ETV Bharat / state

পুৰীৰ ধৰ্মগুৰু শংকৰাচাৰ্যৰ চৰণ চুই আশীষ ল’লে মুখ্যমন্ত্ৰীয়ে

author img

By

Published : Apr 24, 2022, 6:23 PM IST

দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত হয় পুৰীৰ ধৰ্মগুৰু শংকৰাচাৰ্য (Jagadguru arrives in Guwahati) । দেওবাৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পুৰীৰ ধৰ্মগুৰুজনাক সাক্ষাৎ কৰি (Assam CM meets Jagadguru Shankaracharya Swami) ধৰ্মগুৰু জনাৰ চৰণ চুই আশীষ লয় ৷

Jagadguru arrives in Guwahati
পুৰীৰ ধৰ্মগুৰু শংকৰাচাৰ্যৰ চৰণ চুই আশীষ ল’লে মুখ্যমন্ত্ৰীয়ে

গুৱাহাটী, 24 এপ্ৰিল : দুদিনীয়া ভ্ৰমণসূচীলৈ অসমলৈ আহিছে ধৰ্মগুৰু শংকৰাচাৰ্য স্বামী নিশ্চলানন্দ সৰস্বতী মহাৰাজ (Jagadguru Shankaracharya Swami arrives in Guwahati)। গুৱাহাটীত উপস্থিত হোৱাৰ পিছত ধৰ্মগুৰু জনে মহানগৰীৰ জু নাৰেংগী ৰোডস্থিত সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাৰ বাসগৃহত দেওবাৰে পুৱাৰ ভাগত উপস্থিত হয় ।

ধৰ্মগুৰু জনাক উষ্ম আদৰণি জনাই জয়ন্ত বৰুৱাৰ লগতে তেখেতৰ পৰিয়ালবৰ্গই । ইফালে ধৰ্মগুৰুজনাক সাক্ষাৎ কৰাৰ উদেশ্য জয়ন্ত বৰুৱাৰ বাসগৃহত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰী গৰাকীয়ে ধৰ্মগুৰুজনাক সাক্ষাৎ কৰি অসম তথা অসমবাসীৰ সুখ শান্তিৰ কামনা কৰি তেখেতৰ পৰা আশীৰ্বাদ বিচাৰে ।

উল্লেখ্য যে, ধৰ্মগুৰুজনাই অসমকে ধৰি ভাৰত বৰ্ষৰ বিভিন্ন প্ৰান্তত কেইবাখনো ধৰ্ম সভাত অংশগ্ৰহণ কৰাৰ বাবে বিভিন্ন কাৰ্যসূচী হাতত লৈছে । ইয়াৰে অংশ হিচাপে পুৰীৰ পৰা আৰম্ভ হৈ বিহাৰ, নেপাল, ৰাজস্থানকে ধৰি কেইবাটা স্থানৰ ধৰ্মীয় স্থানত উপস্থিত হোৱাৰ পিছত দেওবাৰে পুৱাৰ ভাগত গুৱাহাটীত উপস্থিত হয় ধৰ্মগুৰু জনে ।

ইফালে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত কংগ্ৰেজে এখনো আসন দখল কৰিব নোৱাৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই (Assam CM reaction on GMC Election results)।

লগতে পঢ়ক : ঢোল-পেঁপা বজাই দিল্লীত সোণোৱালৰে বিহু উপভোগ প্ৰধানমন্ত্ৰীৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.