গুৱাহাটী,22 জুনঃ বিগত মে' মাহত বছৰৰ প্ৰথমটো বানপানীৰ ফলত মহানগৰীত ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ দ্ৰুত গতিত বৃদ্ধি পাই সতৰ্ক সীমা অতিক্ৰম কৰিছিল যদিও বাৰিষাৰ পৰিমাণ হ্ৰাস পোৱাত পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছিল ব্ৰহ্মপুত্ৰৰ জলস্তৰ। কিছুদিন ধৰি ৰাজ্যত বানপানীৰ সমস্যা দেখা দিয়া নাছিল যদিও পুনৰ বৰষুণৰ মাত্ৰা বৃদ্ধি পোৱাত বছৰৰ দ্বিতীয়টো বানপানীয়ে দেখা দিছে ৰাজ্যত। উজনি অসমত কেইবাখনো গাঁও পানীৰ তলত ডুব যোৱাৰ সমান্তৰালভাৱে গুৱাহাটীতো বৃদ্ধি পাবলৈ ধৰিছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ ।

বৰ্তমান জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত ব্ৰহ্মপুত্ৰৰ সতৰ্ক সীমাৰ ওপৰেৰে বৈ আছে । প্ৰতি ঘন্টাত ১ পৰা ২ ছেন্টিমিটাৰ বৃদ্ধি পাই আছে মহানগৰীত ব্ৰহ্মপুত্ৰৰ জলস্তৰ । বৃদ্ধিৰ এই ধাৰা অব্যাহত থাকিলে হয়তো অহাকালিৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ জলস্তৰ মহানগৰীত বিপদ সীমা চেৰাই যোৱাৰ সম্ভাৱনা আছে । বৰ্তমানৰ গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ জলস্তৰ হৈছে ৪৯.০৩ মিটাৰ আৰু বিপদ সীমা হৈছে ৪৯. ৬৮০।
বৰ্তমান ধেমাজি, যোৰহাট, নলবাৰী আৰু শিৱসাগৰ জিলাৰ ৫১ খনকৈ গাঁও বানপানীৰ কবলত আছে । ইতিমধ্যে ১৬,৫৪৯ গৰাকীকৈ লোক বৰ্তমানেও ৰাজ্যত বানপানীৰ ফলত প্ৰভাৱিত হৈছে।
লগতে পঢ়কঃবিশেষঃ সুশান্তৰ আত্মহত্যাৰ পূৰ্বেই আছিল নেকি মৃত্যুৰ আগজাননী ?