ETV Bharat / state

চীনা সামগ্ৰী বৰ্জনৰ আহ্বান অসম চেম্বাৰছ অৱ কমাৰ্চৰ

author img

By

Published : Jun 19, 2020, 8:35 PM IST

চীনা সামগ্ৰী বৰ্জনৰ বিৰুদ্ধে একত্ৰিত হৈছে দেশৰ জনতা ৷ ৰাজ্যতো চীনা সামগ্ৰীৰ ব্যৱহাৰ বন্ধ কৰিবলৈ জন সাধাৰণক আহ্বান জনাইছে একাংশ দল-সংগঠনে ৷ ৰাজ্য়ৰ ব্যৱসায়ীসকলক চীনা সামগ্ৰীৰ ব্যৱহাৰৰ লগতে বিক্ৰী বন্ধ কৰিবলৈ আহ্বান জনাইছে অসম চেম্বাৰছ অৱ কমাৰ্চে ৷

Assam Chamber of Commerce (ACC) appeals traders not to procure Chinese products Etv Bharat news
চীনা সামগ্ৰী বৰ্জনৰ আহ্বান অসম চেম্বাৰছ অৱ কমাৰ্চৰ

নিউজ ডেস্ক,19 জুন: লাডাখৰ গলৱান উপত্যকাত চীনা সৈন্য বাহিনীয়ে চলোৱা আক্ৰমণত নিহত হৈছিল 20 ভাৰতীয় সেনা জোৱান ৷ এই আক্ৰমণৰ পিছতে বৰ্তমান চীনৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে সমগ্ৰ দেশ ৷ চীনৰ উৎপাদিত সামগ্ৰীৰ ব্যৱহাৰ বৰ্জনৰ ক্ষেত্ৰত সমগ্ৰ দেশ একত্ৰিত হৈছে ৷ ৰাজ্যতো ঢৌ উঠিছে চীনা সামগ্ৰী বৰ্জনৰ ৷ সেই সূত্ৰে অসম চেম্বাৰছ অৱ কমাৰ্চে স্থানীয় ব্যৱসায়ীসকলক চীনা সামগ্ৰী ব্যৱহাৰৰ লগতে বিক্ৰী বন্ধ কৰিবলৈ আহ্বান জনায় ৷

চীনৰ এই আক্ৰমণৰ গৰিহণা প্ৰদান কৰি অসম চেম্বাৰছ অৱ কমাৰ্চৰ অধ্যক্ষ সঞ্জীৱ নাৰায়ণে কৰ’ণা ভাইৰাছৰ সংক্ৰমণ অব্যাহত থকাৰ মাজতে সেনা বাহিনীৰ ওপৰত কৰা আক্ৰমণ অন্যতম দুখৰ বিষয় বুলি প্ৰকাশ কৰে ৷ সম্প্ৰতি চীন দেশৰ বাবে মূৰৰ কামোৰণিস্বৰূপ হৈ পৰা বুলি উল্লেখ কৰে নাৰায়ণে ৷ লগতে কয় যে,চীনৰ বিৰুদ্ধে বিশ্বৰ প্ৰায় অধিকাংশ দেশে শত্ৰুভাৱাপন্ন নীতি পোষণ কৰি ৰাখিছে ৷ তেনেস্থলত দেশখনৰ লগত সকলো প্ৰকাৰৰ ব্যৱসায় বন্ধ কৰি অৰ্থ ব্যৱস্থা নিম্নস্তৰলৈ নিব পাৰিলেহে প্ৰকৃতাৰ্থত প্ৰত্যুত্তৰ প্ৰদান কৰা হ’ব ৷ সেয়ে এই সন্দৰ্ভত সকলো ব্যৱসায়ীলৈ আহ্বান জনোৱা হৈছে যাতে কোনেও চীনা সামগ্ৰী ক্ৰয় নকৰে ৷ ক্ৰয় নকৰিলে নিসন্দেহে দেশখনৰ উৎপাদন ক্ষমতা কমি যাব ৷ সেয়ে ৰাজ্যৰ সকলো ব্যৱসায়ীলৈ এই আহ্বান জনাই অসম চেম্বাৰছ অৱ কমাৰ্চৰ অধ্যক্ষগৰাকীয়ে ৷

লগতে চাওকঃ দেশত কোভিড-১৯ৰ পৰা আৰোগ্য লাভ ৰোগীৰ হাৰ ৫৩.৭৯ শতাংশলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.