ETV Bharat / state

Assam Cabinet Meeting: 150 ৰ অধিক শিক্ষাৰ্থী থকা প্ৰাথমিক বিদ্যালয়ত নিযুক্তি দিয়া হ’ব প্ৰধান শিক্ষক; কেবিনেটৰ সিদ্ধান্ত

author img

By

Published : Aug 2, 2023, 10:52 PM IST

বুধবাৰে জনতা ভৱনত অনুষ্ঠিত হ’ল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক ৷ এতিয়াৰে পৰা বাহন ক্ৰয়ৰ বাবে চৰকাৰী স্থায়ী কৰ্মচাৰীয়ে লাভ কৰিব ৰাজ সাহায্য ৷ ১০০ৰ পৰা ১৪৯ গৰাকী শিক্ষাৰ্থী থকা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে লাভ কৰিব বিডিঅ'ৰ ক্ষমতা ৷

Etv Bharat
Etv Bharat
জানি লওক কেবিনেটৰ এই কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত

গুৱাহাটী, ২ আগষ্ট: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত বুধবাৰে জনতা ভৱনত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয় । কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেল যোগে সদৰী কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, ডাঃ ৰণোজ পেগু, বিমল বড়া আৰু সঞ্জয় কিষানে ৷

বুধবাৰৰ কেবিনেটে ইঞ্জিনীয়াৰিং কলেজ আৰু পলিটেকনিক কলেজত পৰিচালনা সমিতি গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰে । সেইদৰে কেবিনেটৰ সিদ্ধান্ত অনুসৰি অসম চৰকাৰে প্ৰতিষ্ঠা কৰা ১১৬খন চাহ বাগিচাৰ মডেল স্কুলক এতিয়াৰে পৰা চৰকাৰী বিদ্যালয় হিচাপে গণ্য কৰা হ'ব । ইয়াত চৰকাৰী সেৱা বিধি প্ৰযোজ্য হ'ব ।

আনহাতে মাধ্যমিক শিক্ষাত স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত প্ৰত্যক্ষ নিযুক্তিৰ বাবে টেটৰ লগতে নিযুক্তি পৰীক্ষা হ'ব । পদ অনুসৰি প্ৰাৰ্থী উত্তীৰ্ণ হ'ব । কেবিনেটৰ সিদ্ধান্ত অনুসৰি ডেৰশৰ অধিক শিক্ষাৰ্থী থকা প্ৰাথমিক বিদ্যালয়ত জ্যেষ্ঠতাৰ ভিত্তিত প্ৰধান শিক্ষক নিযুক্তি দিয়া হ'ব । এনে বিদ্যালয় ২৬০০ খন আছে । আনহাতে ১০০ৰ পৰা ১৪৯ গৰাকী শিক্ষাৰ্থী থকা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে বিডিঅ'ৰ ক্ষমতা লাভ কৰিব ।

আনহাতে আজিৰ কেবিনেটে অসমৰ কৰ্মচাৰীসকলৰ বাবে আনন্দৰ বতৰা লৈ আহিছে । কেবিনেটত ‘আপোন বাহন’ আঁচনি ঘোষণা কৰা হৈছে । ইয়াৰ দ্বাৰা চৰকাৰী স্থায়ী কৰ্মচাৰীয়ে বাহন ক্ৰয়ৰ ক্ষেত্ৰত বিশেষ সুবিধা লাভ কৰিব । বাহন ক্ৰয়ৰ ক্ষেত্ৰত লাভ কৰিব ৰাজসাহাৰ্য । পুৰুষ কৰ্মচাৰীৰ ক্ষেত্ৰত ২ শতাংশ আৰু মহিলা আৰু দিব্যাংগ লোকৰ বাবে ৩ শতাংশ ।

আনহাতে অসমৰ তালিকাভুক্ত বহু সম্প্ৰদায় আছে যি কেন্দ্ৰীয় তালিকাত অন্তৰ্ভুক্ত নহয় । কেন্দ্ৰীয় তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে আজিৰ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় । সেইদৰে কেবিনেটৰ সিদ্ধান্ত অনুসৰি পৰ্যটন বিভাগৰ ‘তথ্য বিষয়া’সকল (Information Officer) এতিয়াৰে পৰা পৰ্যটন উন্নয়ন বিষয়া হিচাপে জনাজাত হ'ব । আনহাতে আজিৰ কেবিনেটত উদ্যোগ বিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । প্ৰযুক্তিগত দিশত কেইবাখনো চুক্তি সম্পাদনা কৰা হৈছে ।

১২৯ কোটি টকাৰ বিনিয়োগ কৰা হ'ব । কেইবাটাও উদ্যোগ স্থাপনৰ চুক্তিৰ বাবে আজিৰ কেবিনেটে অনুমোদন জনায় । আজিৰ কেবিনেটে উত্তৰ গুৱাহাটীত বিশ্ব মানৰ বেডমিণ্টনৰ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনত অনুমোদন জনায় । ইয়াৰ বাবে এখন ৫ জনীয়া সমিতি গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । কেবিনেটৰ সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা ই এছ আইত কৰ্মৰত চিকিৎসকসকলে এন পি এৰ সুবিধা লাভ কৰিব ।

লগতে পঢ়ক: Akhil Gogoi letter to CM: মঙলদৈৰ বিদ্যালয়ত অস্ত্ৰ চালনাৰ প্ৰশিক্ষণক লৈ মুখ্যমন্ত্ৰীক ১০ টা প্ৰশ্ন অখিলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.