ETV Bharat / state

CM Press meet: 14 মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলং

author img

By

Published : Jun 11, 2023, 8:56 PM IST

"শিলসাঁকো বিলত পানী জমা কৰিব নোৱাৰিলে আমি গুৱাহাটীৰ কৃত্ৰিম পানী সমস্যা সমাধান কৰিব নোৱাৰিম ৷ গুৱাহাটীবাসীয়ে এইটো কথাত ভালহে পাব লাগে ৷ ১৫০ টা পৰিয়ালক ক্ষতিপূৰণ দিব চৰকাৰে ৷ ২৫ লাখ টকা দি মই ফ্লেট কিনি দিম, কিন্তু দখল কৰিব নালাগে ৷ শিলসাঁকোৰ মানুহবোৰটো মোৰেই মানুহ ৷" মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Assam chief minister addressed press meet in Guwahati
14 মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং

গুৱাহাটী, 11 জুন: "অহা 14 মাহৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলং ৷" নিৰ্মীয়মান গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙৰ কামৰ বুজ লৈ দেওবাৰে এই মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে, নিউ ডেভলপমেন্ট বেংক আৰু অসম চৰকাৰৰ যুটীয়া অৰ্থ সাহাৰ্যত নিৰ্মাণ কৰি থকা হৈছে দলংখন ৷ এই দলংখনৰ সম্পূৰ্ণ প্ৰকল্পটো 26 শ কোটি টকাৰ ৷ ইতিমধ্যে দলং নিৰ্মাণৰ নামত 19 শ কোটি টকা খৰচ হৈছে ৷

শেহতীয়াকৈ দলংখনৰ নিৰ্মাণ কাৰ্যত নিয়োজিত হৈ থকা কোম্পানীটোৱে বিহাৰত নিৰ্মাণ কৰা দলং ভাঙি যোৱাৰ ফলত আমি বেছি সতৰ্ক হৈছো ৷ তাৰ নিয়ম ডিজাইনৰ মাজত আমাৰ নিয়ম ডিজাইনৰ পাৰ্থক্য আছে ৷ এইটো প্ৰতিষ্ঠানে তেজপুৰৰ কলীয়া ভোমোৰা নতুন দলংখনো নিৰ্মাণ কৰি উলিয়াইছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

আনহাতে তেওঁ বিদ্যুৎ বিল সম্পৰ্কে কয়, "মই যোৱা নিশা নোশুৱাকৈ 100 জনৰ বিদ্যুৎৰ বিল কিমান আহিছে নাই সেয়া মই নিজেই চাইছো ৷ 100 জন নহয় এতিয়া মই হাজাৰ জনৰ বিলবোৰ চাম ৷ যিখন চৰকাৰে অৰুণোদয় আঁচনিৰ ধন দি আছো তেনে ক্ষেত্ৰত এইখন চৰকাৰে মানুহৰ পৰা 3 টকা বেছিকৈ লোৱাৰ প্ৰশ্নই উঠিব নোৱাৰে ৷ স্মাৰ্ট মিটাৰত কোনেও টকা খাব নোৱাৰে ৷ যোৱা বছৰৰ তুলনাত এইবছৰ এপ্ৰিল মে' জুনত বেছিকৈ গৰম পৰিছে ৷ যদিহে বিদ্যুৎ বিভাগে আপোনালোকৰ পৰা এটকাও বেছিকৈ লৈছে তেন্তে আমি সেয়া টকাতো ঘূৰাই দিম ৷"

আনহাতে শিলসাঁকো বিলৰ উচ্ছেদ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "শিলসাঁকো বিলত পানী জমা কৰিব নোৱাৰিলে আমি গুৱাহাটীৰ কৃত্ৰিম পানী সমস্যা সমাধান কৰিব নোৱাৰিম ৷ গুৱাহাটীবাসীয়ে এইটো কথাত ভালহে পাব লাগে ৷ 150 টা পৰিয়ালক ক্ষতিপূৰণ দিব চৰকাৰে ৷ 25 লাখ টকা দি মই ফ্লেট কিনি দিম, কিন্তু দখল কৰিব নালাগে ৷ শিলসাঁকোৰ মানুহবোৰটো মোৰেই মানুহ ৷"

মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয়, ‘‘জিঞ্জাৰ হোটেলক মাটি তৰুণ গগৈয়ে দিছে ৷ মাটি দিয়া আৰু দখল কৰাৰ মাজত পাৰ্থক্য আছে ৷ মোৰ এটা ফোনত বদৰুদ্দিন আজমলে ভূমি ঘূৰাই দিছে ৷ বদৰুদ্দিন আজমলে মোৰ এটা ফোনত মাটি দি দিছে ৷’’

লগতে পঢ়ক: Preparation for flood: ৰাজপথত গাঁত থাকিব নোৱাৰিব; জিলা আয়ুক্তক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.