ETV Bharat / state

Rahul Gandhi disqualification: মুখ্যমন্ত্ৰী শৰ্মাৰ বক্তব্যত ক্ষুন্ন হৈ বিৰোধীয়ে এৰিলে সদন - Assam assembly news

বুধবাৰে অসম বিধানসভাৰ সদনত ৰাহুল গান্ধীৰ বিষয়ক লৈ এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হয় ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীক অপৰিপক্ক বুলি মন্তব্য কৰাৰ পাচতে ক্ষুব্ধ বিৰোধীয়ে ত্যাগ কৰিলে সদন (Assam CM called Rahul Gandhi immature) ৷

Rahul Gandhi issue in Assam assembly
Assam CM called Rahul Gandhi immature
author img

By

Published : Mar 29, 2023, 6:33 PM IST

ৰাহুল গান্ধীৰ বিষয়ক লৈ অসম বিধানসভাত হুলস্থূল

গুৱাহাটী, 29 মাৰ্চ: বুধবাৰে অনুষ্ঠিত বিধানসভাৰ অধিৱেশনত প্ৰায় গোটেই দিনটো কংগ্ৰেছ দলৰ শীৰ্ষ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ প্ৰসংগক লৈ সদনৰ মজিয়া উত্তাল হৈ থাকে । বিধানসভাত কংগ্ৰেছ দলৰ শীৰ্ষ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত‌ বিশ্ব শৰ্মাই কেবাটাও আপত্তিজনক মন্তব্য দিয়া বুলি কংগ্ৰেছৰ বিধায়কসকলে অভিযোগ কৰি সদনৰ পৰিৱেশ উত্তাল কৰে ৷ লগতে অৱশেষত অধিৱেশন আধাতে ত্যাগ কৰে (Rahul Gandhi issue in Assam assembly) ।

উল্লেখ্য যে, আজি অসম বিধান সভাৰ মজিয়াত প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলীৰ নিয়ম 56 নং বিধি অনুসৰি বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই কংগ্ৰেছ বিধায়িনী দলৰ সদস্যসকলৰ সহযোগিতাত সদনৰ সভা স্থগিত কৰাৰ আহ্বান জনায় ৷ দেশৰ সংবিধান আৰু গণতন্ত্ৰ ৰক্ষাৰ বাবে ৰাহুল গান্ধীৰ লোকসভাৰ সদস্য পদ তাৎক্ষণিকভাৱে খাৰিজ কৰাৰ দৰে আইন বহিঃৰ্ভূত কাম বন্ধ কৰিবলৈ ভাৰতৰ ৰাষ্ট্ৰপতিলৈ প্ৰস্তাৱ প্ৰেৰণ কৰি জৰুৰীভাৱে ৰাজহুৱা গুৰুত্বপূৰ্ণ বিষয়টোৰ আলোচনাৰ দিহা কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায় (Assam assembly budget session) ।

লগতে পঢ়ক: Rahul Gandhi Disqualification: ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক লৈ উত্তাল‌ বিধানসভা

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দলক ইয়াৰ উত্তৰ দিবলৈ গৈ আৰম্ভণিতে কয়, "আপোনালোকে‌ কালিয়ে‌ বিধায়নী দলৰ সভাত সদনত হুলস্থূল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি আজি সাজু হৈ আহিছে । এই কথাৰ মই আগতে খবৰ পাইছো । মুখ্যমন্ত্ৰীৰ এই কথাৰ স্পষ্টীকৰণ বিচাৰি বিৰোধী বিধায়ক সকলে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে । পিচত অধ্যক্ষই ২০ মিনিটৰ বাবে সদন স্থগিত ৰখাৰ সিদ্ধান্ত লয় (Assam assembly news)।

পিচত পুনৰ সদনৰ কাম-কাজ আৰম্ভ হয় যদিও কংগ্ৰেছৰ বিধায়ক ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰীক কংগ্ৰেছৰ বিধায়িনী দলৰ সভাৰ বিষয়ে কৰা মন্তব্য উঠাই ল’বলৈ দাবী জনায় ।‌ মুখ্যমন্ত্ৰীয়ে এই দাবী মানি লৈ মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ বিধায়িনী দলৰ সভাৰ বিষয়ে কৰা মন্তব্য উঠাই লয় । মুখ্যমন্ত্ৰীয়ে কয় যে, দেশৰ সংবিধান আৰু গণতন্ত্ৰ ৰক্ষাৰ বাবে আদালতে আৰু চৰকাৰে কাম কৰি আছে । ৰাহুল গান্ধীৰ লোকসভাৰ সদস্য পদ আইন বহিঃৰ্ভূতভাৱে খাৰিজ কৰা হোৱা‌ নাই । এই সন্দৰ্ভত তেওঁ বিভিন্ন যুক্তি দাঙি ধৰে (Assam CM called Rahul Gandhi immature)।

লগতে পঢ়ক: Assam Assembly 2023: ৰাহুল গান্ধীৰ প্ৰসংগ উত্থাপন কৰাক লৈ বিৰোধীক অকৰ্মণ্য আখ্যা ৰূপজ্যোতি কুৰ্মীৰ

ভাষণত প্ৰসংগত মুখ্যমন্ত্ৰীয়ে, ৰাহুল‌ গান্ধী এগৰাকী অপৰিপক্ক ৰাজনীতিক বুলি মন্তব্য কৰে । এই মন্তব্যকলৈ কংগ্ৰেছৰ বিধায়কসকল অগ্নিশৰ্মা হৈ পৰে । ইপিনে সমান্তৰালভাবে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কংগ্ৰেছৰ প্ৰস্তাৱ নাকচ কৰে । পিচত কংগ্ৰেছৰ বিধায়কসকলে ইয়াৰ বিৰোধিতা কৰি সদন ত্যাগ কৰে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.