ETV Bharat / state

Pragyan Bharti Scheme: খানাপাৰত মেধাৱী ছাত্ৰ-ছাত্ৰীক স্কুটী বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰী

author img

By

Published : Nov 30, 2022, 6:11 PM IST

Updated : Nov 30, 2022, 7:04 PM IST

স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়নৰত সকলো ছাত্ৰীক মাহে ১০০০কৈ টকা প্ৰদান কৰা হ’ব । খানাপাৰাত মেধাৱী ছাত্ৰ-ছাত্ৰীক স্কুটী বিতৰণ কৰি এই ঘোষণা মুখ্যমন্ত্ৰীৰ(Dr Banikanta Kakati Merit Award) । পৰ্টেলত সকলো ছাত্ৰীক আৱেদন কৰাৰ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ ।

Pragyan Bharti Scheme
খানাপাৰত মেধাৱী ছাত্ৰ-ছাত্ৰীক স্কুটি বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰী

গুৱাহাটী. ৩০ নৱেম্বৰ: গুৱাহাটীৰ খানাপাৰা খেলপথাৰত বুধবাৰে ৩৫,৮০০ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক ড৹ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান কৰা হয়(Dr Banikanta Kakati Merit Award) । প্ৰজ্ঞান ভাৰতী আঁচনিৰ(Pragyan Bharti Scheme) অধীনত ২০২২ বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৭৫ শতাংশ বা ততোধিক নম্বৰ পোৱা ছাত্ৰ আৰু প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীসকললৈ বঁটা হিচাপে স্কুটী বিতৰণ কৰা‌ হয়(Assam cm distributed scooters) । ৭৫ শতাংশ বা ততোধিক নম্বৰপ্ৰাপ্ত ছাত্ৰৰ সংখ্যা ৬,০৫২ গৰাকী আৰু প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীৰ সংখ্যা ২৯,৭৪৮ গৰাকী(Higher Secondary Examination 2022) ।

খানাপাৰত মেধাৱী ছাত্ৰ-ছাত্ৰীক স্কুটী বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰী

খানাপাৰা খেলপথাৰৰ কেন্দ্ৰীয় অনুষ্ঠানত কামৰূপ মহানগৰ আৰু কামৰূপ জিলাৰ ছাত্ৰ-ছাত্ৰীক স্কুটাৰ আৰু নলবাৰী, দৰং, নগাওঁ আৰু মৰিগাঁৱৰ ছাত্ৰ-ছাত্ৰীক প্ৰশংসা পত্ৰসমূহ প্ৰদান কৰা হয় । অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলক স্কুটী আৰু প্ৰশংসা পত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে আজিৰ দিনটো মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কৃতিত্বৰ স্বীকৃতিৰ দিন । তেওঁ ছাত্ৰ-ছাত্ৰীসকলক শুভেচ্ছা জনায় ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে মহাবিদ্যালয়ত নতুন ধৰণে ছাত্ৰ-ছাত্ৰীক শিক্ষা দিয়াৰ বাবে আহ্বান জনায় । ডিচেম্বৰৰ ভিতৰত স্কুটী বিতৰণ সম্পূৰ্ণ কৰা হ’ব বুলি তেওঁ সভাত জানিবলৈ দিয়ে(Scooters to meritorious boys and girls of Kamrup) । তেওঁ স্নাতকোত্তৰত অধ্যয়নৰত ছাত্ৰীক ১০০০ টকাকৈ প্ৰতিমাহে দিয়া আঁচনি আৰম্ভ কৰাৰ কথা জানিবলৈ দিয়ে ৷ এই আঁচনিৰ অধীনত ১০ মাহত ১০ হাজাৰ টকা দিয়া হ’ব । পৰ্টেলত সকলো ছাত্ৰীক আৱেদন কৰাৰ বাবে তেওঁ আহ্বান জনায় ।

স্নাতক পৰ্যায়ৰ ছাত্ৰীসকলকৰ বাবে ভৱিষ্যতে এনেধৰণৰ আঁচনি ৰূপায়নৰ বাবে চৰকাৰে চিন্তা কৰাৰ কথা তেওঁ জানিবলৈ দিয়ে ৷ অনুষ্ঠানত শিক্ষামন্ত্ৰী ৰণোজ পেগুয়ে কয় যে অসমত সোনকালে ৩০ খন বিশ্ববিদ্যালয় হ’ব । ইয়াৰে ৯ প্ৰাইভেট বিশ্ববিদ্যালয় হ'ব । নতুন মেডিকেল কলেজ হ’ব । আনহাতে ডিব্ৰ্গড় বিশ্ববিদ্যালয়ত সংঘটিত ৰেগিঙৰ ঘটনাক তেওঁ কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে এনেধৰণৰ অসভ্য কাম সহ্য কৰা‌ নহ’ব । শিক্ষানুষ্ঠানত ৰেগিং মানি লোৱা নহ'ব । শিক্ষা বিভাগ ইয়াৰ বিৰুদ্ধে কঠোৰ হ‘ব ।

তেওঁ আৰু কয় যে ৰেগিং নামৰ শব্দটো নোহোৱা কৰিব লাগিব । উল্লেখ্য অসমৰ অন্যান্য জিলাসমূহত জিলা ভিত্তিক অনুষ্ঠানত স্কুটাৰসমূহ প্ৰদান কৰা হ’ব । অনুষ্ঠানত কৃষি মন্ত্ৰী অতুল বৰা, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ননী গোপাল মহন্ত উপস্থিত আছিল ।

লগতে পঢ়ক: CM meeting in Cachar: মঞ্চত মুখ্যমন্ত্ৰীৰ ভাষণ, তলত উচ্ছেদিতৰ প্ৰতিবাদ

Last Updated : Nov 30, 2022, 7:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.