ETV Bharat / state

ব'লবোম উপলক্ষ্য তৎপৰ প্ৰশাসনঃ মন্দিৰৰ আশে পাশে নিষিদ্ধ মাদকদ্ৰব্যৰ প্ৰচলন - ব'লবোম উৎসৱ

গুৱাহাটী মহানগৰীৰ উপায়ুক্তৰ সভাকক্ষত ব'লবোম উৎসৱ সন্দৰ্ভত প্ৰশাসন আৰু মন্দিৰ পৰিচালনা সমিতিৰ বৈঠক । সভাত মন্দিৰৰ আশে পাশে সুৰা আৰু মাদকদ্ৰব্য প্ৰচলন বন্ধ কৰাৰ লগতে প্লাষ্টিক ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে ।

মন্দিৰৰ আশে পাশে সুৰা আৰু মাদকদ্ৰব্য প্ৰচলন বন্ধঃ প্ৰশাসন
author img

By

Published : Jul 10, 2019, 8:52 AM IST

গুৱাহাটী, ৯ জুলাইঃ গুৱাহাটী জিলা উপায়ুক্তৰ সভাকক্ষত ব'লবোম উৎসৱ সন্দৰ্ভত প্ৰশাসন আৰু মন্দিৰ পৰিচালনা সমিতিৰ বৈঠক অনুষ্ঠিত হয় । সভাত ভক্ত সকলৰ নিৰাপত্তা দিশত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ।

ETV BHARAT ASSAM
মন্দিৰৰ আশে পাশে সুৰা আৰু মাদকদ্ৰব্য প্ৰচলন বন্ধঃ প্ৰশাসন

মংগলবাৰে গুৱাহাটী জিলা উপায়ুক্তৰ সভাকক্ষত আগন্তুক ব'লবোম উৎসৱ আয়োজন সন্দৰ্ভত এখনি বিশেষ সভা অনুষ্ঠিত হয় । প্ৰতিবছৰৰ দৰে এইবাৰো অহা ১৬জুলাইৰ পৰা প্ৰায় এমাহ ধৰি চলিব ব'লবোম উৎসৱ । এই উৎসৱ উপলক্ষে নিৰাপত্তা আৰু ভক্তসকলৰ সুবিধাৰ্থে ল'বলগীয়া ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা হয় । বশিষ্ঠ মন্দিৰ আৰু শুক্লেশ্বৰ মন্দিৰ পৰিচালনা সমিতিৰ লগতে জিলা প্ৰশাসনে আলোচনাত মিলিত হৈ উৎসৱটো সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ।

মন্দিৰৰ আশে পাশে সুৰা আৰু মাদকদ্ৰব্য প্ৰচলন বন্ধ, প্লাষ্টিক ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰে প্ৰশাসনে । উল্লেখযোগ্য যে, সভাত গুৱাহাটী আৰক্ষীৰ ডিচিপি ধৰ্মেন্দ্ৰ কুমাৰ দাস, এডিচিপি সুপ্ৰতীভ লাল বৰুৱা, কামৰূপ মহানগৰ জিলাৰ সহকাৰী আয়ুক্ত জিতুৰাজ গগৈকে ধৰি আৰক্ষী প্ৰশাসনৰ কেইবাগৰাকীও শীৰ্ষ বিষয়াৰ লগতে বশিষ্ঠ আৰু শুক্লেশ্বৰ মন্দিৰ পৰিচালনা সমিতিৰ কেইবাগৰাকীও প্ৰতিনিধি উপস্থিত থাকে ।

লগতে আন এটা বাতৰি - কোকৰাঝাৰত নেমছুৰ উদ্যোগত হজযাত্ৰীক সম্বৰ্ধনা

Intro:মংগলবাৰে জিলা উপায়ুক্তৰ সভাকক্ষত আগন্তুক শ্ৰাৱণী মেলা ব'লবোম উৎসৱ আয়োজন সন্দৰ্ভত এখনি বিশেষ সভা অনুষ্ঠিত হয়। প্ৰতিবছৰৰ দৰে এইবাৰো অহা ১৬জুলাইৰ পৰা প্ৰায় এমাহ ধৰি চলিব ব'লবোম উৎসৱ। এই উৎসৱ উপলক্ষে নিৰাপত্তা আৰু ভক্তসকলৰ সুবিধাৰ্থে ল'বলগীয়া ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা হয় এই সভা। বশিষ্ঠ মন্দিৰ আৰু শুক্লেশ্বৰ মন্দিৰ পৰিচালনা সমিতিৰ লগতে জিলা প্ৰশাসনে আলোচনাত মিলিত হৈ উৎসৱটো সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত হাতত লয়। মন্দিৰৰ আশে পাশে সুৰা আৰু মাদকদ্ৰব্য প্ৰচলন বন্ধ, প্লাষ্টিক ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰে প্ৰশাসনে। উল্লেখযোগ্য যে সভাত গুৱাহাটী আৰক্ষীৰ ডিচিপি ধৰ্মেন্দ্ৰ কুমাৰ দাস, এডিচিপি সুপ্ৰতীভ লাল বৰুৱা, কামৰূপ মহানগৰ জিলাৰ সহকাৰী আয়ুক্ত জিতুৰাজ গগৈকে ধৰি আৰক্ষী প্ৰশাসনৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া, বিভিন্ন বিভাগৰ বিষয়াৰ লগতে বশিষ্ঠ আৰু শুক্লেশ্বৰ মন্দিৰৰ কতৃপক্ষৰ কেইবাগৰাকীও প্ৰতিনিধি উপস্থিত থাকে।Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.