ETV Bharat / state

সমাজ সংগঠক দীপক কুমাৰ বৰঠাকুৰৰ শেষকৃত্য অনুষ্ঠানত মুখ্যমন্ত্ৰী - মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা

ৰাজ্য চৰকাৰৰ উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ উপাধ্যক্ষ দীপক কুমাৰ বৰঠাকুৰে(Vice-Chairman of SITA Dipok Kumar Barthakur) বুধবাৰে শেষ নিশ্বাস ত্যাগ কৰে । তেওঁ অসমত থিয়েটাৰ প্ৰচাৰত অগ্ৰণী আছিল আৰু 'নিউ আৰ্ট প্লেয়াৰছৰ' প্ৰধান প্ৰৱৰ্তক আছিল । ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ তেওঁ এগৰাকী আগশাৰীৰ ব্যক্তি আছিল ৷

cm-himanta-biswa-sarma-attended-dipak-borthakur-funeral
সমাজ সংগঠক দীপক কুমাৰ বৰঠাকুৰৰ শেষকৃত্য অনুষ্ঠানত মুখ্যমন্ত্ৰী
author img

By

Published : Feb 20, 2022, 9:45 AM IST

গুৱাহাটী, 20 ফেব্ৰুৱাৰী : বিশিষ্ট সমাজ সংগঠক, উদ্যোগপতি তথা প্ৰশাসক দীপক কুমাৰ বৰঠাকুৰৰ শেষকৃত্য শনিবাৰে নৱগ্ৰহ শ্মশানত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয় ৷ শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই(Assam CM attended Dipak borthakur Funeral) তেখেতৰ নশ্বৰ দেহত মাল্যাৰ্পণেৰে শ্ৰদ্ধা নিবেদন কৰে ৷ শেষকৃত্য অনুষ্ঠানত অসম চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী, বিষয়া তথা অসংখ্য গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷

cm-himanta-biswa-sarma-attended-dipak-borthakur-funeral
সমাজ সংগঠক দীপক কুমাৰ বৰঠাকুৰৰ শেষকৃত্য অনুষ্ঠানত মুখ্যমন্ত্ৰী

প্ৰয়াত দীপক কুমাৰ বৰঠাকুৰলৈ শেষ শ্ৰদ্ধা নিবেদন কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই বিশিষ্ট সমাজ সংগঠক তথা প্ৰশাসকগৰাকীৰ বিয়োগ ৰাজ্যখনৰ বাবে এক অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰে৷ তেওঁ প্ৰয়াত বৰঠাকুৰে ৰাজ্যখনৰ উদ্যমিতা আৰু ঔদ্যোগিক বিকাশৰ দিশলৈ আগবঢ়োৱা বৰঙণিৰ কথা শ্ৰদ্ধাৰে সোঁৱৰণ কৰে ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, মানৱীয় দৃষ্টিভংগী সম্পন্ন এইগৰাকী সমাজ সংগঠকে সমাজৰ বিভিন্ন শ্ৰেণীৰ জনসাধাৰণৰ সৈতে সু-সম্পৰ্ক ৰক্ষা কৰাৰ উপৰি বিভিন্ন শ্ৰেণীৰ জনসাধাৰণৰ সৱলীকৰণৰ দিশতো অৰিহণা আগবঢ়াই গৈছে ৷ ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ উপাধ্যক্ষ হিচাপে তেখেতে আগবঢ়াই যোৱা ভূমিকা জনসাধাৰণে শ্ৰদ্ধাৰে স্মৰণ কৰিব ৷ মুখ্যমন্ত্ৰীয়ে প্ৰয়াত বৰঠাকুৰৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ উপৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৷

লগতে পঢ়ক : পৰিবহন বিভাগৰ ১০ টা অনলাইন সেৱা মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.