গুৱাহাটী, 17 জানুৱাৰীঃ গুৱাহাটীত চলি থকা খেল’ ইণ্ডিয়াৰ তৃতীয় সংস্কৰণৰ সপ্তম দিনত প্ৰবাল প্ৰতীম গগৈৰ ৰূপৰ পদক ৷ ল’ৰাৰ 55 কেজিৰ 17 অনুৰ্ধ্ব শাখাত অসমৰ হৈ প্ৰবাল প্ৰতীম গগৈয়ে ৰূপৰ পদক আঁজুৰি আনিবলৈ সক্ষম হয় ৷ ইয়াৰ বিপৰীতে উক্ত শাখাত অৰুণাচল প্ৰদেশে লাভ কৰে দুটাকৈ পদক । অৰুণাচলৰ গোলোম টিংকুই সোণৰ পদক আৰু শংকৰ লাপুঙে অৰ্জন কৰে ব্ৰঞ্জৰ পদক ।

উল্লেখযোগ্য যে, বৰ্তমানলৈকে 26 টা পদক লাভৰে পদক তালিকাৰ এয়োদশ স্থান দখল কৰি আছে অসমে ।