ETV Bharat / state

লকডাউন 4.0ঃ 100 শতাংশ কৰ্মচাৰীৰে কাম কৰিব পাৰিব ৰাজ্যৰ কাৰ্যালয়সমূহে

author img

By

Published : May 18, 2020, 10:57 AM IST

Updated : May 18, 2020, 8:15 PM IST

"আমি এই পৰ্যন্ত চৰকাৰী কাৰ্যালয়সমূহক 50 শতাংশ কৰ্মচাৰীৰে কাম কৰাৰ অনুমতি প্ৰদান কৰিছিলো কিন্তু এতিয়াৰ পৰা সম্পূৰ্ণ কৰ্মচাৰীৰে কাম কৰিব পাৰিব কাৰ্যালয়সমূহে" কুমাৰ সঞ্জয় কৃষ্ণই কয় । ইয়াৰ উপৰিও লোকসকলে সামাজিক দূৰত্ব মানি চলাৰ লগতে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক বুলি কয় মুখ্য সচিব গৰাকীয়ে ।

লকডাউন 4.0ঃ
লকডাউন 4.0ঃ

গুৱাহাটী,18 মেঃ লক ডাউন 4.0ৰ সময়ছোৱাত ৰাজ্যৰ কাৰ্যালয়সমূহ 100 শতাংশ কৰ্মচাৰীৰে পৰিচালনা কৰাৰ বাবে অনুমতি প্ৰদান কৰে ৰাজ্য চৰকাৰে । লগতে স্বতন্ত্ৰ ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহো খোলাৰ বাবে অনুমতি প্ৰদান কৰা হয় । মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই এক সংবাদমেল আয়োজন কৰি কয় যে, পূৰ্বৰ সান্ধ্য আইনৰ সময় সন্ধিয়া 6 বজাৰ পৰা পুৱা 6 বজাৰ সলনি সন্ধিয়া 7 বজাৰ পৰা পুৱা 7 কৰা হয় ।

"আমি এই পৰ্যন্ত চৰকাৰী কাৰ্যালয়সমূহক 50 শতাংশ কৰ্মচাৰীৰে কাম কৰাৰ অনুমতি প্ৰদান কৰিছিলো কিন্তু এতিয়াৰ পৰা সম্পূৰ্ণ কৰ্মচাৰীৰে কাম কৰিব পাৰিব কাৰ্যলয়সমূহ" কুমাৰ সঞ্জয় কৃষ্ণই কয় । ইয়াৰ উপৰিও লোকসকলে সামাজিক দূৰত্ব মানি চলাৰ লগতে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক বুলি কয় মুখ্য সচিব গৰাকীয়ে ।

ইয়াৰ বিপৰীতে স্বতন্ত্ৰ ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহৰ ক্ষেত্ৰত পূৰ্বৰ বাধ্য-বাধকতাসমূহ আঁতৰাই প্ৰতিষ্ঠানসমূহ খোলাৰ বাবে অনুমতি প্ৰদান কৰা হয় । এই সন্দৰ্ভত প্ৰয়োজনীয় নিয়মাৱলীসমূহ সোমবাৰে বিস্তৃতভাৱে জনোৱা হ'ব বুলি মন্তব্য কৰে কুমাৰ সঞ্জয় কৃষ্ণই । চিটি বাছসমূহৰ উপৰিও আন্তঃজিলা বাছসমূহ পূৰ্বৰ দৰে 50 শতাংশ যাত্ৰীৰে চলাচল কৰিব পাৰিব । লগতে দুচকীয়া আৰু চাৰিচকীয়া বাহন, অট'ৰিক্সাসমূহৰ ক্ষেত্ৰটো পূৰ্বৰ আইন প্ৰযোজ্য হ'ব ।

আনহাতে, কন্টেইনমেন্ট জ'নসমূহৰ ক্ষেত্ৰত কোনো শিথিলতা প্ৰদান কৰা হোৱা নাই । দেওবাৰে সন্ধিয়া গৃহ মন্ত্ৰণালয়ে প্ৰযোজ্য কৰা নীতিসমূহৰ বহিৰ্ভূত সকলো ধৰণৰ কাৰ্যৰ পৰাই বিৰত থাকিব লাগিত ৰাজ্যৰ জনগণ ।

লগতে পঢ়ক-লকডাউন ৪.০ : কি কি নতুন নিয়মাৱলী !

Last Updated : May 18, 2020, 8:15 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.