ETV Bharat / state

Assam Book Fair 2022: অসম গ্ৰন্থমেলাত 4 দিনত 1 কোটি টকাৰ গ্ৰন্থ বিক্ৰী

author img

By

Published : Jan 1, 2023, 8:07 PM IST

পহিলা জানুৱাৰীৰ দিনটোত অসম গ্ৰন্থমেলা হৈ পৰিল লোকাৰণ্য ৷ পুৱাৰ পৰা সন্ধিয়ালৈ প্ৰায় 50 সহস্ৰাধিক গ্ৰন্থপ্ৰেমী ৰাইজে ভিৰ কৰিলেহি অসম গ্ৰন্থমেলাৰ বাকৰিত ৷ লগতে গ্ৰন্থমেলাৰ সৈতে সংগতি ৰাখি কেইবাগৰাকীও বিশিষ্ট লেখক-সাহিত্যিকৰ উপস্থিতিত অনুষ্ঠিত হ’ল আলোচনা সত্ৰ ৷

Assam Book Fair 2022
অসম গ্ৰন্থমেলাত 4দিনত 1কোটি টকাৰ গ্ৰন্থ বিক্ৰী

গুৱাহাটী, ১ জানুৱাৰীঃ নৱবৰ্ষৰ পহিলা দিনটোত লোকাৰণ্য হৈ পৰিল চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত(Assam engineering Institute playground) আয়োজন কৰা অসম গ্ৰন্থমেলা(Assam Book Fair 2022) ৷ অসম প্ৰকাশন পৰিষদ(Publication Board Assam) আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ (All Assam Publishers and Booksellers Association) যৌথ উদ্যোগত অনুষ্ঠিত হৈছে অসম গ্ৰন্থমেলা ৷ দেওবাৰৰ দিনটোত পুৱা দ্বাৰ মুকলি কৰাৰ পৰা সন্ধিয়ালৈ প্ৰায় 50সহস্ৰাধিক লোকৰ সমাগম হয় গ্ৰন্থমেলালৈ ৷

বছৰৰ প্ৰথমটো দিনত গ্ৰন্থৰ বিপণিত হেঁপাহৰ গ্ৰন্থ ক্ৰয় কৰি নৱবৰ্ষ ২০২৩ক স্বাগত জনাই নিৰ্মল আনন্দ উপভোগ কৰে হেজাৰ হেজাৰ পঢ়ুৱৈয়ে ৷ দেওবাৰৰ দিনটোত কিতাপ বিক্ৰীও আশাব্যঞ্জক বুলি সদৰী কৰিছে অসম প্ৰকাশন পৰিষদৰ লগতে আন আন প্ৰকাশন গোষ্ঠীসমূহে(Book selling at Assam Book Fair 2022) ৷ যোৱা ২৯ ডিচেম্বৰৰ পৰা ১ জানুৱাৰী পৰ্যন্ত ১ কোটি টকাৰ গ্ৰন্থ বিক্ৰী হোৱা বুলি জনাইছে প্ৰকাশন পৰিষদে ৷

ইফালে, দেওবাৰে বিয়লি ১ বজাত অসম প্ৰকাশন পৰিষদে গ্ৰন্থমেলাৰ অস্থায়ী প্ৰেক্ষাগৃহত আয়োজন কৰা হয় “মই কিয় লিখোঁঃ স্ব-পৰিক্ৰমা” শীৰ্ষক এখনি গুৰুত্বপূৰ্ণ আলোচনা সত্ৰ ৷ ইয়াত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়ে(Phanindra Kumar Dev Choudhury) বিষয় সন্দৰ্ভত কয় , ‘‘সকলো লেখকে একে কাৰণতে নিলিখে ৷ সকলোৰে বেলেগ বেলেগ কাৰণ আছে ৷’’ তেওঁ দহ বছৰ বয়সৰ পৰাই লিখা বুলি উল্লেখ কৰি কয়, “ সমাজখন ঘটনা বহুল ৷ এনে বহু ঘটনা মানি ল’ব নোৱাৰোঁ বা হজম কৰিব নোৱাৰোঁ ৷ তেতিয়া মনত অশান্তি আৰু অস্থিৰততাৰ সৃষ্টি হয় ৷ আনন্দ আৰু বিষাদৰ সময়তো অস্থিৰতা আৰু চটফটনিৰ সৃষ্টি হয় ৷ এনে অস্থিৰতাৰ পৰা মুক্তি পাবলৈ বিভিন্ন পন্থা অৱলম্বন কৰিছিলোঁ ৷ কিন্তু অস্থিৰতাৰ উপশম নঘটিল ৷ কলম হাতত তুলি ল’লেহে ইয়াৰ পৰা মুক্ত হ’ব পাৰোঁ ৷ মই এইবাবেই লিখোঁ ৷ অৰ্থাৎ মানসিক অশান্তিৰ পৰা মুক্তি লাভ কৰাৰ ঔষধ হিচাপেই যোৱা ৬০ বছৰে অবিৰতভাৱে লিখি আহিছোঁ ৷’’

আলোচনা সত্ৰখন সঞ্চালনা কৰে বিশিষ্ট কাহিনীকাৰ ডাঃ অপূৰ্ব কুমাৰ শইকীয়াই(Apurba Kumar Saikia) ৷ তেওঁ কয়, “ সাহিত্য কৰ্ম এক নিৰলস সাধনাৰ যাত্ৰা ৷ এয়া কঠিন যাত্ৰা ৷ তথাপি সাহিত্যিকসকলে কিয় এই যাত্ৰাত অৱতীৰ্ণ হয়, এয়া বৰ গুৰুত্বপূৰ্ণ বিষয় ৷ এই প্ৰশ্নৰ উত্তৰ প্ৰতিজন লেখকৰ বাবে বেলেগ হোৱাই স্বাভাৱিক ৷ ৰাজনৈতিক আদৰ্শ , নন্দনতাত্বিক উদ্বিগ্নতা , আত্মমগ্নতা আদি বিভিন্ন কাৰণত লিখা হয় ৷ আনকি নিজকে কেতিয়াবা লুকুৱাবলৈও লিখা হয় ৷ সাহিত্যই তাৎক্ষণিকভাৱে কোনো বিপ্লৱ আনিব বুলি ভাবিব নোৱাৰি ৷ সাহিত্যৰ যাত্ৰা একধৰণৰ বিবৰ্তন বুলি ক’ব পাৰি ৷”

আন এগৰাকী আলোচক অতিথি , বিশিষ্ট গল্পকথক লীনা শৰ্মাই(Leena Sarma) কয় যে, “ জৰ্জ অ’ৰৱেলৰ এখন কিতাপ আছে Why I Write. এই বিষয়ে তেওঁ বিভিন্ন কাৰণ দৰ্শাইছে ৷ সেই অনুসৰি বহুতে অহংকাৰত লিখে , কিছুমানে মন ভাল লগাবলৈ লিখে , কিছুমানে বুৰঞ্জীৰ ভুল তথ্য শুধৰাবলৈ লিখে আদি ৷ মই কিন্তু দ্বিতীয়টো কাৰণত অৰ্থাৎ মন ভাল লগাবলৈ লিখোঁ ৷ তদুপৰি বিভিন্ন সময়ত আনে কৰা সুন্দৰ কাম কৰিব নোৱাৰি হীনমন্যতাত ভুগো ৷ ইয়াৰ পৰা মুক্তি লাভ কৰিবলৈও লিখিবলৈ লওঁ ৷ বৰ আনন্দত থাকিলেও লিখিব নোৱাৰোঁ ৷ মন বেয়া লাগিলে বা বিষাদেৰে ভাৰাক্ৰান্ত হ’লে মন ফৰকাল কৰিবলৈ মই লিখিবলৈ আৰম্ভ কৰোঁ ৷”

একেদৰে বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতীয়ে(Sibananda Kakoti) ইয়াত আলোচক অতিথিৰূপে উপস্থিত থাকি কয় যে, ‘‘ লেখকসকল এটা শ্ৰেণী ৷ সকলো শ্ৰেণীৰে এটা বৈশিষ্ট্য থাকে ৷ লেখক শ্ৰেণীৰো তেনে একেধৰণৰ বৈশিষ্ট্য আছে ৷ গতিকে লিখাৰ কিছুমান কাৰণ একে ৷ কিন্তু প্ৰত্যেকে যিহেতু পৃথক মানুহ গতিকে লিখাৰ পৃথক কাৰণো নিশ্চয় আছে ৷ মোৰ নিজৰ মাজতে অহৰহ দ্বন্দ্ব থাকে ৷ যেন মোৰ লিখক সত্তা মোৰ পৰা বেলেগ ৷ সেয়ে মই কিয় লিখোঁ বুলিলে দ্বিধাগ্ৰস্ত হওঁ ৷ তথাপি কব পাৰোঁ যে মই মোৰ গাঁৱখনৰ প্ৰতি , গ্ৰাম্য জীৱনৰ প্ৰতি দায়ৱদ্ধ ৷ ইয়াৰ পৰাই মই মোৰ পৃথিৱীৰ সন্ধান কৰোঁ ৷ গতিকে লিখাৰ প্ৰক্ৰিয়া মোৰ বাবে সেৱা নাইবা প্ৰাৰ্থনা ৷”

আন এগৰাকী বিশিষ্ট গল্পকাৰ জয়ন্ত মাধৱ বৰাই(Jayanta Madhav Baruah) আলোচনা সত্ৰখনত আলোচক অতিথিৰূপে অংশ লয় ৷ তেওঁ কয় যে,“ লিখাৰ সৈতে জীৱন অন্বেষণৰ কথা জড়িত হৈ থাকে ৷ লিখাটো মোৰ বাবে যোগ সাধনা সদৃশ ৷ শান্তি বিচাৰি মই লিখো ৷ মোৰ লিখাৰ এক উদ্দেশ্য আছে ৷ মোৰ লিখাৰ উদ্দেশ্যত ৰাজনৈতিক আদৰ্শও আছে ৷ তদুপৰি সম্পাদকৰ তাগিদাতো লিখা হয়, কিন্তু উদ্দেশ্যৰ পৰা আঁতৰি নাহো ৷ মোক শৰীৰে অনুমতি দিয়ালৈ লিখি থাকিম ৷”

ইয়াত আলোচক অতিথিৰূপে উপস্থিত থাকে জনপ্ৰিয় গল্পকাৰ-ঔপন্যাসিক মনালিছা শইকীয়া(Manalisa Saikia) ৷ তেওঁ বিষয় প্ৰসংগত এনেদৰে কয় যে, “ মই সদায়ে নিজকে এটি নিঃসহায় শিশুৰ ৰূপত পুনৰ আৱিষ্কাৰ কৰোঁ ৷ কিতাপ আৰু কলম নাথাকিলে মই নিজকে আজিৰ এই ৰূপত নাপালোহেঁতেন ৷ আইৰ মুখত শুনা সাধুবোৰে মন বিষাদেৰে ভৰাই তুলিছিল ৷ তেজিমলা হ’বলৈ মন গৈছিল ৷ এনে বিষাদৰ পৰা মুক্তি বিচাৰি লিখিবলৈ লৈছিলোঁ ৷ নিজকে জীয়াই ৰাখিবলৈ হাতত কলম তুলি লৈছিলোঁ ৷ কাৰণ মই বৰ অন্তৰ্মুখী আছিলোঁ ৷ এসময়ত মৃত্যু চেতনাই কিয় খেদি ফুৰিছিল নাজানো ৷ ইয়াৰ পৰা হাত সাৰিবলৈ লিখিছিলোঁ ৷ এতিয়া অৱশ্যে জীয়াই থাকিবলৈ লিখা বুলিলে ভুল হ’ব ৷ এতিয়া মই সুখী হ’বলৈ লিখোঁ ৷ নিজৰ যন্ত্ৰণা অতিক্ৰম কৰি আনৰ যন্ত্ৰণা অনুভৱ কৰি লিখাৰ কছৰৎ কৰোঁ ৷’’

আলোচনা সত্ৰখন উদ্বোধন কৰে নলবাৰীৰ ধমধমা আঞ্চলিক মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক জ্যোৎস্না আহমেদে ৷ মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে আলোচনা সত্ৰখন পৰিচালনাত সহযোগিতা আগ বঢ়ায়৷ আনহাতে বিয়লি ৩ বজাত গ্ৰন্থমেলাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় “সাহিত্য-আলচ” শীৰ্ষক আন এখন মনোজ্ঞ আলোচনা সত্ৰ ৷ বিশিষ্ট সাহিত্যিক-সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীয়ে আলোচনা সত্ৰখন উদ্বোধন কৰি কয় যে, “ পাঠক-প্ৰকাশক আৰু লেখক এই তিনিকোণীয়া ব্যৱস্থাটোৱে কিতাপ আৰু সাহিত্যৰ ভৱিষ্যত নিৰ্ধাৰণ কৰে ৷ গতিকে লেখক-পাঠকৰ এই মুখামুখি অনুষ্ঠান অতি গুৰুত্বপূৰ্ণ ৷ কিতাপ এখনৰ বেটুপাত আটকধুনীয়া হ’লেই নহব, ভিতৰৰ গুণ-মানো উন্নত হ’ব লাগিব ৷ প্ৰকাশকসকলো এই ক্ষেত্ৰত সচেতন হোৱাৰ প্ৰয়োজন আছে ৷ কেৱল ডি .টি. পি.ৰ সুবিধা থাকিলেই বাছ-বিচাৰ নোহোৱাকৈ কিতাপ প্ৰকাশ কৰা অনুচিত ৷ এই ক্ষেত্ৰত ভাষাৰ সচেতনতা লাগিব, দায়িত্ববোধ আৰু সাধনা লাগিব ৷ তেতিয়াহে ভাষা-সাহিত্যৰো সমৃদ্ধি হ’ব ৷”

এই অনুষ্ঠান সঞ্চালনা কৰে নাট্যকাৰ-লেখক , গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ প্ৰচাৰণ কাৰ্যবাহী ঋতুপৰ্ণ দাসে ৷ তেওঁ মন্তব্য কৰে যে, ‘‘অসম প্ৰকাশন পৰিষদে নতুন লেখকসকলৰ মাজত অনুষ্ঠিত কৰা “সাহিত্য-আলচ” অতি গুৰুত্বপূৰ্ণ এক অনুষ্ঠান ৷ কাৰণ ইয়াৰ জৰিয়তে নতুন লেখকসকলক এখন মঞ্চ দিয়া হৈছে ৷ সাহিত্যৰ বিষয়ে এনে আলোচনাই লেখক সকলক উৎসাহিত কৰিব ৷ এনে মঞ্চত লেখক সকলে মুখামুখি হৈ মত বিনিময় কৰাটো ইতিবাচক ৷’’

অনুষ্ঠানত অংশগ্ৰহণ কৰে হিমাংশু ভাগৱতী, পূৰৱী বৰুৱা,অংকিতা বৰুৱা, মীনাক্ষি বৰুৱা, নিৰ্মালী নয়নতৰা, দিগন্ত নিবিড়, ড৹ জয়ন্ত ডেকা, বিনু দাস, মন্দিৰা গগৈ, স্মৃতিৰেখা ভূঞা, প্ৰীতিৰেখা ভূঞা, ধীৰুমণি গগৈ আদি নতুন প্ৰজন্মৰ কেবাগৰাকী কবি-গল্পকাৰ-ঔপন্যাসিক , নাট্যকৰ্মী,সাহিত্য-সমালোচক, নিবন্ধকাৰে ৷ ইফালে, সন্ধিয়া মূল মঞ্চত অনুষ্ঠিত হয় চমকপ্ৰদ প্ৰতিভাৰ চিত্ৰ-শিল্পী ৰবিন ব’ৰৰ চিত্ৰ-কলাৰ অনুষ্ঠান আৰু এলানি মনপৰশা সাংস্কৃতিক কাৰ্যসূচী ৷

লগতে পঢ়ক: CM Interact with Journalists: বছৰৰ প্ৰথম দিনটোত সাংবাদিকৰে মত বিনিময় মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.