ETV Bharat / state

তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ ল'লে মুখ্যমন্ত্ৰী সোণোৱালে - সাংসদ গৌৰৱ গগৈ

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ ল'লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ গগৈৰ স্বাস্থ্য সন্দৰ্ভত এইমছৰ চিকিৎসকৰ সৈতে আলোচনাত মিলিত হ'ল গুৱাহাটীৰ চিকিৎসক ৷ স্বাস্থ্য মন্ত্ৰীৰ মন্তব্য, প্ৰয়োজন হলে উন্নত চিকিৎসাৰ বাবে গগৈক এইমছলৈ লৈ যোৱা হ'ব ৷

http://10.10.50.80:6060//finalout3/odisha-nle/thumbnail/26-September-2020/8942165_92_8942165_1601086824723.png

author img

By

Published : Sep 26, 2020, 11:34 AM IST

গুৱাহাটী, 26 চেপ্তেম্বৰ: ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ ল'লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ ক’ভিড-19 ত আক্ৰান্ত হৈ সুস্থ হোৱাৰ পাছত পুনৰ স্বাস্থ্যৰ অৱনতি ঘটাত আই চি ইউত ভৰ্তি বৰ্ষীয়ান কংগ্ৰেছী নেতা গৰাকীক ৷

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা মতে বৃহস্পতি বাৰৰ পৰা তেখেতৰ স্বাস্থ্যৰ অৱস্থা কিছু সুস্থিৰ হৈছে ৷ তিনিবাৰকৈ অসমৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হোৱা বৰ্ষীয়ান নেতাগৰাকী 25 আগষ্ট তাৰিখে ক’ভিড-19 ত আক্ৰান্ত হৈছিল ৷ ইয়াৰ পাছতে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ চিকিৎসাৰ পাছত তেওঁৰ ফলাফল নিগেটিভ আহিছিল যদিও তেওঁ চিকিৎসালয়তে আছিল ৷

বৃহস্পতিবাৰে তেওঁৰ অক্সিজেনৰ মাত্ৰা কমি যোৱাত পুনৰ আই চি ইউত ভৰ্তি কৰোৱা হয় ৷ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ মুখপাত্ৰ গৰাকীয়ে জনোৱা মতে গগৈৰ স্বাস্থ্য সম্পৰ্কত সোণোৱালে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ অচ্যুত বৈশ্যৰ সৈতে আলোচনা কৰিছে আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক সুচিকিৎসা প্ৰদান কৰিবৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহনৰ নিৰ্দেশ দিছে ৷

বৰ্ষীয়ান নেতাগৰাকীৰ পুত্ৰ তথা সাংসদ গৌৰৱ গগৈকো মুখ্যমন্ত্ৰীয়ে ফোন কৰে আৰু তেওঁৰ পিতৃৰ স্বাস্থ্যৰ বুজ লয় ৷ শুকুৰবাৰে গগৈৰ স্বাস্থ্যৰ অৱস্থা কিছু পৰিমানে ভাললৈ আহে ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক সকলে শুকুৰবাৰে ভিডিঅ' কনফাৰেন্স যোগে নতুন দিল্লীৰ এইমছৰ সঞ্চালক ড৹ ৰণদীপ গুলেৰিয়াৰ সৈতে গগৈৰ স্বাস্থ্য সম্পৰ্কত আলোচনাত মিলিত হয় ৷

স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে কয় যে এৰাতিৰ ভিতৰতে গগৈৰ স্বাস্থ্যৰ উন্নতি হৈছে ৷ বৃহস্পতি বাৰৰ পৰা শুকুৰবাৰৰ ভিতৰত তেওঁৰ অক্সিজেনৰ মাত্ৰা 84 শতাংশৰ পৰা 94 শতাংশলৈ বৃদ্ধি পাইছে ৷ তেওঁ লগতে কয় যে গুলেৰিয়াই গগৈক ইয়াৰ চিকিৎসকে প্ৰদান কৰা চিকিৎসাত সন্তুষ্টি প্ৰকাশ কৰিছে ৷ অৱশ্যে তেওঁ আৰু কিছু পৰীক্ষা কৰাৰ কথা কৈছে ৷ শৰ্মাই জনাইছে যে দুই এদিনৰ ভিতৰতে এইমছৰ চিকিৎসকে আহি তেওঁক ইয়াতে পৰীক্ষা কৰিবহি আৰু যদিহে প্ৰয়োজন হয় তেন্তে চিকিৎসাৰ বাবে গগৈক এইমছলৈ লৈ যোৱাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷

লগতে পঢ়ক:পৰ্বতসম সম্পত্তিৰে ধন কুবেৰৰ ৰূপত পি কে দত্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.