ETV Bharat / state

New year resolution of AGP: নতুন বছৰত অসম গণ পৰিষদৰ নতুন সংকল্প

নতুন বছৰত অসম গণ পৰিষদৰ নতুন সংকল্প হ’ব শক্তিশালী ভাতৃত্ববোধ দৰ্শনশীল কৰ্মসংস্কৃতিৰ আধাৰত স্বনিৰ্ভৰশীল অসম নিৰ্মাণ কৰা(New year resolution of AGP) ৷ দলৰ মুখ্য কাৰ্যালয়ত সাংবাদিকৰে মত বিনিময় অনুষ্ঠানত এই মন্তব্য অগপৰ সভাপতি অতুল বৰাৰ ৷

New year resolution of AGP
নতুন বছৰত অসম গণ পৰিষদৰ নতুন সংকল্প
author img

By

Published : Dec 30, 2022, 11:06 PM IST

Updated : Dec 31, 2022, 10:55 AM IST

নতুন বছৰত অসম গণ পৰিষদৰ নতুন সংকল্প

গুৱাহাটী , 30 ডিচেম্বৰ: আগন্তুক নতুন বছৰটো ভাতৃত্ববোধ আৰু স্বনিৰ্ভৰশীল হওক । 2023 বছৰটো অসম গণ পৰিষদৰ নতুন সংকল্প হ’ব শক্তিশালী ভাতৃত্ববোধ দৰ্শনশীল কৰ্মসংস্কৃতিৰ আধাৰত স্বনিৰ্ভৰশীল অসম নিৰ্মাণ কৰা ৷ এই মন্তব্য অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ । নৱবৰ্ষৰ প্ৰাকক্ষণত শুকুৰবাৰে অসম গণ পৰিষদ দলে দলৰ মুখ্য কাৰ্যালয়ত পূৰ্বৰ দৰে এইবেলিও সাংবাদিকৰ সৈতে এক মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰে ।

এই অনুষ্ঠানত মন্ত্ৰী অতুল বৰাই নৱবৰ্ষত দলটোৱে সাংঠনিক ভেঁটি শক্তিশালী কৰিবৰ বাবে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেই বিষয়ত বক্তব্য আগবঢ়ায় । তেওঁ সমষ্টি পুনঃ নিৰ্ধাৰণ সম্পৰ্কত দলৰ মজিয়াত আলোচনা কৰাৰ কথা জানিবলৈ দিয়ে ৷ তেওঁ লগতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ নিৰ্বাচনী আয়োগৰ সিদ্ধান্তক আদৰণি জনায় । তেওঁ ইয়াৰ লগতে দলৰ পৰা যিসকল বাদ পৰিছে বা আঁতৰি আছে তেওঁলোকক পুনৰ ঘূৰাই অনাৰ বাবে দলে পদক্ষেপ গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে ৷

মন্ত্ৰী বৰাই লগতে আগন্তুক বৰ্ষত দলত নতুন সদস্য অৰ্ন্তভুক্তিৰ বাবে দলে কাম কৰাৰ কথা জানিবলৈ দিয়ে ৷ ইয়াৰ লগতে অসমীয়া জাতি জনগোষ্ঠীক যাতে দলে প্ৰতিনিধিত্ব কৰিব পাৰে তথা তেওঁলোকৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিব পাৰে তাৰ বাবে অগপ দলে কাম কৰাৰ কথা ব্যক্ত কৰে ৷ আনহাতে চুবুৰীয়া ৰাজ্যৰ মাজত মাজে মাজে সৃষ্টি হোৱা বিভিন্ন সমস্যা তথা সীমা সমস্যা সম্পৰ্কে কয় যে, এই সমস্য সমাধান এক দীঘলীয়া অধ্যায় ।
এই সমস্যা কংগ্ৰেছে ৰচনা কৰি থৈ গ'ল, সমস্যাটোক কংগ্ৰেছে জীয়াই ৰাখিলে । কেন্দ্ৰীয় চৰকাৰে চুবুৰীয়া ৰাজ্যৰ লগত থকা সীমা সমস্যা মীমাংসা কৰিব বুলি তেওঁ আশাবাদী বুলি উল্লেখ কৰে ।

আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনত অগপ দলে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথাও তেওঁ জানিবলৈ দিয়ে ৷ ইফালে আগন্তুক দিনত স্বনিৰ্ভৰশীল হ’বলৈ প্ৰয়াস কৰাৰ বাবে আহ্বান জনায় মন্ত্ৰী কেশৱ মহন্তই । তেওঁ সকলোকে দলেবলে অগপলৈ আহি দলটোক শক্তিশালী কৰিবলৈ অনুষ্ঠানত আহ্বান জনায় । এই অনুষ্ঠানত সভাপতি তথা মন্ত্ৰী অতুল বৰা, কাৰ্যকৰী সভাপতি মন্ত্ৰী কেশৱ মহন্তৰ লগতে সাধাৰণ সম্পাদক তথা কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক : Alcohol banned in picnic spots: বনভোজ সম্পৰ্কীয় চৰকাৰৰ সিদ্ধান্তক অদূৰদৰ্শী আখ্যা প্ৰদেশ কংগ্ৰেছৰ

Last Updated : Dec 31, 2022, 10:55 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.