ETV Bharat / state

The Assam Panchayat Amendment Bill 2023 : অসমৰ পঞ্চায়তী ব্যৱস্থাত আমূল পৰিৱৰ্তন; বিধানসভাত পঞ্চায়ত সংশোধনী বিধেয়ক গৃহীত

author img

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 8:32 PM IST

Updated : Sep 14, 2023, 9:28 PM IST

বিধান সভাত বৃহস্পতিবাৰে গৃহীত হ'ল পঞ্চায়ত সংশোধনী বিধেয়ক, 2023 ৷ সংশোধনী ঘটোৱা হয় পঞ্চায়ত আইন 1994 ৰ ৷

Assam Assembly Passes Panchayat Amendment Bill
বিধান সভাত বৃহস্পতিবাৰে গৃহীত হ'ল পঞ্চায়ত সংশোধনী বিধেয়ক, 2023

গুৱাহাটী, 14 ছেপ্টেম্বৰ : অসমত পঞ্চায়ত নিৰ্বাচনৰ ক্ষেত্ৰত আজিৰে পৰা সূচনা হ’ল এক নতুন পৰিক্ৰমা ৷ অসম বিধান সভাত বৃহস্পতিবাৰে গৃহীত হ'ল পঞ্চায়ত সংশোধনী বিধেয়ক, 2023 ৷ ইয়াৰ লগে লগে এই সংশোধিত পঞ্চায়তী ব্যৱস্থা অনুসৰি অনুষ্ঠিত হ'ব পৰৱৰ্তী পঞ্চায়ত নিৰ্বাচন ৷

এলানি গুৰুত্বপূৰ্ণ সংশোধনীৰে দুদিন পূৰ্বে চলিত বিধান সভাৰ শৰতকালীন অধিৱেশনত উত্থাপিত হৈছিল পঞ্চায়ত সংশোধনী বিধেয়ক, 2023 ৷ প্ৰায় তিনি ঘণ্টা জোৰা দফাই দফাই আলোচনাৰ পিছত সংশোধনী বিধেয়কখন সদনত পাৰিত কৰা হয় ৷ সংশোধনী ঘটোৱা হয় পঞ্চায়ত আইন 1994 ৰ ৷

Assam Assembly Passes Panchayat Amendment Bill
গৃহীত হ'ল পঞ্চায়ত সংশোধনী বিধেয়ক, 2023

কি কি প্ৰধান সংশোধনী ঘটিল অসমৰ পঞ্চায়ত নিৰ্বাচন ব্যৱস্থাত- ৱাৰ্ড সদস্যৰ নিৰ্বাচনত নাথাকিব কোনো দলীয় প্ৰতীক, ৱাৰ্ড সদস্যৰ দ্বাৰা নিৰ্বাচিত হ'ব গাওঁ পঞ্চায়তৰ সভাপতি, আঢ়ৈ বছৰলৈ সভাপতিৰ বিৰুদ্ধে আনিব নোৱাৰিব অনাস্থা প্ৰস্তাৱ, গাঁও পঞ্চায়ত (জি পি), আঞ্চলিক পঞ্চায়ত (এ পি), আৰু জিলা পৰিষদ (জেড পি)ৰ সভাপতি আৰু ভি পিৰ কাৰ্যকালৰ প্ৰথম 2.5 বছৰৰ বাবে অনাস্থা প্ৰস্তাৱ আনিব নোৱাৰিব, জিলা পৰিষদৰ সদস্যৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব Anti Defection Law, বেলটৰ পৰিবৰ্তে ইভিএমত হ’ব অসমৰ পঞ্চায়ত নিৰ্বাচন ৷

পঞ্চায়ত প্ৰাৰ্থীৰ বাবে শিক্ষাগত অৰ্হতা নিৰ্ধাৰণ কৰা হৈছে সংশোধিত আইনখনৰ জড়িয়তে ৷ জিলা পৰিষদ, আঞ্চলিক পঞ্চায়তৰ‌ প্ৰাৰ্থী হ'বলৈ উচ্চতৰ মাধ্যমিক, গাওঁ পঞ্চায়তৰ সদস্যৰ বাবে উচ্চ মাধ্যমিক উত্তীৰ্ণ হ’ব লাগিব প্ৰাৰ্থী, উপায়ুক্তৰ নেতৃত্বত জিলা ডিলিমিটেশ্যন কমিতিৰ জৰিয়তে পঞ্চায়তৰ সীমা নিৰ্ধাৰণ কৰা হ’ব, সংৰক্ষণৰ ক্ষেত্ৰত লটাৰী যোগে নিৰ্ধাৰণ কৰা হ'ব সমষ্টিৰ সংৰক্ষণ ৷ আনহাতে 10 টাতকৈ অধিক অনুসূচিত জাতি/জনজাতিৰ জনসংখ্যা থকা গাঁও পঞ্চায়তৰ(জিপি) ৱাৰ্ডত পুনানুক্ৰমত অনুসূচিত জাতি/জনজাতিৰ বাবে আসন সংৰক্ষণ ৱাৰ্ড সভাৰ সংবিধান জনসংখ্যাৰ ঘনত্বৰ ভিত্তিত জিলাসমূহৰ শ্ৰেণীবিভাজন, আৰু সেই অনুসৰি গাঁও পঞ্চায়তৰ সীমাৰ পুনৰ গঠন হ’ব ৷

লগতে পঢ়ক : Riniki Bhuyan Sarma land scam: মুখ্যমন্ত্রীৰ পৰিবাৰৰ ভূমি কেলেংকাৰী, বিৰোধীয়ে বিচাৰিলে তদন্ত

Last Updated : Sep 14, 2023, 9:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.