ETV Bharat / state

এডভাণ্টেজ অসমে অসমক এক নতুন বাটৰ সন্ধান দিলেঃ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

author img

By

Published : Oct 4, 2019, 6:26 PM IST

জনতা ভৱনত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সংবাদমেল সম্বোধন ৷ সংবাদ মাধ্যমৰ আগত চৰকাৰে গ্ৰহণ কৰা প্ৰগতিশীল আচঁনিৰ বিৱৰণ দাঙি ধৰাৰ লগতে এডভাণ্টোজ অসমৰ সফলতাৰ খতিয়ান দাঙি ধৰে ৷

সংবাদমেলত এডভাণ্টোজ অসমৰ সফলতাৰ খতিয়ান মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

গুৱাহাটী, 4 অক্টোবৰঃ অসম চৰকাৰ উদ্যোগ,বাণিজ্য তথা পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে শুক্ৰবাৰে জনতা ভৱনত এক সংবাদমেল সম্বোধন কৰি ৰাজ্য চৰকাৰে বিশেষকৈ মন্ত্ৰীগৰাকীৰ নিজ বিভাগে শেহতীয়াভাৱে গ্ৰহণ কৰা জনকল্যাণমূলক আঁচনিৰ বিৱৰণ দাঙি ধৰে ৷ মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত এডভাণ্টেজ অসমে অসমক এক নতুন বাটৰ সন্ধান দিলে বুলি অভিহিত কৰে ৷ তেওঁ চৰকাৰে গ্ৰহণ কৰা এডভাণ্টোজ অসমৰ সফলতাৰ খতিয়ান দাঙি ধৰে ৷ ৰাজ্যৰ পৰিবহণ, উদ্যোগ , বাণিজ্য আৰু কৌশল বিকাশ ক্ষেত্ৰত পূৰ্বৰ তুলনাত বিনিয়োগৰ পৰিমাণ বৃদ্ধি হোৱাৰ কথা উল্লেখ কৰে ৷ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীগৰাকীয়ে এই বৰ্দ্ধিত বিনিয়োগৰ আঁৰত এডভাণ্টেজ অসমৰ অৰিহণাৰ কথাও ব্যক্ত কৰে ৷ তেওঁ সংবাদ মাধ্যমক জনায় যে এডভাণ্টোজ অসমত 207 খন বুজাবুজি চুক্তিৰ জৰিয়তে 79 হাজাৰ কোটি টকা বিনিয়োগৰ বাবে বিভিন্ন কোম্পানী আগবাঢ়ি আহিছিল ৷ ইয়াৰ ভিতৰত এতিয়ালৈকে 56,776,44 কোটি টকা অসমত বিনিয়োগ হৈছে ৷ তাৰ ভিতৰত পেট্ৰ'লিয়াম খণ্ডত 42,782.28 কোটি টকা বিনিয়োগ হৈছে বুলি অৱগত কৰে মন্ত্ৰীগৰাকীয়ে ৷ মন্ত্ৰীগৰাকীয়ে অসমত শেহতীয়াকৈ কেইবাটাও উদ্যোগ স্থাপনৰ বিভাগীয় সিদ্ধান্তৰ কথা ব্যক্ত কৰে ৷ ইয়াৰ ভিতৰত ছয়গাঁৱত বন্ধ হোৱা জুট মিল উদ্যোগ সমূহ নতুনকৈ আৰম্ভ কৰা, টিহুত এখন ৰডৰ ফেক্টৰীফাৰ্মা পাৰ্ক, ছিপাঝাৰত এখন অত্যাধুনিক টেক্সটাইল পাৰ্ক, জাগীৰোডত এখন এম এচ এম ই পাৰ্ক, দক্ষিণ কামৰূপৰ ৰামপুৰত এটা পেপচী উদ্যোগ, যোগীঘোপাত হ'ব ''INTERNATIONAL MULTINATIONAL LOGISTIC HUB'' ইত্যাদি এলানি দীৰ্ঘম্যাদী লঘু আৰু বৃহৎ উদ্যোগ স্থাপনৰ পৰিকল্পনাৰ কথা ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে ৷

আনহাতেদি ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে আছিয়ান দেশৰ সৈতে অসম তথা উত্তৰ-পূবৰ পোনপটীয়া সংযোগ স্থাপনৰ বাবে চেষ্টা অব্যাহত ৰখাৰ কথা উল্লেখ কৰে ৷ আছিয়ান দেশৰ সৈতে যোগাযোগ-পৰিবহণ ব্যৱস্থাৰ প্ৰসাৰৰ উদ্দেশ্যে গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ঢাকা-গুৱাহাটী বিমানসেৱাৰ পাছত গুৱাহাটী-কাঠমাণ্ডু, গুৱাহাটী-কুৱালালামপুৰ, গুৱাহাটী-হানয়,গুৱাহাটী-বেংকক আৰু গুৱাহাটী-ছিংগাপুৰ মাজত বিমানসেৱা অতি শীঘ্ৰেই আৰম্ভ কৰাৰ পৰিকল্পনাৰ কথাও দোহাৰে মন্ত্ৰীগৰাকীয়ে ৷

আৰু চাওক

Intro:Breaking
• জনতা ভৱনত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ সংবাদ মেল
'Advantage Assam এ অসমক নতুন পথৰ সন্ধান দিলে'
• Advantage Assam ত 207 খন বুজাবুজি চুক্তিৰ জৰিয়তে 79হাজাৰ কোটি টকা বিনিয়োগৰ বাবে বিভিন্ন কোম্পানী আগবাঢ়ি আহিছিল,
ইয়াৰ ভিতৰত এতিয়া লৈকে 56,776,44 কোটি টকা অসমত বিনিয়োগ হৈছে,
• পেট্ৰ'লিয়াম খণ্ডত 42,782.28 কোটি টকা বিনিয়োগ হৈছে: পাটোৱাৰী
• অশোক কাগজ কলৰ চৌহদত হব আন এটা কাগজ কল ,
লগতে থাকিব আন আন উদ্যোগ: পাটোৱাৰী
• উদ্যোগ খণ্ডত ৰাজ্যৰ প্ৰায় ৭৮হাজাৰে লাভ কৰিছে নিয়োগ
Body:• ছয়গাঁৱত হ'ব জুট মিল
বন্ধ হোৱা উদ্যোগ সমূহ নতুনকৈ আৰম্ভ কৰাৰ চিন্তা চৰ্চা বিভাগৰ
টিহুত হ'ব ৰডৰ ফেক্টৰী
ফাৰ্মা পাৰ্ক হ'ব ছিপাঝাৰত
ছিপাঝাৰত হ'ব অত্যাধুনিক টেক্সটাইল পাৰ্ক
MSME পাৰ্ক হ'ব জাগীৰোডত
দক্ষিণ কামৰূপৰ ৰামপুৰত পেপচী উদ্যোগ হ'ব
যোগীঘোপাত হ'ব INTERNATIONAL MULTINATIONAL LOGISTIC HUB
ধুপ কাঠিৰ ফেক্টৰী হ'ব ৰাজ্যত
Conclusion:• ২২,২৩ অক্টোবৰত গুৱাহাটীত হ'ব BUSINESS CONCLAVE
• ধুপ কাঠিৰ বাবে অসমৰ বাঁহ কিনিব চাইকেল ব্ৰেণ্ডে
টি পাৰ্ক হ'ব ছয়গাঁৱত ডুবাইৰ আৰ্হিত
AIDCৰ প্ৰতিনিধি যাব ডুবাইলৈ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.