ETV Bharat / entertainment

কিমান সৌভাগ্যবান নিক তেওঁৰ জীৱনত প্ৰিয়ংকাৰ উপস্থিতিৰ বাবে ? - Birthday Post for Priyanka Chopra

author img

By ETV Bharat Assamese Team

Published : Jul 18, 2024, 1:54 PM IST

Updated : Jul 18, 2024, 2:15 PM IST

Priyanka Chopra birthday: আজি প্ৰাক্তন মিছ ৱৰ্ল্ড প্ৰিয়ংকা চোপ্ৰাৰ জন্মদিন ৷ বিশেষ দিনটোত স্বামী নিক জোনাছে সামাজিক মাধ্যমৰ জৰিয়তে পত্নীক জনালে শুভেচ্ছা ৷ নিকৰ পোষ্টটোৱে নেটিজেনৰ মনত স্বামীৰ মান অধিক উচ্চ কৰি তুলিলে ৷

How Lucky Am I: Nick Jonas Shares Romantic Birthday Post for Priyanka Chopra
স্বামী নিক জোনাছৰ সৈতে প্ৰিয়ংকা (ANI)

চিটাৰা ডেস্ক, 18 জুলাই : বৃহস্পতিবাৰে প্ৰিয়ংকা চোপ্ৰাই সম্পূৰ্ণ কৰিলে জীৱনৰ আৰু এটা বছৰ । জন্মদিন বিশেষ দিনটোত অভিনেত্ৰীগৰাকীয়ে চাৰিওফালৰ পৰা শুভাকাংক্ষীৰ শুভেচ্ছা লাভ কৰিছে ৷ কিন্তু সকলোৰে দৃষ্টি কাঢ়ি নিলে স্বামী নিক জোনাছৰ ইনষ্টাগ্ৰাম পোষ্টটোৱে ৷

নিক জোনাছে প্ৰিয়ংকা চোপ্ৰাৰ জন্মদিনত এটা ৰোমান্টিক পোষ্ট শ্বেয়াৰ কৰিছে ৷ পোষ্টটোত দুয়োৰে আগতে নেদেখা ফটো দেখিবলৈ পোৱা গৈছে ৷ অনুৰাগী যেন ৰৈ আছিল নিকৰ পোষ্টটোৰ বাবেই ৷ জন্মদিনৰ শুভেচ্ছাৰে উপচি পৰিছে নিকৰ ইনষ্টাগ্ৰাম পোষ্টটো ৷

আমেৰিকান গায়কগৰাকীয়ে প্ৰিয়ংকা চোপ্ৰাক তেওঁৰ পত্নী হিচাপে পাই কিমান ভাগ্যৱান সেই বিষয়ে নিজৰ মনৰ ভাৱ ব্যাখ্যা কৰি কেবাখনো ফটো শ্বেয়াৰ কৰিছে । ১৮ জুলাইত গ্ল’বেল আইকন প্ৰিয়ংকা চোপ্ৰাই ৪২ বছৰ সম্পূৰ্ণ কৰে ।

ইনষ্টাগ্ৰামত নিকে তেওঁৰ পত্নী প্ৰিয়ংকাৰ সৈতে মৰমলগা ফটো শ্বেয়াৰ কৰি এটা প্ৰেমপূৰ্ণ কেপশ্যনৰ সৈতে লিখিছে, "দ্য ৱ’মেন ডেট ইউ আৰ. হাও লাকী আই এম. হেপ্পী বাৰ্থডে মাই লাভ ৷"

গায়ক-অভিনেতাগৰাকীয়ে দেশী গাৰ্লৰ মৰমলগা ফটো অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰে । প্ৰথম ফটোখনত চোপ্ৰাক হালধীয়া ৰঙৰ ছুইমিং চুট পিন্ধি ৰ’দ লৈ থকা দেখা গৈছে । আন দুখন ছবিত তেওঁক নিকৰ সৈতে সাগৰৰ পাৰত দেখা গৈছে । তেওঁলোকৰ সাগৰ ভ্ৰমণৰ ফটোৰ দ্বিতীয়খন ফটোত দম্পতীয়ে চুমা খাই থকা দেখা গৈছে । তৃতীয়খন ফটো অনুমানিকভাৱে তেওঁৰ স্বামীয়ে তোলা । সাগৰৰ পাৰত দুয়োৱে হাতত হাত ধৰি থকা এখন মৰমলগা ফটো একেবাৰে শেষত যোগ কৰে নিকে ।

শেহতীয়াকৈ অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ভাৰত ভ্ৰমণ কৰিছিল নিক জোনাছ আৰু প্ৰিয়ংকা চোপ্ৰাই । নিক আৰু প্ৰিয়ংকা দুয়োকে মুম্বাইত সময় উপভোগ কৰা দেখা গৈছিল । বিবাহৰ শুকুৰবাৰৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁলোক উভতি যায় ।

প্ৰিয়ংকা আম্বানীসকলৰ ঘনিষ্ঠ বন্ধু । দৰাৰ ভগ্নী ঈশা 2018 চনত উদয়পুৰত হোৱা প্ৰিয়ংকা আৰু নিকৰ বিয়াত ব্রাইডমেইড আছিল । অৱশ্যে মাৰ্চ মাহত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা জামনগৰৰ প্ৰি-ৱেডিং অনুষ্ঠানত প্ৰিয়ংকা অহা নাছিল ।

পেছাদাৰী ক্ষেত্ৰত, প্ৰিয়ংকা ইতিমধ্যে তেওঁৰ আহিবলগীয়া ছবি দ্য ব্লাফৰ ছেটলৈ উভতিছে । ছবিখনত কাৰ্ল আৰ্বানেও অভিনয় কৰিছে । ইড্ৰিছ এলবা আৰু জন চিনাৰ সৈতেও তেওঁৰ হাতত প্ৰকল্প আছে ।

লগতে পঢ়ক : দেশৰ পৰা গৈ বিদেশত থিতাপি লোৱা প্ৰিয়ংকাৰ সফলতাৰ ৰহস্য কি বাৰু ? - Priyanka Chopra birthday

Last Updated : Jul 18, 2024, 2:15 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.