ETV Bharat / state

Assam CM Meet Amit Shah : অমিত শ্বাহেৰে আফস্পা সম্পূৰ্ণ প্ৰত্যাহাৰৰ ৰোডমেপ সম্পৰ্কে আলোচনা মুখ্যমন্ত্ৰীৰ - Himanta Biswa Sarma meet with Amit Shah

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে অসমৰ পৰা আফস্পা সম্পূৰ্ণৰূপে প্ৰত্যাহাৰৰ পথ প্ৰশস্ত কৰাৰ বাবে মুখ্যমন্ত্ৰীক কিছু পৰামৰ্শ আগবঢ়ায় । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৃহমন্ত্ৰী শ্বাহক আশ্বাস দিয়ে যে ৰাজ্য চৰকাৰে সেই পৰামৰ্শসমূহৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব ।

Assam CM Meet Amit Shah
Assam CM Meet Amit Shah
author img

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 6:15 PM IST

নিউজ ডেস্ক, ৪ ছেপ্টেম্বৰ : অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে । তেওঁ ৰাজ্যখনৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন (AFSPA) সম্পূৰ্ণৰূপে প্ৰত্যাহাৰৰ বাবে অনুৰোধ জনায় । ৰাজ্য চৰকাৰৰ এক বিজ্ঞপ্তি অনুসৰি, ৩০ মিনিট ধৰি চলা বৈঠকত মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে অসমৰ পৰা আফস্পা সম্পূৰ্ণৰূপে প্ৰত্যাহাৰৰ ৰোডমেপ সন্দৰ্ভত আলোচনা কৰে ।

মুখ্যমন্ত্ৰীয়ে আইন-শৃংখলা পৰিস্থিতিৰ গুৰুত্বপূৰ্ণ উন্নতি, কেইবাখনো শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদৰ সৈতে উগ্ৰপন্থী সংগঠনসমূহৰ বহুসংখ্যক আত্মগোপনকাৰী কেডাৰৰ আত্মসমৰ্পণ আৰু সুৰক্ষা কৰ্মী আৰু অসামৰিক লোকৰ মৃত্যুৰ সংখ্যা ব্যাপক হাৰত হ্ৰাসক অসমৰ পৰা আফস্পা সম্পূৰ্ণৰূপে উঠাই লোৱাৰ কাৰণ হিচাপে উল্লেখ কৰে ।

আনহাতে, কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে অসমৰ পৰা আফস্পা সম্পূৰ্ণৰূপে প্ৰত্যাহাৰৰ পথ প্ৰশস্ত কৰাৰ বাবে মুখ্যমন্ত্ৰীক কিছু পৰামৰ্শ আগবঢ়ায় বুলি বিজ্ঞপ্তিটোত কোৱা হৈছে । ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৃহমন্ত্ৰী শ্বাহক আশ্বাস দিয়ে যে ৰাজ্য চৰকাৰে সেই পৰামৰ্শসমূহৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব ।

বৈঠকৰ পিছত এক্সত (পূৰ্বতে টুইটাৰ) মুখ্যমন্ত্ৰীয়ে কয়, "মই আজি মাননীয় কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহজীক তেওঁৰ বাসগৃহত সাক্ষাৎ কৰি অসমৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন সম্পূৰ্ণৰূপে প্ৰত্যাহাৰৰ ৰোডমেপ সন্দৰ্ভত আলোচনা কৰোঁ । অসম চৰকাৰে মাননীয় গৃহমন্ত্ৰীৰ পৰামৰ্শৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব ।"

  • I met Hon’ble Union Home Minister @AmitShah ji at his residence today to discuss the roadmap for the complete withdrawal of the Armed Forces Special Powers Act from Assam. The Government of Assam will take further steps based on the suggestions of Hon’ble Home Minister

    — Himanta Biswa Sarma (@himantabiswa) September 4, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে সমগ্ৰ অসমতে ১৯৯০ চনৰ পৰা 'অশান্ত অঞ্চল' অধিসূচনা বলৱৎ হৈ আছে । আনহাতে, ২০২২ চনৰ ১ এপ্ৰিলত নখন জিলা আৰু এখন জিলাৰ এটা মহকুমাক বাদ দি সমগ্ৰ অসমৰ পৰা আফস্পা আঁতৰোৱা হয় ।

১ এপ্ৰিলৰ পৰা কাছাৰ জিলাৰ লখিপুৰ মহকুমাৰ পৰা এই আইন প্ৰত্যাহাৰৰ ফলত অসমত আফস্পাৰ অধীনৰ জিলাৰ সংখ্যা আঠখনলৈ হ্ৰাস পায় । উল্লেখ্য যে আইনখনে 'অশান্ত অঞ্চল'ত নিয়োজিত সশস্ত্ৰ বাহিনী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীক (চিএপিএফ) কোনো ৱাৰেণ্ট অবিহনে এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ আৰু আন কিছুমান পদক্ষেপৰ সৈতে ৱাৰেণ্ট অবিহনে চৌহদত প্ৰৱেশ বা অনুসন্ধান কৰাৰ ক্ষমতা প্ৰদান কৰে ।

উল্লেখ্য, গৃহ মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ২০১৪ চনৰ তুলনাত ২০২২ চনত উত্তৰ-পূৰ্বাঞ্চলত সংঘটিত উগ্ৰপন্থী ঘটনা ৭৬ শতাংশ হ্ৰাস পাইছে । একেদৰে এই সময়ছোৱাত নিৰাপত্তাৰক্ষী আৰু অসামৰিক লোকৰ মৃত্যু ক্ৰমান্বয়ে ৯০ শতাংশ আৰু ৯৭ শতাংশ হ্ৰাস পাইছে ।

ইফালে মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাই গুৱাহাটীত স্বাধীনতা দিৱসৰ ভাষণত উল্লেখ কৰিছিল যে তেওঁৰ চৰকাৰৰ লক্ষ্য হৈছে ২০২৩ চনৰ শেষৰ ফালে ৰাজ্যখনৰ পৰা আফস্পা সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰাটো ।

"আমাৰ চৰকাৰ শাসনলৈ অহাৰ পিছত বৰ্তমান অসমৰ আঠখন জিলাত আফস্পা বলৱৎ হৈ আছে । আমাৰ চৰকাৰৰ লক্ষ্য হৈছে এই বছৰৰ শেষৰ ফালে ৰাজ্যখনৰ পৰা আফস্পা সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰাটো । আমাৰ চৰকাৰ শাসনলৈ অহাৰ আগতে, পূৰ্বৰ চৰকাৰবোৰে কেন্দ্ৰক আফস্পা ৬২ বাৰ সম্প্ৰসাৰিত কৰিবলৈ অনুৰোধ কৰিছিল । এতিয়া পৰিস্থিতি উন্নত হৈ আহিছে ।" তেওঁ কয় ।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে তেওঁৰ কাৰ্যকালত বিদ্ৰোহী গোটসমূহৰ সৈতে চাৰিখন শান্তি চুক্তি স্বাক্ষৰিত হৈছো আৰু প্ৰায় ৮,০০০ উগ্ৰপন্থীক মূলসুঁতিলৈ উভতাই অনা হৈছে ।

লগতে পঢ়ক :Karnataka Model in Assam: কৰ্ণাটক চৰকাৰৰ আৰ্হিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰাজ্য চলাবলৈ আহ্বান ভূপেন বৰাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.