ETV Bharat / state

লেখক-পাঠক-সাহিত্য সংগঠকৰ মত-বিনিময়েৰে উজ্জীৱিত গ্ৰন্থমেলাৰ বাকৰি - Publication board Assam

অসম প্ৰকাশন পৰিষদ (Publication board Assam) আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ দ্বাৰা চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত 29 ডিচেম্বৰৰ 2021 পৰা অনুষ্ঠিত হৈ আছে অসম গ্ৰন্থমেলা (Assam Book Fair 2021) ৷ বুধবাৰে অসম গ্ৰন্থমেলাৰ অষ্টম দিনাও লেখক-পাঠক-সাহিত্য সংগঠকৰ মত-বিনিময়েৰে উজ্জীৱিত পৰে অসম গ্ৰন্থমেলাৰ বাকৰি ।

Assam Book Fair in Guwahati
লেখক-পাঠক-সাহিত্য সংগঠকৰ মত-বিনিময়েৰে উজ্জীৱিত গ্ৰন্থমেলাৰ বাকৰি
author img

By

Published : Jan 5, 2022, 9:48 PM IST

গুৱাহাটী, 5 জানুৱাৰী : 29 ডিচেম্বৰৰ পৰা অসম আভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰ (Assam Engineering Institute Playground) ত আৰম্ভ হৈছে বহু প্ৰত্যাশিত অসম গ্ৰন্থমেলা (Assam Book Fair in Guwahati) ৷ অসম প্ৰকাশন পৰিষদ (Publication board Assam) আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ দ্বাৰা আয়োজিত অসম গ্ৰন্থমেলা বাকৰিত অষ্টম দিনা লেখক-পাঠক-সাহিত্য সংগঠকৰ মত-বিনিময়েৰে উজ্জীৱিত পৰে ।

অসম গ্ৰন্থমেলাত বুধবাৰে ‘অৱহেলিত অসমৰ ক্ৰীড়া সাহিত্য, বিন্দুৰ পৰা সিন্ধুলৈ’ শীৰ্ষক আলোচনা চক্ৰও অনুষ্ঠিত হয় । এই আলোচনা চক্ৰৰ শুভ উদ্বোধন কৰে অসম ক্ৰীড়া প্ৰাধিকৰণৰ উপাধ্যক্ষ লক্ষ্য কোঁৱৰে ৷ আনহাতে, এই আলোচনা চক্ৰৰ আদৰণী ভাষণ প্ৰদান কৰে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই ৷

এই আলোচনা সত্ৰখনত আলোচক হিচাপে উপস্থিত থাকে কটন মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড॰ শ্যামাপ্ৰসাদ শৰ্মা, বিশিষ্ট ক্ৰীড়া সাংবাদিক পবিত্ৰ গগৈ, বিশিষ্ট ক্ৰীড়া সাংবাদিক তথা লেখক যুগল লোচন দাস, বিশিষ্ট ক্ৰীড়া সংগঠক নয়ন প্ৰসাদ, ক্ৰীড়া সাংবাদিক বিদ্যুৎ কলিতাই আৰু জ্যেষ্ঠ সাংবাদিক কুলপ্ৰদীপ ভাগৱতীয়ে ।

অসম গ্ৰন্থমেলাৰ মূল মঞ্চত বিয়লি অনুষ্ঠিত হয় ‘লেখক-পাঠক-সাহিত্য সংগঠকৰ আলচ’ শীৰ্ষক আন এক মনোগ্ৰাহী অনুষ্ঠান ৷ বিশিষ্ট লেখক-সাংবাদিক হাইদৰ হুছেইেন এই অনুষ্ঠান উদ্বোধন কৰে । অনুষ্ঠানটো সঞ্চালনা কৰে বিশিষ্ট লেখক-গৱেষক ড॰ প্ৰশান্ত চক্ৰৱৰ্তীয়ে ৷ অনুষ্ঠানটিত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই ৷

Assam Book Fair in Guwahati
লেখক-পাঠক-সাহিত্য সংগঠকৰ মত-বিনিময়েৰে উজ্জীৱিত গ্ৰন্থমেলাৰ বাকৰি

ইপিনে অসম গ্ৰন্থমেলাত কেইবাখনো গুৰুত্বপূৰ্ণ গ্ৰন্থ উন্মোচন কৰা হয় (Book launch in Assam book fair 2021) ৷ ইয়াৰ ভিতৰত এখন গ্ৰন্থ হৈছে ‘বলীয়া কুকুৰ’ নামৰ উপন্যাসখন ৷ অপৰাধী আৰু ন্যায় ব্যৱস্থাৰ পটভূমিত এই উপন্যাসখন ৰচনা কৰিছে বিভূতি ভাগৱতীয়ে ৷

গ্ৰন্থমেলাত প্ৰবাসী অসমীয়া প্ৰবীণ হাজৰিকাৰ "সময়ৰ উজনি পানীত সোঁৱৰণিৰ পানছৈ", অনুবাদক আব্দুল ছালামৰ “অবলাৰ অভিযান”, চৈয়দা উমী তচনীম অনূদিত Children's morality, ড৹ ববী বৰাৰ উত্তৰ ঔপনিবেশিকতাবাদ আৰু অসমীয়া উপন্যাস, নিৰ্মলা শৰ্মাৰ ৰহস্যময় ভূতৰ কাহিনী আৰু জয়ন্ত শৰ্মাৰ বুধিয়ক চাৰ্লি আৰু বৈজয়ন্তী মহল শীৰ্ষক গ্ৰন্থকেইখন উন্মোচন কৰা হয় ।

গ্ৰন্থ উন্মোচনী সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আব্দুল মান্নান, অধ্যাপক ড৹ পৰমানন্দ মজুমদাৰ, বিশিষ্ট শিল্পী সমৰ হাজৰিকা, দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয় সহযোগী অধ্যাপিকা ড৹ জাহ্নৱী দেৱী, আৰ্য বিদ্যাপীঠ মহাবিদ্যালয় উদ্ভিদ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা ড৹ পাপৰি দেৱী আদি উপস্থিত থাকে ।

লগতে পঢ়ক : Assam Book Fair at Guwahati : শিশুৰ বাবে উপযোগী গ্ৰন্থৰ বিক্ৰীৰ হাৰ বৃদ্ধি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.