গুৱাহাটী, 28 ছেপ্টেম্বৰ : সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অসম আশা কৰ্মী আৰু চুপাৰভাইজাৰ সন্থাৰ উদোগত যুটীয়াভাৱে এখন সংবাদমেল আয়োজন কৰা হয় ৷
এই সংবাদমেলত আশা কৰ্মী চুপাৰভাইজাৰ সকলক আজি পৰ্যন্ত NHM ত অন্তৰ্ভূক্ত নকৰাৰ কথা উত্থাপন হোৱাৰ লগতে তেওঁলোকক মাত্ৰ ফেচিলেটৰ হিচাপেহে ৰখা হৈছে বুলি প্ৰশ্ন উত্থাপন কৰিছে ৷ স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ এই প্ৰশ্ন কৰিছে সদৌ অসম আশা কৰ্মী আৰু চুপাৰভাইজাৰ সন্থাই ৷
ইয়াৰ উপৰিও তেওঁলোকে ২০১৮ বৰ্ষৰ ৩ফেব্ৰুৱাৰীত মন্ত্ৰীয়ে ঘোষণা কৰা ৭৫০০ টকাৰ মাননী হঠাৎ কি কাৰণত বন্ধ হ'ল বুলিও সংবাদমেলৰ জৰিয়তেই প্ৰশ্ন কৰে ৷ কৰ’ণা মহামাৰীৰ সময়ত সকলো ত্যাগ কৰি সন্মুখৰ পৰা আশা কৰ্মী সকলে কাম কৰি আহিছে যদিও অন্য কৰ্মচাৰীৰ দৰে তেওঁলোকে কোনো ধৰনৰ সা-সুবিধা নোপোৱা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ৷
লগতে পঢ়ক : আজিৰে পৰা পুনৰ মাজুলীলৈ আৰম্ব হ’ব ফেৰী সেৱা