গুৱাহাটী, ৯ আগষ্ট : গুৱাহাটীৰ নেডফি হাউছত মঙলবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নেডফি মাইক্ৰ' লেণ্ডিং আঁচনিৰ শুভাৰম্ভ কৰে (NEDFI Micro Landing Scheme)। লগতে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই নেডফি হাট ৱেবছাইটো মুকলি কৰে (NEDFI Haat website launched)। আনহাতে একেটা অনুষ্ঠানতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ-পূব পৰিষদ আৰু নেডফিৰ যৌথ উদ্যোগত প্ৰস্তুত কৰা এটা ম'বাইল এপও মুকলি কৰে ।

অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে জনসেৱাৰ ২৭ টা গৌৰৱময় বছৰ সম্পূৰ্ণ কৰাৰ সৈতে সংগতি ৰাখি নেডফিয়ে উদ্যোগসমূহক সহায় কৰিবলৈ আৰম্ভ কৰা নেডফি মাইক্ৰ' লেণ্ডিং আঁচনিৰ শুভাৰম্ভ কৰি তেওঁ আনন্দিত হৈছে । তেওঁ কয় যে শিক্ষাৰ্থীসকলক স্থানীয় শিপিনীয়ে প্ৰস্তুত কৰা বিদ্যালয়ৰ ইউনিফৰ্ম বিতৰণ কৰাৰ লগতে নেডফি হাট ৱেবছাইট মুকলি কৰি অগ্নিবীৰ আঁচনিৰ অধীনত আবেদনকাৰীৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচীৰ আৰম্ভ কৰা হৈছে । তেওঁ কয় -"আমাৰ চৰকাৰে তিনিটা ক্ষেত্ৰ ক্ৰমে ষ্টাৰ্ট আপ, ক্লাষ্টাৰ ডেভেলপমেণ্ট আৰু এণ্টাৰপ্ৰাইজ ডেভেলপমেণ্টত গুৰুত্ব দি আহিছে ।"

তেওঁ উল্লেখ কৰা মতে ৰাজ্যজুৰি প্ৰায় ২৪ লাখ মহিলাক উপকৃত কৰিবলৈ মাইক্ৰ'ফাইনেঞ্চ উদগনি আৰু সকাহ আঁচনিও ৰূপায়ণ কৰা হৈছে । নেডফি মাইক্ৰ' লেণ্ডিং আঁচনিৰ বাবে ৰাজ্য চৰকাৰে ১০০ কোটি টকা আগবঢ়াব । নেডফিয়ে নিজৰ কৰ্প'ৰেট সামাজিক দায়বদ্ধতাৰ অংশ হিচাপে অগ্নিবীৰ আঁচনিৰ অধীনত আবেদনকাৰীসকলৰ বাবে এক প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰিছে যাতে অগ্নিবীৰ প্ৰত্যাশীসকলক সশস্ত্ৰ বাহিনীত যোগদান কৰিবলৈ উৎসাহিত, প্ৰশিক্ষণ আৰু প্ৰেৰণা দিব পৰা যায় ।
এই পদক্ষেপৰ বাবে প্ৰতিষ্ঠানটোক ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । অনুষ্ঠানত নেডফিৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক পি ভি এছ এল এন মূৰ্তি, কাৰ্যবাহী সঞ্চালক এছ কে বৰুৱাও উপস্থিত থাকে ।
লগতে পঢ়ক :Congress rally: নলবাৰীত মধুপুৰ ব্লক কংগ্ৰেছৰ স্বাধীনতাৰ গৌৰৱময় যাত্ৰাৰ শুভাৰম্ভ