গুৱাহাটী, ১১ জুন : গোৱালপাৰাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (ASP) আৰু উপ পৰিদৰ্শক সুমিত তালুকদাৰৰ নেতৃত্বত মেঘালয়ৰ পশ্চিম গাৰো পাহাৰত চলিছিল বিশেষ অভিযান । দুধনৈ আৰক্ষী থানাৰ গোচৰ নং ৬৫/২১ ৰ ৪১৩/৪৬৮ /৪৭৬/৩৭৯/৪১১ ধাৰাৰ অধীনত আৰক্ষীয়ে ৰাজবালা আৰক্ষী চকী আৰু ফুলবাৰী আৰক্ষী থানাৰ অধীনৰ বিভিন্ন স্থানত তালাচী চলাইছিল ।

বৃহস্পতিবাৰে নিশা চলা এই অভিযানত দুখনকৈ চুৰি বাহন জব্দ কৰিবলৈ সক্ষম হয় । ইয়াৰে এখন মটৰ চাইকেল আৰু এখন বলেৰো পিক আপ ভান ।

লগতে এই চুৰি কাৰ্যত জড়িত তিনিগৰাকীকৈ লোককো আটক কৰিবলৈ সক্ষম হয় আৰক্ষী । নুৰ আলম, ৰছিদুৰ মণ্ডল আৰু ৰহমত মিঞা নামৰ লোক কেইজন জড়িত আছিল বাহন কেইখন চুৰি কাৰ্যত ।

আৰক্ষীয়ে জনোৱা মতে নুৰ আলমে অসমৰ পৰা চুৰি কৰি লৈ যোৱা বাহনবোৰ সংগ্ৰহ কৰি বিক্ৰীৰ ব্যৱস্থা কৰে । ৰছিদুৰ মণ্ডলে নুৰ আলমৰ সৈতে কাম কৰে আৰু চুৰি হোৱা বলেৰো বাহন খন ক্ৰয় কৰিছিল । আনহাতে ৰহমত মিঞাই নুৰ আলমৰ পৰা চুৰি মটৰ চাইকেলখন ক্ৰয় কৰিছিল ।
লগতে পঢ়ক:চুৰিকাণ্ডৰ 24 ঘন্টাৰ ভিতৰতে তেজপুৰ আৰক্ষীয়ে ধন সহ আটক কৰিলে চোৰক