ETV Bharat / state

2024 Lok Sabha Election: মিত্রদললৈ তিনি এৰি এঘাৰৰ লক্ষ্যৰে লোকসভা নিৰ্বাচনৰ বাবে তৎপৰ শাসকীয় দল

নিজাকৈ এঘাৰখন আসনত প্ৰতিদ্বন্দ্বীতা কৰি বিজয়ৰ লক্ষ্য বিজেপিৰ । ধুবুৰী আৰু নগাঁও মিত্রদল অগপক এৰি দিয়াৰ সম্ভাৱনা । পচন্দৰ সমষ্টি পোৱাৰ সম্ভাৱনা ক্ষীণ অগপৰ বাবে । বৰপেটাত নতুন মুখৰ সন্ধান বিজেপিৰ । মিত্রদল ইউ পি পি এলক এৰি দিব কোকৰাঝাৰ । ২০১৯ৰ দৰে ২০২৪ৰ নিৰ্বাচনতো নতুনক অগ্ৰাধিকাৰ দিব বিজেপিয়ে । বিশেষভাৱে তৎপৰ প্রার্থিত্ব প্ৰত্যাশী । সমষ্টিয়ে সমষ্টিয়ে প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ কুচকাৱাজ । কেইবাজনো সাংসদে নাপাব টিকট ।

author img

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 3:22 PM IST

2024 Lok Sabha Election
2024 Lok Sabha Election

গুৱাহাটী,২২ ছেপ্টেম্বৰ: লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ ৰাজনীতিত ক্ৰমাৎ উত্তাপ বৃদ্ধি পাব ধৰিছে । ইতিমধ্যে শাসক-বিৰোধী প্ৰতিটো ৰাজনৈতিক দলেই নিজা নিজা এজেণ্ডাৰে কুচকাৱাজ আৰম্ভ কৰিছে ।

কংগ্ৰেছৰ নেতৃত্বত বাৰটাকৈ ৰাজনৈতিক দল ঐক্যবদ্ধ হৈছে যদিও প্ৰত্যেকেই নিজা নিজা ভেঁটি সুদৃঢ় কৰাৰ বাবে নিজস্ব পন্থাৰে ৰাইজৰ মাজলৈ যোৱাৰ প্ৰয়াস কৰিছে । ইফালে শাসকীয় দল বিজেপিয়ে বহু পূৰ্বৰে পৰাই লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাই কুচকাৱাজ আৰম্ভ কৰিছে ।

অৱশ্যে পৰিৱেশ আৰু পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে সময়ে সময়ে নিজৰ ৰণকৌশল সলনি কৰি আহিছে । পূৰ্বতে ১২ প্লাছৰ লক্ষ্য নিৰ্ধাৰণ কৰা বিজেপিয়ে এতিয়া ১১টা সমষ্টি টাৰ্গেট কৰিছে ।

ইফালে, বিজেপিৰ লগতে মিত্রদল AGP আৰু UPPLয়ে লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ঐক্যবদ্ধতাৰে কাম-কাজ আৰম্ভ কৰাৰ লগে লগে বৃদ্ধি পাইছে প্রার্থিত্ব প্রত্যাশীৰ বিশেষ তৎপৰতা । UPPLয়ে কোকৰাঝাৰ আৰু অগপই জয়ী হোৱাৰ সম্ভাৱনা থকা এটা সমষ্টি বিচাৰি বিজেপিৰ ওপৰত হেঁচা প্ৰয়োগ কৰি অহাৰ সমান্তৰালকৈ প্ৰাৰ্থিত্ব প্রত্যাশীসকলে নিজ নিজ দলৰ ওপৰত কৌশলগতভাৱে হেঁচা প্ৰয়োগ কৰি আহিছে ।

লক্ষণীয় বিষয় যে বিজেপিয়ে প্ৰাৰ্থী বাচনি প্ৰক্ৰিয়াটো কেইবাটাও প্ৰক্ৰিয়াৰ মাজেৰে কৰে যদিও একাংশ প্রার্থিত্ব প্ৰত্যাশীয়ে নিজাববীয়া তৎপৰতা অব্যাহত ৰাখিছে । আনকি নিজ দলৰ সাংসদ থকা সমষ্টিতো চলিছে প্রার্থিত্ব প্রত্যাশীৰ তৎপৰতা ।

উল্লেখ্য যে ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত বিজেপিয়ে বিশেষ পদ্ধতি অৱলম্বন কৰিছিল । পুৰণিৰ সলনি নতুনক অগ্ৰাধিকাৰ দিয়া হৈছিল আৰু যাৰ ভাল ফলাফলো বিজেপিয়ে লাভ কৰিছিল । এইবাৰো বিজেপিয়ে নতুন মুখৰ সন্ধানত আছে ।

যাৰ পৰিপ্ৰেক্ষিতত প্রার্থিত্ব প্ৰত্যাশীৰ বিশেষ তৎপৰতা বৃদ্ধি পাইছে । উল্লেখ্য যে ২০১৯ৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে মিত্রদল অগপক তিনিটা সমষ্টি ক্ৰমে ধুবুৰী, বৰপেটা আৰু কলিয়াবৰ এৰি দিছিল যদিও অগপই এখনো আসনত জয়ী হ'ব নোৱাৰিলে ।

এইবাৰ বিজেপিয়ে বৰপেটা আৰু নৱ গঠিত কাজিৰঙাত নিজ দলৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব । যাৰ ফলত সমষ্টি দুটাত নতুন মুখৰ প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ কুচকাৱাজ চলিছে । লক্ষণীয় বিষয় যে বৰপেটা লোকসভা সমষ্টিত সামাজিক কাম-কাজৰ সৈতে জড়িত তথা সমাজৰ এজন জনপ্রিয় লোক বিজেপিৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে ।

জানিব পৰা মতে সমাজৰ প্ৰভাৱশালী নেতাজনৰ বিজেপি দলৰ সৈতেও আছে সু-সম্পর্ক । সংখ্যালঘুৰ প্ৰভাৱ থকা সমষ্টিটোত সমাজৰ জনপ্রিয় ব্যক্তি এজনক প্ৰাৰ্থীত্ব দিলে দলৰ অভ্যন্তৰত বিশেষ বাদানুবাদ হোৱাৰো সম্ভাৱনা নাই ।

ইফালে অগপই প্রতিদ্বন্দ্বিতা আগবঢ়াই সমষ্টিটো উদ্ধাৰ কৰাৰ সম্ভাৱনা নথকাত অন্তিম সময়ত বৰপেটাত এইবাৰ প্ৰত্যক্ষ ৰাজনীতিৰ সৈতে জড়িত নথকা ব্যক্তি এজন প্রার্থী হ’ব পাৰে বিজেপি মিত্রদলত চৰ্চা চলিছে ।

অৱশ্যে সমষ্টিটোত কেইবাজনৰ নাম চৰ্চাত আছে । শাসকীয় দলৰ নিৰ্বাচনী ৰণকৌশলৰ মাজতে মিত্রদল অগপই আসন লাভৰ প্ৰসংগটোও চৰ্চালৈ আহিছে । জানিব পৰা মতে জয়ী হ’ব পৰা সমষ্টিৰ ভিতৰত অগপই তেজপুৰ সমষ্টি বিচাৰি বিজেপিৰ ওপৰত দাবী উত্থাপন কৰি আহিছে ।

অৱশ্যে অগপই এইক্ষেত্রত মুকলিকৈ কোনো ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই যদিও দলীয় তৎপৰতা অব্যাহত ৰাখিছে । সমষ্টিয়ে সমষ্টিয়ে দলীয় ভেঁটি সুদৃঢ় কৰাৰ বাবে উঠিপৰি লাগিছে আঞ্চলিক দলটো ।

জানিব পৰা মতে অগপই তেজপুৰ নহ’লে মঙলদৈ বা গুৱাহাটী বিচাৰি হেঁচা প্ৰয়োগ কৰি আহিছে । কিন্তু এই তিনিটা সমষ্টিৰ কোনো এটা সমষ্টিয়েই এৰি দিয়াৰ পক্ষত নাই বিজেপি । মিত্রদল বিজেপিয়ে অগপক পচন্দৰ সমষ্টিৰ বিপৰীতে এই মুহূৰ্তত ধুবুৰী সমষ্টি এৰি দিয়াটো নিশ্চিত হৈ আছে । তদুপৰি নগাঁও সমষ্টিটো অন্তিম সময়ত মিত্রদল অগপক দিয়াৰ সম্ভাৱনা আছে ।

উল্লেখ্য যে বিগত নিৰ্বাচনত নগাঁৱত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই বিজেপি পৰাজিত হৈছিল আৰু এইবাৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত বিজেপিৰ বাবে সমষ্টিটো অধিক জটিল হৈছে । তেনে অৱস্থাত এইবাৰ বিজেপিয়ে নগাঁও সমষ্টিটো অন্তিম মুহূৰ্তত অগপক এৰি দিয়াৰ সম্ভাৱনা আছে । তেনেস্থলত অগপই এইবাৰ দুটা সমষ্টি লাভ কৰাৰ সম্ভাৱনা আছে ।

ইফালে বিজেপিয়ে আন এটা মিত্রদল ইউ পি এল এলক কোকৰাঝাৰ সমষ্টিটো এৰি দিয়াটো প্ৰায় স্পষ্ট হৈছে । অগপক দুটা আৰু ইউ পি পি এক এটা সমষ্টি এৰি দি বিজেপিয়ে প্রার্থিত্ব সালসলনিৰে ১১টা সমষ্টিত নিজাববীয়া প্রার্থী প্রক্ষেপ কৰাৰ সিদ্ধান্তত বৰ্তমানলৈ অটল আছে ।

আনহাতে ২০১৯ৰ নিৰ্বাচনৰ দৰে এইবাৰো বিজেপিয়ে কেইবাজনো সাংসদক টিকট নিদিয়াটো প্ৰায় নিশ্চিত । লক্ষণীয় বিষয় যে ২০১৯ৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে পাঁচজনকৈ সাংসদৰ টিকট কৰ্তন কৰি নতুনক স্থান দিছিল । ৯ জন সাংসদ থকা বিজেপি দলটোত এইবাৰ ২০১৯ চনৰ নিৰ্বাচনৰ দৰে প্রার্থী সাল-সলনি হোৱাটো নিশ্চিত ।

বৰ্তমানৰ কেইবাজনো সাংসদক পুনৰ প্ৰাৰ্থীত্ব নিদি নতুন মুখৰ নেতাক প্ৰক্ষেপ কৰাৰ কছৰৎ ইতিমধ্যে আৰম্ভ হৈছে । কিন্তু কোন কোন সাংসদে পুনৰ প্ৰাৰ্থীত্ব লাভৰ পৰা বঞ্চিত হ'ব সেয়া এশ শতাংশ এতিয়াও নিশ্চিত হোৱা নাই যদিও অৰ্ধসংখ্যক প্ৰাৰ্থী সাল-সলনি হোৱাটো একপ্ৰকাৰ নিশ্চিত বুলি দলীয় সূত্রত প্ৰকাশ ।

২০১৯ৰ লোকসভা নিৰ্বাচনত সাতগৰাকী সাংসদ থকা দলটোৱে পাঁচগৰাকী সাংসদকে পুনৰ প্ৰাৰ্থিত্ব প্ৰদানৰ পৰা বঞ্চিত কৰিছিল । সেইবাৰ প্রার্থিত্বৰ পৰা বঞ্চিত হৈছিল বিজয়া চক্ৰৱৰ্তী, ৰাজেন গোহাঁই, ৰমেন ডেকা, আৰ পি শৰ্মা আৰু কামাখ্যা প্ৰসাদ তাছা । এইবাৰ কাৰ কাৰ টিকট কটা যাব সেয়া সময়েহে ক'ব ৷

লগতে পঢ়ক: Paid holiday in Karam Puja: কৰম পূজাত পেইড হলিডে’ আৰু বাগিচাত নিষিদ্ধ বিজেপি; ধীৰাজ গোৱালাৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.