ETV Bharat / state

Umakanta Bairagi passed away: লোক সংস্কৃতিৰ সাধক উমাকান্ত বৈৰাগীৰ বিয়োগত শোকস্তব্ধ ৰাজ্য়বাসী

author img

By

Published : Jul 26, 2023, 4:44 PM IST

আজি অনন্ত ধামলৈ গতি কৰিলে অসমৰ লোক-সংস্কৃতিৰ সাধক, টোকাৰী গীতৰ সম্ৰাট তথা সংগীত নাটক একাডেমী বঁটা প্ৰাপক উমাকান্ত বৈৰাগীয়ে ৷ লোক সংস্কৃতিৰ সাধকগৰাকীৰ মৃত্য়ুত শোক প্ৰকাশ কৰিছে মখ্যমন্ত্ৰীয়ে ।

Umakanta Bairagi passed away in Guwahati
সংগীত নাটক একাডেমী বঁটা প্ৰাপক উমাকান্ত বৈৰাগী

গুৱাহাটী, ২৬ জুলাই: অসমীয়া লোক সংগীত সাধনাৰ এক অধ্যয়ৰ পৰিসমাপ্তি । লোক সংস্কৃতিৰ নিৰলস প্ৰচেষ্টাৰে অসমৰ সংস্কৃতিৰ পথাৰখন জীপাল কৰা বিশিষ্ট শিল্পী উমাকান্ত বৈৰাগীই বুধবাৰে পুৱা ৭.১০ বজাত শেষ নিশ্বাস ত্যাগ কৰে । টোকাৰী গীতৰ সম্ৰাট তথা লোক সংস্কৃতিৰ সাধক উমাকান্ত বৈৰাগীয়ে বিগত চাৰিমাহ ধৰি যকৃত ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ স'তে যুঁজি হাৰ মানিলে । মৃত্যুৰ সময়ত শিল্পীজনাৰ বয়স আছিল ৮১ বছৰ । লোক সংস্কৃতিৰ সাধকগৰাকীৰ মৃত্য়ুত শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু বিশিষ্ট ব্য়ক্তিসকলে ।

লোক সংস্কৃতিৰ সাধক উমাকান্ত বৈৰাগীৰ জন্ম হৈছিল ডিব্ৰুগড় জিলাৰ খোৱাং চাউলকৰা গাঁৱত ১৯৪৮ চনৰ ৫ ছেপ্তেম্বৰত । তেওঁ অসমৰ লোক সঙ্গীত,দেহ বিচাৰ,টোকাৰী গীত পৰিবৱেশন কৰিছিল । শিল্পীগৰাকী মহাপুৰুষীয়া ধৰ্ম সংস্কৃতিৰ ভাওনাৰ বায়ন, দিহানাম, তথা নাম প্ৰসঙ্গৰ আধ্যাত্মিক চৰ্চা আৰু পৰিবেশনৰ লগত জড়িত আছিল । লোক সংগীত সাধনাৰ বাবে উমাকান্ত বৈৰাগীয়ে লাভ কৰিছিল ২০১৩ বৰ্ষৰ সংগীত নাটক অকাডেমী বঁটা । ৭০০ ৰো অধিক টোকাৰী গীতৰ স্ৰষ্টা আছিল উমাকান্ত বৈৰাগী ।

উমাকান্ত বৈৰাগীৰ মৃত্যুয়ে সংস্কৃতিক জগতত শোকৰ ছাঁ পেলাইছে । অসমৰ লোক-সংস্কৃতিৰ পথাৰখন চহকী কৰি যোৱা বিশিষ্ট শিল্পীগৰাকীৰ প্ৰয়াণত গভীৰ শোক প্ৰকাশ কৰিছে ৰাজ্যবাসীয়ে । অসমৰ পৰম্পৰাগত সংস্কৃতিৰ এক চানেকি টোকাৰী গীতৰ একান্ত সাধনা আৰু প্ৰসাৰেৰে তেওঁ অসংখ্যজনক মন্ত্ৰমুগ্ধ কৰি থৈ গৈছে । তেওঁৰ মৃত্য়ুত গভীৰ শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়," অসমীয়া লোক-সংস্কৃতি জগতৰ বৰেণ্য় ব্য়ক্তিসত্ত্বা পৰম শ্ৰদ্ধাৰ উমাকান্ত বৈৰাগীদেৱৰ পৰলোকপ্ৰাপ্তিৰ খবৰটিয়ে মোক মৰ্মাহত কৰি তুলিছে । অসমৰ বৰ্ণিল কলা-সংস্কৃতিৰ অভিন্ন অংগ টোকাৰী গীতৰ ভঁৰাল চহকী কৰি অনৱদ্য় সৃষ্টিৰাজিৰে সহস্ৰজনক মোহাচ্ছন্ন কৰা বৈৰাগীদেৱৰ বিয়োগ ৰাজ্য়ৰ সাংস্কৃতিক আৰু সামাজিক ক্ষেত্ৰৰ বাবে এক অপূৰণীয় ক্ষতি ।"

উমাকান্ত বৈৰাগীৰ বিয়োগত শোক প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়,"নিৰলস প্ৰচেষ্টাৰে অসমৰ লোক-সংস্কৃতিৰ পথাৰখন জীপাল কৰি যোৱা বিশিষ্ট শিল্পী উমাকান্ত বৈৰাগীদেৱৰ প্ৰয়াণত গভীৰ শোক প্ৰকাশ কৰিছো । আমাৰ পৰম্পৰাগত সংস্কৃতিৰ এক চানেকি টোকাৰী গীতৰ একান্ত সাধনা আৰু প্ৰসাৰেৰে তেওঁ অসংখ্যজনক মন্ত্ৰমুগ্ধ কৰি থৈ গৈছে ।

ইফালে, বৈৰাগীৰ হেঙেৰাবাৰীস্থিত কাঞ্চন নগৰৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰৰ লগতে বহু কেইগৰাকী শিল্পীয়ে । শিল্পীগৰাকীৰ বিয়োগত শোক প্ৰকাশ কৰে অসম সাহিত্য সভায়ো । অসম সাহিত্য সভাৰ সভাপতি ড৹ সূৰ্যকান্ত হাজৰিকাই এক শোকবাৰ্তাত শিল্পীগৰাকীৰ বিয়োগ অসমৰ সংগীত জগতৰ অপূৰণীয় ক্ষতি বুলি অভিহিত কৰি অসমৰ বাৰেৰহণীয়া কলা-সংস্কৃতিৰ অনুপম অংগ টোকাৰী গীতৰ প্ৰচাৰ আৰু প্ৰসাৰত প্ৰয়াত শিল্পীগৰাকীৰ অৱদান শ্ৰদ্ধাৰে স্মৰণ কৰে‌ । ইপিনে,আবেলি নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্য্যদাৰে তেওঁৰ শেষকৃত্য় সম্পন্ন কৰা হয় ।

লগতে পঢ়ক:Guwahati Urban Forest: গুৱাহাটীৰ ১৮ খন পাহাৰৰ ব্যাপক অৱক্ষয়ৰ বিপৰীতে ‘আৰবান ফৰেষ্ট’ৰ পৰিকল্পনা চৰকাৰৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.