক ৰাস্তা বনাই দিব লাগে, ঠিকাদাৰৰ কল্পনাটো মই বহুত কৰি নাথাকো । কাৰণ ঠিকাদাৰক চাব গ'লে ৰাস্তা ক'ৰ পৰা হ'ব । গতিকে মোৰ কাম হৈছে ৰাইজক ৰাস্তা বনাই দিয়া আৰু তাৰ মাজত যিয়ে নিজকে যিধৰণে ফিট কৰিব পাৰে সেইধৰণে কৰিব । বাঘ-শিয়াল মই নাচাও, মই কেৱল ৰাস্তা চাম বুলি মুখ্যমন্ত্রীয়ে কয় ।

Assam CM Review meeting With Government officials
২৫ হাজাৰ কোটি টকাৰ বিভিন্ন প্ৰকল্পৰ কাম ২০২৬ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্রীৰ

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ লগতে কয় যে গুৱাহাটীত তিনিখন নতুন উৰণীয়া সেতু নিৰ্মাণৰ কাম হাতত লোৱা হৈছে । উল্লেখ্য যে আজিৰ পৰ্যালোচনা বৈঠকত গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ২,৬০৮ কোটি টকা ব্যয়সাপেক্ষ নিৰ্মাণ হ'বলগীয়া প্ৰস্তাৱিত দলং সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয় । সেইদৰে ব্ৰহ্মপুত্ৰৰ ওপৰত পলাশবাৰী আৰু শুৱালকুছিৰ ওপৰত ৩,১৯৭ কোটি টকা ব্যয়সাপেক্ষ নিৰ্মাণ হ'বলগীয়া দলং(Palashbari-Sualkuchi bridge), অসম মালাৰ অধীনৰ প্ৰকল্প(Asom Mala Project), প্ৰকল্পৰ খৰচ সন্দৰ্ভতো আলোচনা কৰে মুখ্যমন্ত্রীয়ে ।

সেইদৰে প্ৰায় ৩,৮০০ কোটি টকা ব্যয়ৰে ভাৰত চৰকাৰে অনুমোদন জনোৱা ভূমিস্খলনৰ দ্বাৰা ক্ষতিগ্ৰস্ত ডিমা হাছাও জিলাৰ সম্পূৰ্ণ ৰোডমেপৰ বাবে বহিঃসাহায্যপ্ৰাপ্ত প্ৰকল্পৰ বিষয়েও বৈঠকত আলোচনা কৰা হয় । তদুপৰি মুঠ ৪,০০০ কোটি টকা প্ৰকল্প ব্যয়ৰে ১,১০০খন পকী দলঙলৈ ৰূপান্তৰ হ'বলগীয়া কাঠৰ দলং প্ৰকল্প, ৰাজ্যিক সম্পদ প্ৰকল্পৰ ব্যয়ৰ বাহিৰেও কাৰ্যকৰীকৰণ বা অনুমোদন প্ৰক্ৰিয়াত থকা ২৫,০০০ কোটি টকাৰ প্ৰকল্প সন্দৰ্ভত মুখ্যমন্ত্রীয়ে সংশ্লিষ্ট বিষয়াৰে আলোচনা কৰে ।

বৈঠকত সংশ্লিষ্ট বিষয়াসকলক ২০২৬ চনৰ ভিতৰত এই প্ৰকল্পসমূহৰ কাম সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্রীয়ে নিৰ্দেশ দিয়ে । বৈঠকত অসম চৰকাৰৰ বিশেষ আয়ুক্ত আৰু বিশেষ সচিব ৰাজেশ কেমপ্ৰাই, বিশেষ সচিবদ্বয় বিভূতি শইকীয়া আৰু দিব্যজ্যোতি চহৰীয়া, লোক নিৰ্মাণ (পথ) বিভাগৰ মুখ্য অভিযন্তা সঞ্জীৱ শ্যাম, লোক নিৰ্মাণ (সীমান্ত) বিভাগৰ মুখ্য অভিযন্তা অলোক কুমাৰ দাস, মুখ্য অভিযন্তা (ই এ পি) পৱন তেৰাঙকে ধৰি অন্যান্যসকল উপস্থিত আছিল ।

লগতে পঢ়ক: Dibrugarh University Ragging: ৰেগিংকাণ্ডত অভিযুক্ত পাঁচ ছাত্ৰক জেললৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.