ETV Bharat / state

ভয়াৱহ বানৰ কৱলত ৰাজ্য; ২৪ ঘণ্টাত ২ লক্ষাধিক লোক ক্ষতিগ্ৰস্ত - লাখ লাখ লোক বানত প্ৰভাৱিত হোৱাৰ উপৰি পশুধনৰো ব্যাপক ক্ষতিসাধন হৈছে

বানৰ কৱলত ৰাজ্যৰ ১৫ খন জিলাৰ ৩৪ টা ৰাজহ চক্ৰৰ মুঠ ৫১২ খন গাঁও । ৰাজ্যৰ ১৫ খন জিলাৰ ১৬,৩৩৮ হেক্টৰ কৃষিভূমি বানত বিনষ্ট । অসমৰ ভিতৰত লখিমপুৰ জিলাত সৰ্বাধিক ৯১,৪৩৭ গৰাকী বাঢ়নী পানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে । সাতখন জিলাত ৬২ টা আশ্ৰয় শিবিৰ আৰু সাহায্য সামগ্ৰী বিতৰণ শিবিৰ স্থাপন । বানৰ ফলত ৰাজ্যখনৰ বঙাইগাঁও, চিৰাং, গোলাঘাট, মাজুলী আদি জিলাত ২৭ টা পথ বিধ্বস্ত ।

Assam flood
ভয়াৱহ বানৰ কৱলত ৰাজ্য
author img

By

Published : Aug 29, 2021, 4:54 PM IST

গুৱাহাটী, ২৯ আগষ্ট : ৰাজ্যৰ বান পৰিস্থিতিয়ে ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে । এখনৰ পাছত আনখনকৈ জিলা বানৰ কৱলত পৰিছে । অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ (Assam State Disaster Management Authority) তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত অসমৰ ১৫ খন জিলাৰ মুঠ ২,২৫,৫০১ গৰাকী লোক বানৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে । প্ৰৱল বৰষুণৰ বাবে বাক্সা, বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, চিৰাং, ধেমাজি, ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, লখিমপুৰ, মাজুলী, মৰিগাঁও, শিৱসাগৰ, শোণিতপুৰ আৰু তিনিচুকীয়া জিলা ভয়ংকৰ বানৰ কৱলত পৰিছে ।

Assam flood
ভয়াৱহ বানৰ কৱলত ৰাজ্য

এখনৰ পাছত আনখন গাঁও প্লাৱিত হৈছে । বানৰ কৱলত পৰা ৰাইজক উদ্ধাৰ কৰাৰ বাবে স্থ‍ানীয় প্ৰশাসনৰ লগতে এন ডি আৰ এফ (NDRF) আৰু এছ ডি আৰ এফৰ (SDRF) লোক নিয়োজিত হৈ আছে । লাখ লাখ লোক বানত প্ৰভাৱিত হোৱাৰ উপৰি পশুধনৰো ব্যাপক ক্ষতিসাধন হৈছে । তথ্য মতে এতিয়ালৈকে বানত সৰু-বৰ ১,৩৩,৯০৭ টা পশুধন ক্ষতিগ্ৰস্ত হৈছে ।

এতিয়ালৈ বহু সংখ্যক লোকৰ উপৰিও পশুধনক বানৰ কৱলৰ পৰা উদ্ধাৰ কৰিছে নিয়োজিত হৈ থকা উদ্ধাৰকাৰী দলে । ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহে সৃষ্টি কৰা বাঢ়নী পানীৰ ফলত ৰাজ্যখনৰ ১৫ খন জিলাৰ ৩৪ টা ৰাজহ চক্ৰৰ সৰ্বমুঠ ৫১২ খন গাঁও ক্ষতিগ্ৰস্ত হৈছে ।

Assam flood
ভয়াৱহ বানৰ কৱলত ৰাজ্য

ইফালে প্ৰলয়ংকাৰী বানত ব্যাপক হাৰত ক্ষতিগ্ৰস্ত হৈছে শস্যভূমি । এতিয়ালৈকে ৰাজ্যৰ ১৫ খন জিলাৰ ১৬,৩৩৮ হেক্টৰ কৃষিভূমি বানত বিনষ্ট হৈছে । অসমৰ ভিতৰত লখিমপুৰ জিলাত সৰ্বাধিক ৯১,৪৩৭ গৰাকী বাঢ়নী পানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে ।

Assam flood
২৪ ঘণ্টাত ২ লক্ষাধিক লোক ক্ষতিগ্ৰস্ত

ইয়াৰোপৰি মাজুলীত ৪৭,৭৫২ গৰাকী, ধেমাজিত ৩১,৮৩৯ গৰাকী, বঙাইগাঁৱত ১২,৮৩২ গৰাকী, ডিব্ৰুগড়ত ১১,১৫৭ গৰাকী লোক বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে । আনহাতে বানাক্ৰান্ত ৰাইজৰ বাবে সাতখন জিলাত ৬২ টা আশ্ৰয় শিবিৰ আৰু সাহায্য সামগ্ৰী বিতৰণ শিবিৰ স্থাপন কৰা হৈছে । বৰ্তমানলৈ আশ্ৰয় শিবিৰত প্ৰায় সাত হাজাৰ লোকে আশ্ৰয় গ্ৰহণ কৰি আছে ।

Assam flood
২৪ ঘণ্টাত ২ লক্ষাধিক লোক ক্ষতিগ্ৰস্ত

শেহতীয়া বানৰ ফলত ৰাজ্যখনৰ বঙাইগাঁও, চিৰাং, গোলাঘাট, মাজুলী আদি জিলাত ২৭ টা পথ বিধ্বস্ত হৈছে । শোণিতপুৰ আৰু চিৰাং জিলাত দুখন দলং খহি পৰাৰ তথ্য সদৰি কৰিছে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই । আনহাতে বাক্সা, বিশ্বনাথ, বঙাইগাঁও, ডিব্ৰুগড়, গোৱালপাৰা, কামৰূপ, কোকৰাঝাৰ আদি জিলাত বানৰ ফলত ভয়াৱহ খহনীয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক :বৰপেটাৰোডত মটৰ শ্ৰমিক ইউনিয়নৰ যৌথ সভা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.