ETV Bharat / state

Lok Sabha Election 2024: লোকসভা নিৰ্বাচনলৈ কঁকালত টঙালি ৰাজ্যিক BJPৰ, ফেব্ৰুৱাৰীত নগাঁৱত BJPৰ বিশাল ৰাজহুৱা সভা

author img

By

Published : Jan 16, 2023, 7:44 PM IST

যুদ্ধকালীন গতিৰে আগবাঢ়িছে ২০২৪ৰ লোকসভা নিৰ্বাচনৰ(Lok Sabha Election 2024) বাবে বিজেপিৰ প্ৰস্তুতি ৷ ৰাজ্যৰ ১০ টা সমষ্টি দখলৰ পণ লৈছে ৰাজ্যিক বিজেপিয়ে ৷ ১০ জানুৱাৰীত ৰাজ্যিক বিজেপিৰ ক’ৰ কমিটিৰ বৈঠক অনুষ্ঠিত হোৱাৰ পিচত মাৰ্চত অনুষ্ঠিত হ’ব তিনিদিনীয়া আলোচনা সভা ৷ য’ত উপস্থিত থাকিব সকলো বুথৰ সভাপতিসকল ৷ এই আলোচনাতে চূড়ান্ত হ’ব লোকসভা নিৰ্বাচনৰ বাবে বুথ পৰ্যায়ৰ ৰণকৌশল ৷ আনহাতে ফেব্ৰুৱাৰীত নগাঁৱত অনুষ্ঠিত হ’ব প্ৰথমখন ৰাজহুৱা সভা ৷

Lok Sabha Election 2024
ফেব্ৰুৱাৰীত নগাঁৱত BJPৰ বিশাল ৰাজহুৱা সভা

গুৱাহাটী, ১৬ জানুৱাৰী : ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যলৈ ব'ব BJP ৰাষ্ট্ৰীয় নেতাৰ সোঁত ৷ কাৰণ আহি আছে ২০২৪ ৰ লোকসভা নিৰ্বাচন (Lok Sabha Election 2024)৷ ২০২৪ চনৰ লোকসভা নিৰ্বাচনলৈ মাজত প্ৰায় এবছৰ । তেনে সময়তে শাসকীয় বিজেপিয়ে সাংগঠনিকভাৱে এই নিৰ্বাচনৰ বাবে চলাইছে যুদ্ধকালীন প্ৰস্তুতি । বিশেষকৈ অসমত শাসকীয় বিজেপিয়ে আগন্তুক নিৰ্বাচনৰ বাবে কাৰ্যতঃ কঁকালত টঙালি বান্ধিছে ৷

উল্লেখ্য যে, ২০১৯ চনৰ লোকসভা নিৰ্বাচনত(2019 Lok Sabha Election) ৰাজ্যৰ ১৪ টা সমষ্টিৰ ভিতৰত নটা সমষ্টিত বিজয় সাব্যস্ত কৰিছিল বিজেপিয়ে ৷ ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে ১২ টা সমষ্টিত বিজয় সাব্যস্ত কৰাৰ লক্ষ্য স্থিৰ কৰি লৈছে ৷ তাৰবাবে ইতিমধ্যে ৰণকৌশল প্ৰস্তুতৰ কাম আৰম্ভ কৰিছে শাসকীয় দলটোৱে ৷

যোৱা ১০ জানুৱাৰীত অনুষ্ঠিত হৈ গৈছে ৰাজ্যিক বিজেপিৰ নতুন বছৰৰ প্ৰথমখন ৰাজ্যিক ক'ৰ কমিটীৰ বৈঠক ৷ এই বৈঠকৰ সিদ্ধান্ত অনুসৰি লোকসভা নিৰ্বাচনৰ বাবে যাৱতীয় নিৰ্দেশনা প্ৰদান কৰাৰ লক্ষ্যৰে ৰাজ্যৰ সকলো বুথৰ সভাপতিক লৈ ভাৰতীয় জনতা পাৰ্টিয়ে অহা মাৰ্চ মাহত গুৱাহাটীত অনুষ্ঠিত কৰিব তিনিদিনীয়া আলোচনা সভা ৷

মন কৰিবলগীয়া যে গুৱাহাটী মহানগৰীৰ বশিষ্ঠত থকা বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত(Assam BJP Office) অনুষ্ঠিত হ'ব লগা এই সভাতে লোকসভা নিৰ্বাচনৰ বাবে বুথ পৰ্যায়ত নিৰ্বাচনী ৰণকৌশল চূড়ান্ত কৰাৰ সম্ভাৱনা আছে । আনহাতে আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে ইতিমধ্যে ১২৬ টা বিধানসভা সমষ্টিত জোৰদাৰ কৰি তুলিছে বুথ সশক্তিকৰণ অভিযান ৷

আনহাতে বিজেপিয়ে ১৪ টা লোকসভা সমষ্টিত অব্যাহত ৰাখিছে 'লোকসভা বিস্তাৰ যোজনা' ৷ এই যোজনাৰ অধীনত ইতিমধ্যে কলিয়াবৰ, নগাঁও আৰু বৰপেটা লোকসভা সমষ্টিত কেন্দ্ৰীয় আইন মন্ত্ৰী তথা অৰুণাচল প্ৰদেশৰ সাংসদ কিৰেণ ৰিজিজুৱে কেইবালানিও সাংগঠনিক আলোচনাত অংশ লৈছে । এতিয়া অহা ফেব্ৰুৱাৰীত বিজেপিয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰথমখন বিশাল ৰাজহুৱা সভা অনুষ্ঠিত কৰিব নগাঁও লোকসভা সমষ্টিত (Nagaon Lok Sabha Constituency) ৷ এই সভাত অংশ ল'ব একাধিক কেন্দ্ৰীয় মন্ত্ৰীয়ে ৷

ইফালে এই ৰাজহুৱা সভাৰেই ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে ৰণশিঙা বজাব ভাৰতীয় জনতা পাৰ্টিয়ে ৷ ইয়াৰ লগে লগে ৰাজ্যলৈ আগমণ ঘটিব বিজেপিৰ ৰাষ্ট্ৰীয় নেতাৰ ৷ নৰ্বাচনী ৰণকৌশল প্ৰস্তুতৰ বাবে অসমলৈ আগমণ ঘটিবলগীয়া বিজেপিৰ ৰাষ্ট্ৰীয় নেতাৰ তালিকাও ইতিমধ্যে প্ৰস্তুত কৰা হৈছে ৷ এনেদৰেই এতিয়া বিজেপিয়ে ২০২৪ চনতো কেন্দ্ৰত শাসনৰ গাদীত বহিবলৈ চলাইছে প্ৰাৰম্ভিক প্ৰস্তুতি ।

লগতে পঢ়ক: BJP national executive meeting: আজিৰে পৰা বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিবাহক বৈঠক; কাৰ্যকাল বৃদ্ধি পাব পাৰে নাড্ডাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.