নিউজ ডেস্ক, 14 নৱেম্বৰ : পবিত্ৰ ভায়া দূজৰ দিনটোত কেদাৰনাথ ধামৰ দুৱাৰ শীতকালৰ বাবে বন্ধ থাকিব ৷ উক্ত মুহূৰ্তৰ সাক্ষী হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ পত্নী ৰিণিকি ভূঞা ৷ উল্লেখ্য যে মঙলবাৰে মুখ্যমন্ত্ৰী পত্নীগৰকীয়ে কেদাৰনাথ দৰ্শন কৰাৰ লগতে বুধবাৰে বদ্ৰীনাথ ধামো ভ্ৰমণ কৰিব ।
উল্লেখ্য যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মা সম্প্ৰতি উত্তৰাখণ্ড ভ্ৰমণত আছে । মঙলবাৰে তেওঁ কেদাৰনাথ ধামত উপস্থিত হৈ বাবা কেদাৰক দৰ্শন কৰে ৷ জানিব পৰা মতে, মুখ্যমন্ত্ৰী শৰ্মাৰ পত্নী নিশা কেদাৰনাথ ধামতে থাকিব আৰু বুধবাৰে পুৱা দুৱাৰ বন্ধ হোৱাৰ সাক্ষী হ’ব ।
বুধবাৰে কেদাৰনাথ ধামৰ দুৱাৰ বন্ধ হোৱাৰ পাচত বিকেটিচিৰ সভাপতি অজেন্দ্ৰ অজয়ৰ সৈতে বদ্ৰীনাথ ধাম দৰ্শনলৈ ৰাওনা হ'ব মুখ্যমন্ত্ৰীৰ পত্নী ৷ মন কৰিবলগীয়া যে ভায়া দুজ উৎসৱত অৰ্থাৎ বুধবাৰে পুৱা ৮ বজাত কেদাৰনাথ ধামৰ দুৱাৰ শীতকালৰ বাবে বন্ধ থাকিব । আগন্তুক 6 মাহ বাবা কেদাৰক উখীমাঠত দেখা যাব । বাবা কেদাৰে শীতকালীন বিশ্ৰাম ল’বলৈ উপস্থিত হ’ব ওমকাৰেশ্বৰ মন্দিৰ আৰু উখিমঠত । আগন্তুক 6 মাহত বাবা কেদাৰক উখীমাঠতে দেখা যাব ।
উল্লেখ্য যে এই বৰ্ষত কেদাৰনাথ যাত্ৰাই অভিলেখ সৃষ্টি কৰিলে । এই পৰ্যন্ত ১৯ লাখ ৫৫ হাজাৰতকৈ অধিক ভক্তই বাবা কেদাৰৰ মন্দিৰত উপস্থিত হৈছে ।
লগতে পঢ়ক : Moinaporia Namghar : ঐতিহাসিক মইনাপৰীয়া নামঘৰত উপস্থিত মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মা