ETV Bharat / state

সমীৰ কুমাৰ সিনহাক প্ৰতিৰক্ষা বিভাগৰ সঞ্চালক প্ৰধান হিচাবে নিযুক্তি

author img

By ETV Bharat Assamese Team

Published : Jan 9, 2024, 9:04 PM IST

IAS Samir K Sinha: অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহাক প্ৰতিৰক্ষা বিভাগৰ অতিৰিক্ত সচিব আৰু সঞ্চালক প্ৰধান হিচাবে নিযুক্তি প্ৰদান কৰা হৈছে ৷ তাৰ পূৰ্বে তেওঁ আছিল অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মুখ্য সচিব ৷

IAS Samir Sinha
সমীৰ কুমাৰ সিনহা

নিউজ ডেস্ক, 9 জানুৱাৰী: জ্যেষ্ঠ প্ৰশাসনিৰ বিষয়া সমীৰ কুমাৰ সিনহাক ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা বিভাগৰ অতিৰিক্ত সচিব আৰু সঞ্চালক প্ৰধান হিচাবে নিযুক্তি প্ৰদান কৰা হৈছে ৷ কেন্দ্ৰীয় চৰকাৰৰ বিষয়াৰ বৃহৎ ৰদ-বদল অনুসৰি সিনহাক উক্ত দায়িত্বভাৰ দিয়া হয় । কৰ্মচাৰী মন্ত্ৰণালয়ৰ নিৰ্দেশনা অনুসৰি প্ৰতিৰক্ষা বিভাগৰ অতিৰিক্ত সচিব আৰু সঞ্চালক প্ৰধান (অধিগ্ৰহণ) হিচাবে তেওঁৰ নিযুক্তিক কেবিনেটৰ নিযুক্তি সমিতিয়ে অনুমোদন জনায় ।

1998 বৰ্ষৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াগৰাকীয়ে এই পৰ্যন্ত অসম-মেঘালয় কেডাৰত কৰ্মৰত হৈ আছিল ৷ জ্যেষ্ঠ প্ৰশাসনিক বিষয়াগৰাকী শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব হিচাবে নিযুক্ত আছিল ৷ তাৰ পূৰ্বে তেওঁক অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মুখ্য সচিব হিচাবে নিযুক্তি দিয়া হৈছিল ।

ইফালে কেন্দ্ৰৰ বৃহৎ ৰদ-বদল অনুসৰি হিমাচল প্ৰদেশ কেডাৰৰ 1995-বেটচৰ আইএএছ বিষয়া ভাৰত হৰবংশলাল খেৰাক উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰণালয়ৰ অতিৰিক্ত সচিব হিচাবে নিযুক্তি দিয়া হৈছে । সমান্তৰালকৈ চন্দ্ৰ ভূষণ কুমাক অতিৰিক্ত সচিবৰ আৰু লগতে খোৱাপানী আৰু অনাময় বিভাগৰ অন্তৰ্গত জল জীৱন মিছনৰ মিছন সঞ্চালক হিচাবে নিযুক্তি দিয়া হৈছে ।

আনহাতে অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ৰ বৰ্তমানৰ যুটীয়া সঞ্চালক প্ৰধান পূজা সিং মাণ্ডোলক পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰণালয়ৰ অতিৰিক্ত সচিব হিচাবে নিযুক্তি দিয়া হৈছে ৷ গৃহ মন্ত্ৰণালয়ৰ বৰ্তমানৰ যুটীয়া সচিব সঞ্জীৱ কুমাৰ জিন্দলক অতিৰিক্ত সচিব হিচাবে নিযুক্তি দিয়া হৈছে ।

জনজাতীয় পৰিক্ৰমা মন্ত্ৰণালয়ৰ অধীনৰ জনজাতীয় শিক্ষাৰ্থীসকলৰ বাবে ৰাষ্ট্ৰীয় শিক্ষা সমিতিৰ একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ৰ আয়ুক্ত অসিত গোপালক বস্ত্ৰ মন্ত্ৰণালয়ৰ অতিৰিক্ত সচিব আৰু বিত্তীয় উপদেষ্টা হিচাবে নিযুক্তি দিয়া হৈছে । জ্যেষ্ঠ আমোলা তৃপ্তী গুৰ্হাক মহিলা আৰু শিশু বিকাশ মন্ত্ৰণালয়ৰ অতিৰিক্ত সচিব হিচাবে নিযুক্তি দিয়া হৈছে ।

লগতে পঢ়ক: ইণ্ডিয়া ব্লকৰ আসন ভাগ-বাটোৱাৰাত কোনো সমস্যা নাই: ডি ৰাজা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.