ETV Bharat / state

Assam assembly winter session: পাঁচদিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা অসম বিধানসভাৰ শীতকালীন অধিৱেশন

author img

By

Published : Dec 20, 2022, 9:31 AM IST

আজিৰে পৰা আৰম্ভ হ’ল অসম বিধানসভাৰ শীতকালীন অধিৱেশন (Assam assembly winter session) ৷ 12 খনকৈ বিধেয়ক উত্থাপন কৰা‌ হ’ব শীতকালীন অধিৱেশনত ।

Assam assembly winter session
অসম বিধানসভাৰ শীতকালীন অধিৱেশন

গুৱাহাটী, 20 ডিচেম্বৰ : অসম বিধান সভাৰ অধিসূচনা অনুসৰি পঞ্চদশ অসম বিধানসভাৰ (15th Assam Assembly) ২০২২ বৰ্ষৰ শীতকালীন অধিবেশনখন মঙলবাৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে (Assam assembly winter session)। প্ৰশ্নোত্তৰ কালেৰে আৰম্ভ হ'ব বিধানসভাৰ শীতকালীন অধিৱেশন ( Assam assembly winter session 2022) । 12 খনকৈ বিধেয়ক উত্থাপন কৰা‌ হ’ব শীতকালীন অধিৱেশন ।

ইয়াৰে 11 খন বিধেয়ক সংশোধনীৰ বাবে উত্থাপন কৰা হ'ব (Amendment bill)। আকৌ এখন বিধেয়ক বাতিলৰ বাবে উত্থাপন কৰা হ'ব । অধিৱেশনত বিৰোধীয়ে সীমা সমস্যাকে ধৰি বিভিন্ন বিষয়লৈ সদন উত্তাল কৰাৰ ‌সম্ভাৱনা আছে (Assam’s Border issue in Assam assembly winter session )।

বিধানসভা সচিবালয়ে ঘোষণা কৰা কাৰ্যসূচী অনুসৰি মঙলবাৰে চৰকাৰী কাৰ্যসূচীত আছে মৃত্যু প্রসংগ, প্রশ্ন সমূহ ৷ অসম বিধানসভাৰ অধ্যক্ষ গৰাকীয়ে অসম বিধান সভাৰ ২০২২ চনৰ শীতকালীন অধিবেশনৰ কাৰ্যসূচী স্থিৰ কৰি কাৰ্য উপদেষ্টা সমিতিৰ প্রতিবেদন ঘোষণা কৰিব ৷ লগতে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে (Assam Legislative assembly Biswajit Daimary) অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ ৯ (১) নিয়মৰ অধীনত সদন পৰিচালনাৰ বাবে মনোনীত সভাপতিৰ নাম ঘোষণা, অধ্যাদেশ দাখিল, প্রতিবেদন, নিয়মাৱলী ইত্যাদি দাখিল, কৰা হ’ব ৷

বিধান সভাৰ বিভিন্ন সমিতিৰ প্ৰতিবেদন উপস্থাপন, চৰকাৰৰ বিভিন্ন সমিতি, পৰিষদ আদিলৈ সদস্য নির্বাচনৰ প্ৰস্তাৱ, ২০২২-২৩ চনৰ পৰিপূৰক দাবী আৰু পৰিপূৰক বিনিয়োজন তালিকা উপস্থাপন আৰু চৰকাৰী বিধেয়কসমূহ উপস্থাপন কৰা হ’ব পঞ্চদশ অসম বিধানসভাত (Fifteenth Assam Legislative Assembly) ।

২১ ডিচেম্বৰ, বুধবাৰ অৰ্থাৎ কাইলৈ প্ৰশ্ন আৰু চৰকাৰী বিধেয়কসমূহ উপস্থাপন কৰা হ’ব বুলি জানিবলৈ পৰা গৈছে ৷ ২২ ডিচেম্বৰ, বৃহস্পতিবাৰৰ কাৰ্যসূচী অনুসৰি প্ৰশ্নসমূহ, ২০২২-২৩ চনৰ মঞ্জুৰীৰ বাবে পৰিপূৰক দাবী আৰু বিনিয়োজনসমূহৰ ওপৰত ভোটদান আৰু ২০২২ চনৰ অসম বিনিয়োজন বিধেয়কখন উপস্থাপন, বিবেচনা আৰু পাৰ্টিকৰণ কৰা হ’ব বুলি জানিবলৈ দিয়ে ।

২৩ ডিচেম্বৰ শুকুৰবাৰে প্ৰশ্নসমূহ আৰু বে-চৰকাৰী সদস্যৰ কাৰ্যসূচী যেনে, বিধেয়ক, সংকল্প প্ৰস্তাৱ, বিশেষ প্ৰস্তাৱ আদি গ্ৰহণ কৰা হ’ব । ২৪ ডিচেম্বৰ অৰ্থাৎ শনিবাৰে অন্তিম দিনাৰ কাৰ্যসূচীত আছে প্রশ্নসমূহ, চৰকাৰী বিধেয়কসমূহ বিবেচনা আৰু পাৰ্টিকৰণ, যিকোনো অসমাপ্ত চৰকাৰী কাৰ্যসূচী ৷ ইয়াৰ পাছতে অনিৰ্দিষ্ট কালৰ বাবে স্থগিত হৈ পৰিব সদন ।

লগতে পঢ়ক : Rakesh Brahma held press conference: বিটিআৰৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষ্যে কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মৰ সংবাদ মেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.