গুৱাহাটী, ১৪ জানুৱাৰী : কৃষি প্ৰধান ৰাজ্য অসমে কৃষিখণ্ডত ক্ৰমাৎ আত্মনিৰ্ভৰশীল হোৱাৰ দিশে অগ্ৰসৰ হৈছে । কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কৃষি উৎপাদন বৃদ্ধি কৰিবলৈ গ্ৰহণ কৰা বিভিন্ন আঁচনি ৰূপায়ন হোৱাত অসমত উৎপাদিত ফল-মূল, পাচলিয়ে বিশ্বৰ বজাৰ দখল কৰাত খোজ আৰম্ভ কৰিছে (Assam becomes self-reliant state in agriculture)।

লক্ষণীয় বিষয় যে, এটা সময়ত নিজ ৰাজ্যৰে চাহিদা পূৰণ কৰিব নোৱাৰা অসমৰ কৃষকে উৎপাদন কৰা ফচল ৰপ্তানি হৈছে দেশৰ বিভিন্ন প্ৰান্তৰৰ লগতে বিদেশীলৈ । ২০২১-২২ বৰ্ষৰ পৰা চলিত বিত্তীয় বৰ্ষৰ অক্টোবৰ মাহলৈ বিদেশলৈ অসমৰ পৰা ৭৩,৬৩০ মেট্ৰিক টন বিভিন্ন ফল-মূল, পাচলি ৰপ্তানি হৈছে । ৰপ্তানিকৃত সামগ্ৰীৰ পৰা ইতিমধ্যে অসমে প্রায় ৩২৭ কোটি টকা উপার্জন কৰা বুলি কৃষি বিভাগৰ তথ্যত প্ৰকাশ ।

ক’ভিড পৰিস্থিতিৰ সময়ত দেশৰ লগতে অসমৰ অৰ্থনীতি বিপৰ্যয়ৰ সন্মুখীন হোৱাৰ সময়ত অসমৰ কৃষকে উৎপাদন কৰা ৰঙালাও বিশেষ বিমানেৰে ডুবাইলৈ ৰপ্তানি কৰা হৈছিল । কৃষি প্রধান ৰাজ্যখনত শিক্ষিত নিবনুৱা কৃষি উৎপাদনৰ লগত আগতে জড়িত হোৱা নাছিল ।
কিন্তু শেহতীয়াকৈ ৰাজ্য চৰকাৰে ফাৰ্মাৰ প্ৰকিউমেণ্ট চেণ্টাৰ গঢ়ি তোলাৰ পাচৰে পৰা যুৱ প্ৰজন্ম খেতিৰ প্ৰতি আকৰ্ষিত হৈছে । ইয়াৰ পূৰ্বেও ব্যক্তিগত প্ৰচেষ্টাত অসমৰ কৃষকে জৈৱিক আৰু আধুনিক পদ্ধতি প্রয়োগ কৰি কৃষি উৎপাদন বৃদ্ধি কৰাৰ ফলত উৎপাদিত ভোট জলকীয়া, আনাৰস, নেমুটেঙা, ৰঙালাও, কল আদি ফল-মূল আৰু পাচলিয়ে বিদেশৰ বজাৰত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক : Black Joha Rice Exportation : ৰঙিয়াৰ পৰা হাজাৰ হাজাৰ কুইণ্টল ক’লা জহা ৰপ্তানি হ’ব বিদেশলৈ
বিশ্বৰ বজাৰত অসমৰ উৎপাদিত সামগ্ৰীয়ে সমাদৰ লাভ কৰাৰ লগতে কৃষকে উপযুক্ত দাম লাভ কৰাৰ পাচত উৎপাদনৰ লগতে ৰপ্তানিও বৃদ্ধি হৈছে । লক্ষণীয় বিষয় যে, বৰ্তমান সময়ত উচ্চশিক্ষাৰে শিক্ষিত যুৱক-যুৱতী সকলেও কৃষিখণ্ডত নিয়োজিত হৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ।
কৃষি বিভাগৰ তথ্য মতে, ২০২০-২১ বৰ্ষত অসমৰ পৰা মাত্র ৩ মেট্ৰিক টন মাকৈ বিদেশলৈ ৰপ্তানি হৈছিল । মাকৈ খেতি বৃদ্ধি হোৱাৰ লগতে চলিত বছৰত অক্টোবৰ মাহ পর্যন্ত ১১০৬ মেট্রিক টন মাকৈ বিদেশৰ বজাৰলৈ ৰপ্তানি হৈছে । নতুন প্রজন্ম জড়িত হোৱাৰ ফলত কৃষি ক্ষেত্ৰত একপ্ৰকাৰ নৱজাগৰণৰ সূচনা হোৱাৰ ফলত অসমৰ পৰা তিনিটা বছৰত নন বাচমতি চাউল ৫১,১১৮ মেট্ৰিক টন বিদেশৰ বজাৰলৈ ৰপ্তানি হৈছে ।

তেনেদৰে বাচমতি চাউল ২২৪৬ মেট্ৰিক টন ৰপ্তানি হোৱাত ৰাজ্যখনে বৈদেশিক মুদ্রা অর্জন কৰিবলৈ সক্ষম হৈছে । কেৱল সেয়াই নহয় পশুপালনত অসমৰ লোক নিয়োজিত হৈ পৰাৰ পাচত দুগ্ধজাত উৎপাদিত সামগ্ৰীৰ ৰপ্তানিও বৃদ্ধি পাইছে । তিনিটা বছৰত অসমৰ পৰা বিদেশলৈ ২৬৯৫ মেট্ৰিক টন দুগ্ধজাত উৎপাদিত সামগ্ৰী ৰপ্তানি হৈছে ।
অসমত মিলেট অভিযান কৃষি বিভাগে আৰম্ভ কৰিছে যদিও এই অভিযানৰ পূৰ্বে মিলেট উৎপাদন যে, অসমত হৈ আছিল সেই কথা অসমৰ পৰা মিলেট ৰপ্তানিয়ে স্পষ্ট কৰিছে । মিলেট অসমত জনপ্ৰিয় হৈ পৰা নাই যদিও বিদেশত সমাদৃত হৈছে আৰু তিনিটা বছৰত অসমৰ পৰা ২৬২৮ মেট্ৰিক টন মিলেট বিদেশলৈ ৰপ্তানি হৈছে ।

অসমত উৎপাদিত লিচু, কল, নেমুটেঙা আদি বিভিন্ন ফল বিদেশৰ বজাৰত ৰপ্তানি হোৱাৰ লগতে ৰাজ্যখনে এনে খাদ্য শস্যৰ দ্বাৰা বিদেশী মুদ্ৰা অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ পাচত ৰাজ্যখনত যে কৃষিক্ষেত্ৰত এক নৱজাগৰণৰ সূচনা হৈছে সেই কথা স্পষ্ট হৈ পৰিছে । এয়া নিঃসন্দেহে ৰাজ্যখনৰ বাবে আশাৰ বতৰা ।
লগতে পঢ়ক : Digital app Krisharthak launched: কৃষি বিভাগৰ সম্প্ৰসাৰণৰ লক্ষ্যৰে ডিজিটেল এপ মুকলি