ETV Bharat / state

'কৌন বনেগা কৌড়পতি' ত অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা !

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা মাথো ৰাজ্যতে সীমাবদ্ধ থকা নাই ৷ ছনী টিভিৰ অতি জনপ্ৰিয় অনুষ্ঠান 'কৌন বনেগা কৌড়পতি'ত (KBC 13) এইবাৰ উত্থাপিত হ’ল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগ ।

Assam Chief Minister Himanta Biswa Sharma in 'kaun banega karoorpati'
'কৌন বনেগা কৌড়পতি'ত অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা
author img

By

Published : Sep 7, 2021, 2:18 PM IST

গুৱাহাটী, ৭ ছেপ্তেম্বৰ : ছনী টিভিৰ অতি জনপ্ৰিয় অনুষ্ঠান 'কৌন বনেগা কৌড়পতি'ত (KBC) এইবাৰ উত্থাপিত হ’ল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ প্ৰসংগ । বিধানসভা নিৰ্বাচনৰ সময়ত যুৱচামৰ মাজত হিমন্ত বিশ্ব শৰ্মা 'মামা' নামেৰে বিশেষভাৱে চৰ্চিত তথা জনপ্ৰিয় হৈছিল । হিমন্ত বিশ্ব শৰ্মাৰ সেই জনপ্ৰিয়তা অসমতে সীমাবদ্ধ নাছিল । দেশজুৰি 'মামা' নামটো জনপ্ৰিয় হৈছিল ।

হিমন্ত বিশ্ব শৰ্মাৰ সেই জনপ্ৰিয়তাই স্থান পাইছে কৌন বনেগা কৌড়পতি অনুষ্ঠানত । ইয়াকে লৈ এতিয়া ব্যাপক চৰ্চা চলিছে ছ’চিয়েল মিডিয়াত । সোমবাৰে কৌন বনেগা কৌড়পৰি অনুষ্ঠানত হিমন্ত বিশ্ব শৰ্মাৰ 'মামা' নামটোক লৈ প্ৰশ্ন উত্থাপন কৰে অনুষ্ঠানটোৰ অন্যতম গুৰিধৰোতা স্ব‍নামধন্য অভিনেতা অমিতাভ বচ্চনে । বিভিন্ন প্ৰশ্ন সোধা হয় কৌন বনেগা কৌড়পতি অনুষ্ঠানটোত যাৰ এইবাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লৈ এটা প্ৰশ্ন কৰা হয় ।

৫ নম্বৰ প্ৰশ্নটোৰ বিপৰীতে আছিল দহ হাজাৰ টকা । অংশগ্ৰহণকাৰীলৈ অমিতাভ বচ্চনে প্ৰশ্ন কৰে যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তলৰ কোনটো নামেৰে জনা যায়- ১)খুড়া ২)মামা ৩)কাকা ৪)বৰদেউতা।

অংশগ্ৰহণকাৰীজনে লগে লগে 'মামা' বুলি কৈ শুদ্ধ উত্তৰটো দিয়ে । শুদ্ধ উত্তৰ মামা বুলি কৈ অংশগ্ৰহণকাৰীয়ে লাভ কৰে ১০,০০০ টকা । সম্প্ৰতি এই ভিডিঅ’ ছ’চিয়েল মিডিয়াত তীব্ৰগতিত ভাইৰেল হৈ পৰিছে । উল্লেখ্য যে, নিৰ্বাচনৰ সময়ত 'মামা' নামেৰে বিশেষ চৰ্চাত থকা হিমন্ত বিশ্ব শৰ্মা কৌন বনেগা কৌড়পতিৰে পুনৰ 'মামা' নামটোৰে চৰ্চালৈ আহিছে ।

লগতে পঢ়ক : 9 ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব 13 সংখ্যক BRICS সন্মিলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.